পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


দুখ সোনকালে গুচাব লাগে; তোমাৰ বাহিৰে কোনেও মোৰ এই দুখ গুচাব নোৱাৰে। তুমি নগৰৰ ভিতৰলৈ সোনকালে টোৰোচা নৈখন আনি দিয়া, তেনেহলে মই ওচৰতে স্নান কৰিব পাৰোঁ” ৰজাই কলে “আই, মোৰ এনে কৰিবৰ সাধ্য নাই।” আইধায়ে কলে “তুমি মহাৰাজা, নিশ্চয় তোমাৰ শকতি আছে। প্ৰিয়ব্ৰত ৰজাই দেখোন সাগৰ কৰিলে; এতিয়া তুমি ক্ষুদ্ৰ নদী এখনকে আনি দিব নোৱাৰিবা নে?” এই কথা শুনি ৰজাই হাঁহি কলে “আই, আগৰ কালৰ ৰজাৰে সৈতে মোৰ তুলনা কৰিলা নে? সত্যকালৰ ৰজা মহাপৰাক্ৰমী আছিল; মই তেওঁলোকৰ সমান কেনেকৈ হম?” বজাৰ কথা শুনি আইধায়ে হাঁহি উত্তৰ দিলে “বাপু, তুমি ঠিক কৈছা; কাল অনুসৰি লোকৰ শক্তিৰ তাৰতম্য ঘটে। যেনেকৈ এই কালত তুমি ৰজা হলা, সেইদৰে ভক্তসকলো এই কালৰ অনুযায়ী হৈছে। এতেকে মাধৱদেৱ এই কালত উত্তম ভক্ত; তাকে জানি তেওঁক ভকতি কৰিব লাগে।” এই উত্তৰ শুনি ৰজাই লাজ পাই, তেতিয়াই মাধৱদেৱৰ নিমিত্তে ঘৰ কৰাই দিবলৈ আজ্ঞা দিলে। আইধায়ে আনন্দিত হৈ দলৈৰ মাটি লৈ ভেলাদুৱাৰত মাধৱদেৱলৈ হাটীবাটী নামঘৰ আদি প্ৰস্তুত কৰাই দিয়ালত, মাধৱদেৱ তাতে সত্ৰ পাতি থাকিল। আইধায়ে নানামতে নিতৌ মাধৱদেৱক ভক্তি কৰি থাকিবলৈ ধৰিলে; আৰু ৰজাৰ আগত তেওঁৰ গুণশীল চৰিত্ৰৰ কথা কৈ থাকে। বিজয়পুৰৰপৰ হৰিকৃষ্ণ আহিল, হৰিদাস বণিয়া আহিল; সকলোৱে আনন্দমনেৰে মাধৱদেৱক সেৱা শুশ্ৰুষা কৰি থাকিবলৈ ধৰিলে। ৰাজকোৱৰ বীৰনাৰায়ণ আৰু ৰাজমাও আদি কৰি ৰাজ অন্তঃপুৰৰ সকলোৱে আইধাইৰ মুখে দিনৌ মাধৱদেৱৰ গুণশীল শুনি ভক্তি ভাৱে আহি তেওঁৰ ওচৰত শৰণ ললে। এইদৰে কোচবেহাৰৰ অসংখ্য লোক আহি মাধৱদেৱৰ ওচৰত শৰণ লৈ সদাচাৰী হল। বিৰূপাক্ষ কাজীয়ে মাধৱদেৱৰ ওচৰলৈ সততে আহি শাস্ত্ৰৰ বিচাৰ আলাপ আদি কৰি তেওঁক পৰম ভক্তি কৰি থাকে। তেওঁ এদিন মাধৱদেৱক কলে যে “আপুনি এদিন ৰজাৰ ওচৰলৈ যাব লাগে।” মাধৱদেৱে কলে “ৰজাৰ পাশত মোৰ কোনো কাৰ্য্য নাই।” বিৰূপাই কলে “নহয়, আপুনি ৰজাৰ ওচৰলৈ যোৱাটো ভাল, ৰজাই প্ৰায়ে আপোনাৰ কথা শোধে, আৰু আপোনাক দেখিৰৰ ইচ্ছা কৰে।” এই কথা শুনি মাধৱদেৱ সন্মত হৈ এদিন ৰজাৰ ওচৰলৈ গলত, ৰজাই মাধৱদেৱ আহিছে শুনি মন্ত্ৰী পঠিয়াই