ৰজাই শুধিলত মই ৰজাক কলোঁ,-তেখেতে মাছ মাংস তেল নাখায়, হৰিষ্য
কৰি একাহাৰে থাকে; ডাঢ়ি চুলি নুখুৰায়।ৰজাই মোৰ কথা শুনি
সন্তোষ প্ৰকাশ কৰি আপোনাক প্ৰশংসা কৰিলে। মাইডৰীয়া গোপালৰ
মুখে এই কথা শুনি মাধৱদেৱে বৰ অসন্তোষ কৰি কলে “গোপাল, শ্ৰীশঙ্কৰ
গুৰুৱে ব্ৰত ব্ৰহ্মচৰ্য্য আদি সকলো নিবাৰণ কৰি নামধৰ্ম প্ৰকাশ কৰিলে।
তুমি যিবোৰ কথা কলা সেইবোৰ ভক্তি-ধৰ্মৰ বিৰোধী; এতেকে আৰু
তোমাৰ ঘৰত মোৰ থকা নহয়।” এই বুলি তেওঁ তেতিয়াই তাৰপৰা
যাবলৈ উঠিল। এনেতে ৰামৰাম আতাই আহি তেওঁৰ ঘৰলৈ নিবলৈ,
মাধৱদেৱক প্ৰাৰ্থনা কৰিলত, সেৱক সকলেৰে সৈতে মাধৱদেৱ, ৰাম
ৰাম, আতাই নতুনকৈ প্ৰস্তুত কৰোৱা ঘৰ এটিত থাকিলগৈ।
আইধায়ে ঘৰভগীয়াক পঠিয়াই দি মাধৱদেৱক কোলে যে “যেতিয়া গুৰুজন দাসীক কৃপা কৰি এই ৰাজ্যলৈ আহিল, অনুমতি কৰিলে মই সত্ৰ পাতি থাকিবলৈ ঘৰ সজাই দিয়াব পাৰে।” মাধৱদেৱে সেই প্ৰস্তাৱত তেওঁৰ সন্মতি দিয়া কথা, বৰভগীয়াৰ মুখে শুনি পৰম আনন্দিত হৈ ৰজা লক্ষীনাৰায়ণক কলে “বাপু, তোমাৰ বৰ ভাগ্য যে মাধৱ নামে পৰম ভক্ত এজন তোমাৰ ৰাজ্যলৈ আহিছে। তেওঁক সত্ৰ কৰি থাকিবলৈ ঘৰ সজাই দিয়াব লাগে।” এই কথা শুনি ৰজাই কলে “আই, এই কলি কালত কোন ভক্ত আছে? ব্ৰহ্মা, মনুহৰ কপিল, কুমাৰ, শুক, ভীষ্ম, বলি ইত্যাদি বৰজন ভক্ত আগৰ কালত আছিল; তেওঁলোকত বাজে আজিকালি কোন, ভক্ত আছে মোক দেখুৱাঁ?” এই উত্তৰ শুনি আইধায়ে মনত বিষাদ পাই একো নামাতি মনে মনে থাকিল। ইয়াৰ পিছত আইধায়ে মাঘ মহীয়e দিনৌ টোৰোচা নৈত প্ৰাতঃস্নান কৰি কঁপি কঁপি খোজ কাঢ়ি আহে দেখি ৰজাই তেওঁক কলে “আই, তুমি দোলাৰে স্নান কৰিবলৈ নোযোৱা কেলৈ? আজিৰপৰা দোলাৰে যাবা ।” আইয়ে উত্তৰ দিলে “দোলাৰে গৈ মই স্নানৰ পুণ্যৰ অৰ্থ ফল নকমাও।” আকৌ এদিন আইধায়ে সেইদৰে মাঘ মহীয়া জাৰত স্নান কৰি কঁপি কঁপি অহা দেখি লক্ষ্মীনাৰায়ণ ৰজাই বেজাৰ কৰি, দোলাৰে তেওঁক যাবলৈ আহিবলৈ কলত, আইধায়ে তেওঁক কলে “বাপু, যদি তোমাৰ মোলৈ ইমান মৰম লাগিছে, তেন্তে তুমি মোৰ এটি বাঞ্চা পূৰ্ণ কৰা। তোমাক মহাৰাজ বুলি জগতে কয়; তোমাৰ প্ৰসাদত প্ৰজা সুখেৰে থাকে; এতেকে তুমি মোৰ এইটি