ইচছা হলে হাজোৰপৰা আন ঠাইলৈ যাব পাৰে, মোৰ ৰাজ্যত আৰু আন
আন দেৱালয় আছে, আৰু যতে ইচ্ছা তেওঁ থাকিব পাৰে।” এই কথা
শুনি পাণ্ডা দলৈসকলে আহি ৰজাৰ আদেশৰ কথা মাধৱদেৱক কলত
মাধৱদেৱে বৰং বৰ সন্তোষ পাই, তাৰ পিছদিনাই নীলাচললৈ আহিল।
আমৰাগুৰিৰ ঘাটত নাও ৰাখি মাধৱদেৱ নীলাচল পৰ্ব্বতত উঠিল; পাণ্ডা-
সকলে অনেক মান্য সৎকাৰ কৰি তেওঁক লৈ গল। পাণ্ডাই মাধৱদেৱক
মন্দিৰৰ ভিতৰলৈ যাবলৈ কলত, মাধৱদেৱে অনিচ্ছা প্ৰকাশ কৰি পাণ্ডা
সকলক কলে “ভিতৰত মোৰ কোনো সকাম নাই। ভিতৰলৈ মোৰ যোবা
উচিত নহব; কাৰণ মাতৃৰ গুপ্ত অঙ্গ পুত্ৰই জানো দৰ্শন কৰিব পায়?
এই বুলি তেওঁ পাণ্ডাসকলক কৈ দক্ষিণা দি বিদায় দি নিজৰ নাৱত উঠি
আকৌ ভটীযাই যাবলৈ ধৰিলে। তেওঁ হাজোৰ বালি পাই ঠাকুৰ আতা
আৰু ৰামচৰণ ঠাকুৰক তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিলে।
বেহাৰৰ লক্ষীনাৰায়ণ ৰজাৰ আইধায়ে মাধৱদেৱৰ প্ৰতি ৰঘুৰজাৰ বিচেষ্টাৰ কথা শুনি বৰ খেদ কৰি নিজৰ মৰৰ চুলি ছিঙি সোণৰ সফুৰা এটিত ভৰাই অনেক কাকুতি মিনতি কৰি মাধৱদেৱৰ ওচৰলৈ সাত সতৰীয়াৰ হাতত পঠিয়াই দি, তেওঁক বেহাৰলৈ যাবলৈ মতাই পঠিয়ালে। সাত সতৰীয়াসকলে উজাই আহি হাজোৰ বালিতে মাধৱদেৱক পাই, সেই সোণৰ সফুৰাটি দি আইধাইৰ প্ৰাৰ্থনা জনালত, মাধৱদেৱে বেহাৰলৈ যাবলৈ আৰু দৃঢ় সঙ্কল্প কৰিলে। হাজোৰপৰা ভটীয়াই গৈ মাধৱদেৱে গজিয়াৰ বাট পাই তাতে নাও ৰখাই ভকত পঠিয়াই সেৱক সকললৈ আৰু ৰামচৰণ আৰু নাৰায়ণঠাকুৰলৈ বাৰ্তা পঠিয়ালে, যে তেওঁলোকে মনদিয়াৰ ঘাটলৈ আহি যেন তেওঁৰে সৈতে দেখা কৰে। মনদিয়াৰ বাট পাই গুৰুজনে তাতে নাও বান্ধি আছে; তালৈকে ঠাকুৰ আতা, ঠাকুৰ আতাৰ পুতেক পৰমানন্দ, বুঢ়া আতা, ৰামচৰণ আৰু আন আন সেৱকসকল আহি মাধৱদেৱক দৰ্শন আৰু সেৱা কৰি ঘৰাঘৰি গল। ঠাকৰ আতাই অনেক খেদ কৰি মাধৱদেৱক কলে “আজি প্ৰায় এবছৰ “মই দুৰ্ভগীয়াই আপোনাৰ চৰণ সেৱা কৰিবলৈ নেপাই দুখত মৃতপ্ৰায় হৈ আছিলো।” মাধৱদেৱে তেওঁক সান্তনা কৰি কলে “সখি, তুমি মোক সদায় পাবা, তোমাৰে মোৰে বিচেছদ নাই।” মাধৱদেৱে ৰামচৰণক শুধিলে “বাপু ৰামচৰণ, তই