পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সিহঁতে দুই চাৰি প্ৰশ্ন কৰি চাওক।” ইয়াকে আলচ কৰি তেওঁলোকৰ ওজা-ছাতৰ জনচেৰেকক মাধৱদেৱৰ ওচৰলৈ তেওঁলোকে পঠিয়ালত, সিহঁতে মাধৱদেৱৰ পাণ্ডিত্য দেখি ভয় খাই আহি তেওঁলোকক কলত, তেতিয়া তেওঁলোকে পৃষ্ঠভঙ্গ দিয়াকে থিৰ কৰিলে। তেওঁলোকে তেওঁলোকৰ প্ৰতিনিধি কৰি বাগ্ভট্টাচাৰ্য্য নামেৰে এজনক ৰজাৰ ওচৰলৈ পঠিয়াই তেওঁৰ হতুৱাই ৰজাক কোৱালে যে “মহাৰাজ, আমি এইজন মাধৱক অনাবলৈ কোৱা নাছিলোঁ, খনাৰ মাধৱ বুলি এজনকহে অনাবলৈ কৈছিলোঁ। ভুল- কৈহে এওঁক অনোৱা হৈছে। এওঁ মহা সদাচাৰী আৰু ধাৰ্ম্মিক ভকত।” ব্ৰাহ্মণে এই কথা যেতিয়া কৈছিল, তেতিয়া ৰজাই গা ধুইছিল। এই নতুন কথা শুনি ৰজাৰ বৰ খং উঠিল। ৰজাই হাতৰ সোণৰ কলহটো বাগ্ভট্টাচাৰ্যৰ গালৈ মাৰি পঠিয়াই কলে “আগেয়ে তোমালোকে মোক মাধৱ অনাচাৰী বুলি কলা, এতিয়া আকৌ সদাচাৰী বুলি কৈছা! তোমালোকৰ শিঙ্গায়েই কয় ধৰ ধৰ; আকৌ ঘুৰি তোমালোকৰ শিঙ্গায়েই এতিয়া কয় এৰ এৰ।” তেতিয়াই ৰজাই সুবানন্দক মতাই হুকুম দিলে “সুবানন্দ, তুমি এই মূহুৰ্তে, মাধৱক লৈ গৈ তেওঁৰ নিজৰ থানত থোৱাগৈ। সুবানন্দই ওঠৰ বৈচাৰে সৈতে খেল-নাও আনি তাত মাধৱদেৱক তুলি লৈ গৈ ভঙ্গামোৰ ঘাট পালত মাধৱদেৱ তাতে ৰল। সুবানন্দ নিজৰ ঘৰলৈ গল। সুনন্দৰ পিতৃ মাতৃয়ে ইয়াৰ পিছত মাধৱদেৱৰ ওচৰলৈ আহি সুবানন্দৰ দোষৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলত মাধৱদেৱে ক্ষমা কৰিলে। হৰিকৃষ্ণ আতৈয়ে মাধৱদেৱৰ বাৰ্ত্তা শুনি আহি তেওঁক আগ বঢ়াই লৈ গৈ অনেক যতন কৰি শুশ্ৰুষা কৰি নিজৰ ঘৰত ৰাখিলে। মাধৱদেৱে সাত দিন ৰজাৰ নাৱত থাকি তাৰ পিছত বাটতে ৰামচৰণে তেওঁৰ বাতৰি লবলৈ যোৱা নাও পাই ৰজাৰ নাৱৰপৰা সেই নাৱত উঠি বৰপেটা পালেহি। ভনীয়েক উৰ্ব্বসীয়ে তেওঁৰ নিমিত্তে মহা চিন্তা কৰি আছে জানি তেওঁ তেতিয়াই সুনন্দৰীদিয়ালৈ যাবলৈ ইচ্ছা কৰি সেৱকসকলক কলে যে “তোমালোক বৰপেটা থানত থাকাঁহকঁ; মথুৰাদাসে তোমালোকক প্ৰতিপাল কৰি ইয়াত থাকিব।” এই দৰে মাধৱদেৱে মথুৰাদাস অৰ্থাৎ বুঢ়া আতাৰ হাতত বৰপেটা থানৰ ভাৰ দি সুন্দৰীলৈ গল। ভনীয়েকে ককায়েকক নিৰাপদে- অহা দৈখি পৰম আনন্দিত হৈ যত্ন কৰি ৰাখিলে। ইয়াৰ পিছত তেওঁ তাতে সেৱক সকলেৰে সৈতে নামধৰ্ম্ম প্ৰকাশ কৰি থাকিল। তাতে যৱন