পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


জনে জনে সকলো ভক্তৰ নাম কাঢ়ি বাৰ্তা পুছি সকলো বাৰ্তা শুনি সন্তোষ পালে। মাধৱদেৱে বিশেষকৈ সখিয়েকৰ বাৰ্তা পুছিলত, পৰমানন্দই কলে “বাপ, আপুনি অহাৰ দিনাৰপৰা পিতৃদেৱ মৰণান্তিক হৈ বিষাদ মনেৰে থাকে। পিতাই কাৰ মুখে আপোনা বাৰ্ত্তা পাব তাকেহে চিন্তি থাকে; এতিয়া মোকে বাৰ্তা লবলৈ পঠিয়াই দি বাটলৈ চাই আছে।” এই কথা শুনি মাধৱদেৱ সলোতক হৈ কিছুমান বেলি মৌন হৈ থাকিল। পৰমানন্দক মাধৱদেৱে কিছু দিন ৰাখি খুৱাই-বুৱাই তেওঁৰ বৃদ্ধ পিতা-মাতাৰ ওচৰলৈ পঠিয়াই দিলে। ঠাকুৰ আতাই পুতেকক উভতি অহা দেখি ঠগি আগবঢ়াই মাধৱদেৱৰ আৰু সকলোে সেৱকৰে সৈতে থানৰ বাৰ্ত্তা শুধি শুনি পৰম সন্তোষ পালে।

 নিষ্কাম মহাপুৰষীয়া ধৰ্ম্মৰ ওপৰত কৰ্ম্মী ব্ৰাহ্মণৰ বিদ্বেষ সদায়। শঙ্কৰদেৱৰ গোটেইটো সুদীৰ্ঘ জীৱন তেওঁলোকৰ বিদ্বেষ-বাণত জৰ্জ্জৰিত হৈছিল; মাধৱদেৱৰো দীৰ্ঘ জীৱন সেইদৰে জলা-কলা। আশ্চৰ্য্যৰ বিষয় এই হে যে এতিয়াও এই কুৰি শতিকাৰ উদাৰ পাশ্চাত্য সভ্যতা আৰু বিজ্ঞানৰ দিনতো মহাপুৰুষীয়া ধৰ্ম্মৰ প্ৰতি উদ্গিৰিত সেই বিদ্বেষ- বিষৰ জইন মৰা নাই।

 বেহাৰ ৰাজ্যৰ ব্ৰাহ্মণসকলে ৰজা লক্ষীনাৰায়ণক সেই পুৰণি খল লগালে যে মাধৱে আৰু তেওঁৰ ভকতবোৰে পিতৃ-শ্ৰাদ্ধ মাতৃ-শ্ৰাদ্ধ নকৰে, এতেকে তেওঁলোক অনাচাৰী। ৰজাই এই অভিযোগ শুনি মন্ত্ৰীসকলক সেইটো সঁচা নে মিছা পৰীক্ষা কৰিবলৈ কলে। ৰজাঘৰৰ এই খবৰ মাধৱদেৱৰ কাণত পৰিলত, তেওঁ বিঘিনিৰ আশঙ্কা কৰি সকলো ভকতক সাৱধানে থাকি চলিবলৈ কলে, আৰু শ্ৰাদ্ধ কৰিবলৈ কলে। ভকতসকলক তেওঁ আৰু কৈ দিলে যে “তোমালোকে বস্তু কিনিবলৈ বজাৰলৈ গলে পোহাৰীয়ে যি বস্তুৰ যি মুল্যকে বলে তাকে দি লৈ আহিবা, পোহাৰীৰ মুখৰ ফালে দৃষ্টি নকৰিবা। ওলাওঁতে সোমাওঁতে সকলো কাৰ্যতে তোমালোক সাৱধান হৈ চলিবা। যেতিয়ালৈকে আমাৰ ওপৰত ৰজাৰ প্ৰত্যয় নহয়, তেতিয়ালৈকে খুব সাৱহিত হৈ থাকিবা।” গুৰুজনৰ আজ্ঞা শিৰত ধৰি ভকতসকলে সেই দিনাৰপৰা সাৱধানে চলিবলৈ ধৰিলে; আৰু বাৎসৰিক শ্ৰাদ্ধ কৰিবলৈ ধৰিলে। শ্ৰীৰাম আতাই শ্ৰাদ্ধ নকৰা দেখি ভকতসকলে