পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


মধুৰাদাস মাধৱদেৱৰ পাশত কিছুদিন থকাৰ পিছত এদিন মাধৱদেৱে তেওঁক কলে “মথুৰাদাস, তুমি বৰপেটালৈ উভতি যোৱা, পোৰা ভেটিত আকৌ বন্তিৰ প্ৰকাশ কৰাগৈ।” মথুৰাদাসে বিনীত ভাৱে কলে “বাপ, আপোনাৰ পাশত থাকিম বুলিহে অহা হৈছে। বৰপেটাত আৰু কি আছে যে এই দাস তালৈ উভতি যাব। আপুনি গুচি আহিল, তাত আৰু কোনে কি দিব যে বস্তি জ্বলিব?” এই কথা শুনি মাধৱদেৱে যদুমণি আতৈক কলে “যদুমণি, তুমি ভাণ্ডাৰৰপৰা দুখনি বস্ত্ৰ আৰু দুটি টকা আনা।” যদুমণিয়ে টকা আৰু বস্ত্ৰ আনি তেওঁৰ আগত দিলত, মাধৱদেৱে বুঢ়া আতাক ওচৰ চাপি আহিবলৈ কলে। বুঢ়াআতাই ওচৰ চাপি আহি মাধৱদেৱক প্ৰণাম কৰিলত, মাধৱদেৱে পাঁচ বৰণীয়া মালা তেওঁৰ মূৰত দি আৰু দোপাতি কাপোৰ দি আশীৰ্বাদ কৰি কলে “মধুৰাদাস, তোমাক আজিৰ পৰা বৰপেটা থানৰ অধিকাৰ পাতিলোঁ। এই দুটি টকা তোমাক মই কৰ দিলো; সকলো সেৱকে এই কথা শুনি তোমাক কৰ দিব। বৰপেটা থান মোৰ মথুৰানগৰ;তাৰ তোমাক মই যুবৰাজ পাতিলোঁ। শুনা মথুৰাদাস, তোমাক কওঁ-পৰ্শুকুণ্ডৰপৰা বৰ নদীলৈকে সীমা কৰি এই ঠাই- ডোখৰ এজন শ্ৰেষ্ঠপুৰুষৰ নিমিত্তে থলোঁ। বৰনদীৰপৰা সোণকোঁহলৈকে এই ডোখৰ মাজৰ ৰাজ্য তোমাক দিলোঁ। সোণকোঁহৰপৰা কৰতোয়া নদীলৈকে এই ডোখৰ এই মই বুঢ়াগোটৰ নিমিত্তে ৰাখিলোঁ। এইদৰে এই তিনি ৰাজ্য বিভাগ কৰিলোঁ।” এই কথাৰ পিছত মাধৱদেৱে মথুৰা- দাস আতক ঘোষা কীৰ্ত্তন কৰিবলৈ আজ্ঞা দিলত, মথুৰাদাসে ওঠৰ পালীৰে সৈতে ঘোষা কীৰ্তন কৰিলে। সেই কীৰ্ত্তনত বুঢ়া আতাই তিনটি নতুন ঘোষা যোগ দি গোৱা শুনি মাধৱদেৱে তেওঁক শুধিলে যে “এই তিনটি সুন্দৰ ঘোষা মই কৰা মনত নপৰে।” মথুৰাদাসে কলে “বাপ, এই তিনটি মোৰ ৰচনা। আপোনাক উদ্দেশ কৰি কৰা হৈছে। এতেকে বাপ, আপুনি প্ৰসন্ন হৈ দাসৰ প্ৰতি কৃপা কৰক।” ঘোষা তিনটি- ৰামচন্দ্ৰ স্বৰ্গে চলি গৈলা। অযোধ্যা নগৰী শুন্য ভৈলা॥ মাধৱক দৰশন পাইলোঁ। আনন্দ কৰি হৰি গুণ গাইলোঁ॥ মাধৱ বান্ধৱ দেৱ হৰি। কৰা কৃপা দোষ ক্ষমা কৰি॥