এদিন সকলো ভকতে একত্ৰ হৈ মাধৱদেৱক প্ৰাৰ্থনা কৰি শুধিলে
“বাপ, আবিৰ্ভাব তিৰোভাব ঈশ্বৰৰ আছে; এতেকে আপোনাৰ পিছত
ধৰ্মৰ গুৰু ভাৰ কোনে লব?” এই প্ৰশ্ন শুনি মাধৱদেৱ নামাতি থাকিল।
তিন দিনৰ মূৰত তেওঁ ভকতসকলক কলে “বৃদ্ধাঙ্গুষ্ঠিৰে যি পৃথিবীখন
ধৰিব পাৰিব সিহে ধৰ্মৰ এই গুৰুভাৰ লব পাৰিব। যাক যি কালত
এই ভাৰ অৰ্পণ কৰা হব, সেইজন পুৰুষ সেই কালত আপুনি ব্যক্ত হব।*
জগতৰ ঈশ্বৰ প্ৰকৃত গুৰু ৰূপে প্ৰকাশ হয়; তেওঁক সেৱা কৰি জীৱই
সংসাৰ তৰে। বিশেষত, গুৰুসেৱা পৰম দুৰ্ল্লভ কাৰ্য্যক কোনে সহজে
সুলভ কৰিব পাৰে। পূৰ্ব্বত মাৰ্কণ্ডেয় ঋষিয়ে গুৰুসেৱা কৰিছিল।
প্ৰহলাদেও আনন্দমনেৰে গুৰুসেৱা কৰিছিল। লক্ষণ আৰু হনুমন্তইও
গুৰুসেৱা কৰিলে। আমিও অলপ-অচৰপ গুৰুসেৱা কৰিছোঁ।”
এদিন উৰ্বশীয়ে ৰামচৰণ ঠাকুৰক মাধৱদেৱৰ সুখ দুখৰ বাতৰি লবলৈ বেহাৰলৈ পাচিলত, ৰামচৰণে ৮ দিন মানৰ মুৰত মোমায়েকৰ ওচৰ পালেগৈ। মাধৱদেৱে তেওঁক সকলো বাৰ্তা শুধি পুছি, লগতে কিছুদিন ৰাখি আকৌ পঠিয়াই দিলে; আৰু কীৰ্ত্তন পুথিখন গোটাই আনিবলৈ পুনৰ্বাৰ কলে। ৰামচৰণে ঘৰ পাই পিতৃ মাতৃৰ আগত মাধৱদেৱৰ সকলো বাতৰি কৈ তাৰ পিছত ঠায়ে ঠায়ে গৈ বিচাৰি কীৰ্ত্তনঘোষা পুথিখন একেঠাই কৰিলে। নাৰায়ণ ঠাকুৰে পুতেক পৰমানন্দক মাধৱদেৱৰ বাৰ্তা লবলৈ পঠিয়াই দিলে। পৰমানন্দই আহি উপস্থিত হৈ প্ৰণাম কৰিলত, মাধৱদেৱে তেওঁক
“বাহীত” ছপা হোৱা গুৰুচৰিত্ৰ পুথিত আছে-“তিনি কুৰি ভকত একত্ৰ হৈ এদিন মাধৱদেৱত জনাইছে; আবিৰ্ভাব তিৰভাব ঈশ্বৰৰ আছে; অতএব আপোনাৰ লীলা সম্বৰণ হলে কাক আশ্ৰয় কৰা হব”। একো উত্তৰ নিদিলে। দুনাই শুধিবৰ নিমিত্তে কোনোৱে সাহস নকৰিলে। গুৰুৰে তিনি দিন মনে মনে ভাবি কোনো এজন ভকতক বিশেষ উপযুক্ত যেন নেদেখি সেৱক সকলক জনাইছে, আমি ধৰ্ম থাপিৰৰ লোক নিৰ্ণয় কৰিব নোৱাৰিলোঁ আপোনাসকলে এজন লোক ঠিক কৰি দিলে তেওঁকে আজ্ঞা কৰিব পৰা যায়। ভকতে জনাইছে, আপুনি বিচাৰি নিদিলে আমালোকে কেনেকৈ বিচাৰি দিব। মাধৱে কৈছে, সকলো লুতিয়া, অতএব ঘোষা শাস্ত্ৰখনিতে সকলো বস্তু থোৱা হৈছে; আমাৰ স্বৰূপ আছে; যিজন লোকে এই গ্ৰণ্ঠ খনিৰ অৰ্থ বিচাৰিব সেইজনে আমাক পাব। সকলো বৰ বীৰ্য্য এই ঘোযাতে আছে। গুৰুৰ লক্ষণযুক্ত পোৱা টান॥ শিশুৰ লক্ষণ থকাহলেও হলহেঁতেন। কোনো জনত নাই। বিশেষক গুৰু সেৱাকাৰি ভকতো নাই। পুৰ্ব্বে মাৰ্কেণ্ডেয় ঋষি লক্ষ্মণে আৰু প্ৰহলাদে গুৰু সেৱা কৰিছিল; আমিও কিছু কৰা হৈছে। যেই সেই লোকে গুৰুভাৰ লোৱা টান; এতেকে আমি কাকো বুলিৰ নোৱাৰিলে৷”