তেওঁক আগবঢ়াই নি সমাদৰ কৰি বহুৱাই, অনেক শাস্ত্ৰৰ কথা আলাপ
কৰি সন্তোষ পাই মধু বচনেৰে বিদায় দিলে। এনে হোৱা দেখি আইধাইৰ
মনত আনন্দৰ পাৰ নোহোৱা হল।
আগৰ কালৰ উড়িষ্যাৰ পুৰুমোত্তম গজপতি ৰজাই এদিন তেওঁৰ সভাৰ পণ্ডিতসকলক কলে যে যি অনেক শাস্ত্ৰ বিচাৰি তাৰপৰা তত্ত্ব উদ্ধাৰ কৰি নামৰ মাহাত্ম্য সংগ্ৰহ কৰি এখন শাস্ত্ৰ প্ৰকাশ কৰি তেওঁক দিব সেইজনক তেওঁ পুৰস্কাৰ দিব। এই আজ্ঞা শুনি তেওঁলোকৰ ভিতৰৰ এজন শুদ্ধসত্ত্ব পণ্ডিতে নামৰ মাহাত্ম্যবোৰ একত্ৰ কৰি নাম-মালিকা নামে শাস্ত্ৰ এখন সংগ্ৰহ কৰি দি সেই পুৰস্কাৰ ললে। বিৰূকাৰ্য্য়েীয়ে সেই পুথিখন কোচ- বেহাৰ ৰজা লক্ষ্মীনাৰায়ণৰ ৰজাৰ ভাণ্ডাৰত পাই তাৰ পৰা আনি, প্ৰথমতে এজন ব্ৰাহ্মণক, তাৰ পিছত এজন কায়স্থক তাৰ পদ ভাঙনি কৰিবলৈ দিলে; কিন্তু তেওঁলোকৰপৰা সেই কাৰ্য্য সুকলমে নোহোৱা দেখি, কাজীয়ে পুথিখন মাধৱদেৱক দি পদ কৰিবলৈ কলে। মাধৱদেৱে হৰিষমনেৰে নানা ছন্দেৰে তাৰ পদ কৰি বিৰূকাজীক দিলত, কাজীয়ে মহা সন্তোষ পাই মাধৱদেৱক প্ৰশংসা কৰিবলৈ ধৰিলে।*
“এই ভেলাদুৱাৰ সত্ৰত থাকোতেই মাধৱদেৱে ঘোষা শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি কুলুপৰ ছন্দত ঘোষা প্ৰস্তুত কৰিলে, যাতে ভকতসকলে দিনৌ তাৰে প্ৰসঙ্গ কৰিব পাৰে। এই ঘোষাক নাম-ঘোষা বোলে। শৰণ, ভজন, নিন্দা, স্তুতি, উপদেশ, প্ৰাৰ্থনা, কাকূতি, খেদ আদি চৌবিশ কুলুপত এই
- নাম-মালিক পুথিৰ সম্পৰ্কে দৈত্যাৰি ঠাকুৰ বিৰচিত ছপা পুথিত আছে-
“বীৰুকাৰ্য্য এক দিন, পাই পুথি একখানি, তাৰ নাম নাম-মালিকা। এক ব্ৰাক্ষনক আৰ, এক কায়স্থক বোলে, আৰ পদ কৰি দুয়ো লেখা॥ মাধৱদেৱকো বোলে, তুমিও কৰিও পদ, হেন শুনি তিনিও গৈলন্ত পৰম যতন মনে, পাছে তাৰা তিনিজনে, পদ কৰিবাক লাগিলন্ত॥ কৰিলা মাধৱদেৱে, এক পক্ষে পদ সাঙ্গ, তিনি মাসে কায়স্থে কৰিল। ব্ৰাক্ষ্মণে কৰিলা পদ ছয় মাসে সাজ ভৈল, বিৰূপাঞ্চ কাজীয়ে দেখিল॥ চাহিলা তিনিও খান, পুৰ্ব্বাপৰ কৰি মন, সিতো দুই খানক এড়িল। নিদূৰ্ষণ সুস্থ শুদ্ধ, দুবস দেখিয়া দেব, মাধৱৰ খনৰক ৰাখিল॥ মনত সন্তোসে আতি, বুলিলেক পাছে মাতি পোৱাতীসে জানিবা নিশ্চয়। কেচুৱা কোলে লৈবে জানে, নজানয় জানা আনে, আতে এহি দৃষ্টান্ত ছোৱয়॥ এহিমতে মাধৱক, প্ৰশংসিলা বহুতৰ, বিদ্ধ কাৰ্য্যী মহা তুষ্ট মনে। সাম-মালিকাৰ পদ, কৰিলা মাধৱদেৱে, জানা বিৰূকাৰ্য্যীৰ বচনে॥”