পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

বেহাৰত থাকি তাতে বৈকুণ্ঠ প্ৰয়াণ কৰে। সেই আৰ্হি অনুসৰি মাধৱ- দেৱেও কামৰূপ এৰি বেহাৰলৈ যাবলৈ মনতে নিশ্চয় কৰিলে। তেওঁ ৰঘু ৰজাৰ ওচৰৰপৰা উভতি আহি দুখ কৰি ভকতসকলক কৈছিল “চোৱা- চোন কেনে অবিবেকী ৰজা। তেওঁ কুতৰ্কী বিদ্বেষী ব্ৰাহ্মণৰ কথা শুনি মোক ধৰাই নিয়ালে; নি একো নুশুধি আকৌ ফিৰাই পঠিয়াই দিলে। ব্ৰাহ্মণসকলে মোৰ বিপক্ষে যিবোৰ কথা কৈছিল তাৰ একো বিচাৰ নহল; সেইদেখি বদীয়া ব্ৰাহ্মণৰ কথাৰ সঁচা মিছাৰ প্ৰমাণ নহৈ সি অখণ্ডিত হৈ ৰৈ গল। যদি মোক তেওঁলোকেৰে সৈতে তৰ্ক বাদ কৰিবলৈ দিলেহেঁতেন তেতিয়াই মই শাস্ত্ৰৰ বলেৰে তেওঁলোকৰ অসত্য কথাবোৰ তুলাধুনাদি ধূনিব পাৰিলোহেঁতেন। এতেকে এনে অবিমষ্যকাৰী ৰজাৰ ৰাজ্যত আৰু মই নাথাকোঁ।” এই বুলি খেদ কৰি মাধৱদেৱে কেশৱচৰণ আতাক কলে “শুনা কেশৱচৰণ, তুমি উজনিলৈ যোৱাঁ, বংশীগোপালে আমাৰ ধৰ্ম্মক ধৰি উজনিত ধৰ্ম প্ৰচাৰ কৰি আছে; তেওঁৰ ওচৰলৈ গৈ মোলৈ নাও পঠিয়াই দিবলৈ কৈ কবা, যে এই ঠাই এৰি মোৰ আন ঠাইলৈ যাবৰ মন গৈছে। আৰু তুমি এবাৰ শলখলৈ গৈ সেৱকসকলৰ বাৰ্তা লৈ আহিবা; এজন পুৰুষ আহিব, তেওঁক সাদৰ কৰি আনিবা।” গুৰুৰ বাক্য শুনি কেশৱ- চৰণ আতা উজনিলৈ যাত্ৰা কৰি গল। এই বাৰ্তা শুনি নাৰায়ণ ঠাকুৰে আহি মাধৱদেৱক প্ৰাৰ্থনা কৰি কলে যে “আপুনি যদি এই ঠাই এৰি আন ঠাইলৈ যাবৰ মনোগত কৰিছে তেন্তে ৰজাক খুজি এডোখৰ পুণ্য ভুমি লৈ তাতে সত্ৰ কৰি থাওক।” ঠাকুৰ আতাৰ কথা শুনি মাধৱদেৱে পুণ্য ভূমি এড়োখৰ খুজিবলৈ ৰজাৰ ওচৰলৈ ভকত পঠিয়ালে। বাটত বিদ্বেষী কপট ব্ৰাহ্মণসকলে ভকতক লগ পাই তেওঁলোক কলৈ যায় সেই কথাৰ উৱাদিহ লৈ, মাধৱদেৱৰ প্ৰতি কপট সদ্ভাৱ দেখুৱাই কলে যে “বেছ কথা, আমি ৰজাক কৈ এতিয়াই পুণ্যভূমি এড়োখৰ মাধৱক দিয়াম।” এইবুলি তেওঁলোকে ভকতসকলৰ লগ লাগি ৰজাৰ ওচৰত উপস্থিত হৈ ৰজাক কলে “মহাৰাজ, মাধৱদেৱক সত্ৰ কৰি থাকিবলৈ পুণ্যভূমি এড়োখৰ দিয়ক।” ৰজাই ৰাহ্মণসকলক শুধিলে “পুণ্যভূমি কত আছে কোৱা?” ব্ৰাহ্মণসকলে কলে “মাধৱ বৈষ্ণৱ। বৈষ্ণৱৰ পুণ্যভূমি গোকুল; এতেকে তেওঁক, গোকুললৈ পঠিয়াই দিয়ক।” অবিবেকী ৰজাই এই কথা শুনি তেতিয়াই মাধৱক গোকুললৈ যাবলৈ আদেশ দিলে। দতে আহি মাধৱদেৱক এই