পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


জয়হৰি আতৈয়ে তেওঁৰ ওচৰত ধৰ্ম্মক ধৰে। এই যৱনজনে ধৰ্ম্মক ধৰা সম্পৰ্কে এই দৰে কোৱা হয়,--জয়হৰিয়ে সদায় মাধৱদেৱৰ ওচৰলৈ আহি পৰম ভক্তি ভাবে ধৰ্মৰ কথা শুনি থাকে। এদিন জয়হৰিয়ে শুনিলে যে মাধৱদেৱে সেই স্থান এৰি বেহাৰলৈ যাবৰ ইচ্ছা কৰিছে। এই কথা শুনি জয়হৰিয়ে অতি শোকাকুল হৈ মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰিবলৈ প্ৰাৰ্থনা কৰিলে। প্ৰথমতে মাধৱদেৱে,তেওঁক শৰণ দিব ইচছা নকৰিছিল; কিন্তু জয়হৰিয়ে গুৰুজনৰ চৰণ চিন্তা কৰি ভাত পানী এৰিলে দেখি,স্বপ্নত মাধৱ- দেৱে বৰপেটাৰ নামঘৰৰ টপত তেওঁক তেওঁৰ আগত ধৰ্মক চৰ্চ্চি শৰণ কৰালে আৰু মধুৰাদাসক ভক্তি সেৱা কৰি থাকিবলৈ উপদেশ দিলে। জয়হৰিয়ে কৃতকৃত্য হৈ পিছদিনা ভাৰ-ভোটি লৈ মথুৰাদাসক সেৱা কৰিলত মধুৰদাসে তেওঁক “তুমি কোন” বুলি শুধিলত, জয়হৰিয়ে স্বপ্নত মাধৱদেৱৰ ওচৰত শৰণ লৈ ধৰ্মক পোৱা বুলি কৈ গুৰুজনৰপৰা ধৰ্ম্মৰ যি চৰ্চ্চনি পাইছিল তাক প্ৰকাশ কৰিলত মধুৰাদাসে ঠিক দেখি জয়হৰিক পৰম সমাদৰ কৰি তেওঁৰ ভাৰ-ভেটি দ্ৰব্য-বস্তু ভঁৰাললৈ নিবলৈ কলে। সেই দিনাৰপৰা জয়হৰি আতৈ সততে মথুৰাদাস আতাৰ ওচৰলৈ আহি বৰপেটাৰ নামঘৰৰ -টুপৰ কাঠিত বহি নাম প্ৰসঙ্গ কৰি থাকিবলৈ ধৰিলে।

 ওপৰত লিখা স্বপ্নৰ কথা যিয়েই হওক, এইটো ঠিক যে মহাপুৰুষ মাধৱদেৱে যৱন জয়হৰিক ধৰ্ম্মক ধৰাই শৰণ লগাই ভকতীয়া কৰিছিল আৰু যৱন জয়হৰি এজন প্ৰধান ভক্তৰ ভিতৰত গণ্য হৈছিল। তেওঁ জয়হৰি নাম নিশ্চয় ভকত হোৱাত পাইছিল। পূৰ্ব্বে চান্দসাইকও মহা- পুৰুষ শঙ্কৰদেৱে এই দৰে ভকতীয়া কৰিছিল, আৰু চান্দসায়ে শঙ্কৰদেৱক সেৱা ভক্তি কৰি লগে লগে ফুৰি শেহত পাটবাউলী থান পাইছিলগৈ। মাধৱদেৱৰ নাম ঘোষাত সেইদেখিহে আছে—“গাৰো ভোট যৱনে হৰি নাম লয়। হেনয় হৰিৰ নাম সজ্জনে নিন্দয়॥” মিকিৰ আৰু ভোট জাতি প্ৰধান ভক্ত দুজনৰ নাম আমি ওপৰত কৈ আহিছোঁ।

 ৰঘুদেৱ ৰজাৰ কাৰ্য্যকাৰক সুবানন্দৰ হাতত লাঞ্চিত হোৱাৰ দিনাৰেপৰা মাধৱদেৱৰ মনত বিৰকতি লাগিছিল। তেওঁ পূৰ্ব্বে ধূঁৱাহাটত থাকোঁতে দুইজনা গুৰুৱেই সন্ন্যাসীৰ মুখে বেহাৰ ৰাজ্যৰ কথা শুনি তালৈ যাবলৈ মনতে থিৰ কৰিছিল। শঙ্কৰদেৱেও সেইদেখি তেওঁৰ শেষ কালডোখৰ