চণ্ডীবৰ লেঙ্গামাগুৰীত কিছুদিন থাকি তাৰপৰা উজাই আহি টেম্ৱুৱানিত
ঘৰ সাজি থাকিলহি। কিছুদিনৰ পিছত চণ্ডীবৰৰ এটি পুত্ৰ-সন্তান জন্ম হয়, তেওঁৰ নাম ৰাজধৰ। এদিন ৰাজধৰে পথাৰত ধানৰ খেতি কৰাই থাকোঁতে ভোটে তেওঁক ধৰি নিলে। চণ্ডীবৰে এই বাতৰি পাই খেদি গৈ দেখিলে যে ভোটে ৰাজধৰক সিহঁতৰ মাজত লৈ শুই আছে। চণ্ডীবৰে ভোটবোৰক কাটি ৰাজধৰক লৈ আহিল।
ৰাজধৰ দয়াশীল, সৰল অতিথি-সৎকাৰক ভয়াঁ আছিল। তেওঁৰ চাৰিজন পুত্ৰ হয়—প্ৰথম সৰ্য্যবৰ, দ্বিতীয় জয়ন্তা, তৃতীয় মাধৱ, চতুৰ্থ হলায়ুধ। খেৰসুতী নামেৰে কন্যাক সৰ্য্যবৰলৈ বিয়া কৰাই অনা হল। খেৰসুতীৰ কনিষ্ঠা ভগিনী কেইজনাক ক্ৰমে জয়ন্তা, মাধৱ আৰু হলায়ুধলৈ বিয়া কৰোৱা হল।
(৪)“চণ্ডীবৰকে আদি কৰি নতুনকৈ অহা পচিমীয়া মানুহ কেইজন ইমান ক্ষমতাপন্নহৈ উঠিল যে অলপ সময়ৰ ভিতৰতে তেওঁলোক ৰজাৰ প্ৰতিদন্দী হৈ ৰজাৰ হুকুম নমনা হল। দুৰ্ল্লভ নাৰায়ণে ভুঞাসকলৰ এনে ব্যৱহাৰ দেখি এজন সেনাপতি পঠাই অকৃতজ্ঞ চণ্ডীবৰক ধৰাই নিয়ালে। ৰামচৰণৰ পুথিমতে এই সেনাপতিৰ নাম শশীপাত্ৰ **। সেনা-পতিজনে হেনো চণ্ডীবৰক সন্মুখ সমৰত দেখা দিবলৈ ভয় কৰি কাজলীমুখতে (বৰ্ত্তমান কলংমুখ) কোঠ বান্ধি চণ্ডীবৰক ছল কৰি ধৰিলে। প্ৰায় এবছৰমান চণ্ডীবৰ কাৰাগাৰত বন্দী হৈ আছে, এনেতে চন্দ্ৰকবি নামেৰে এজন নদীয়াৰ পণ্ডিত কমতাপুৰত উপস্থিত হলহি আৰু ৰজাৰ ওচৰত বাদ কৰিবলৈ প্ৰতিযোগী বিচাৰিলে। ৰজাই পণ্ডিত বিচাৰি খলক লগালে; শেহত নাপাই সেনাপতিক হুকুম দিলে, তুমি সাদিনৰ ভিতৰতে এটা পণ্ডিত আনি হাজিৰ নকৰিলে তোমাক শুদাই এৰা নাযাব।” শশীপাত্ৰই চণ্ডীবৰৰ পণ্ডিতালিৰ বিষয়ে আগৰেপৰা কিছু জানে। এতিয়া মুৰাৰিৰ সময়ত ** এওঁকে আগ বঢ়াই দি গা সাৰিলে। চণ্ডীবৰে পণ্ডিতক তৰ্কত ঘটুৱালে* পণ্ডিতে তাৰ সমুচিত উত্তৰ দিব নোৱাৰাত সভাসদসকলে গিৰ্জ্জনি মাৰি হাঁহিবলৈ ধৰিলে। চণ্ডীবৰ তৰ্ক-যুদ্ধত জয়ী প্ৰমাণ হল। ৰজাই তেওঁক দেবীদাস নাম দি বৰিলে আৰু তেওঁৰ অসীম পণ্ডিতালিত সন্তুষ্ট হৈ সকলো ভূঞাৰ ওপৰত শিৰোমণি ভূঞা পাতি বৰদোৱা অঞ্চলত স্বাধীন ভাৱে ৰাজকাৰ্য্য চৰ্চ্চা কৰিবলৈ অনুমতি দিলে। তেতিয়াৰপৰা চণ্ডীবৰ আৰু তেওঁৰ পুত্ৰনাতি মধ্যআসামত স্বতন্ত হল। অকল সেয়ে নহয়, নগাওঁ আৰু তেজপুৰত ব্ৰহ্মপুত্ৰৰ দুইপাৰে যি গাওঁ-ভুই আছিল সকলো চণ্ডীবৰৰ অধীনলৈ আহিল। চণ্ডীবৰেও তেওঁৰ লগত অহা বামুণ-কায়স্থকেইজনৰ লগত মিলি ন্যায়পৰ হৈ ৰাজ্য চলাবলৈ ধৰিলে। ৰাজকাৰ্য্য চৰ্চ্চা কৰিবৰ নিমিত্তে এটা ঘৰ সাজিলে, তাক কাৰখানা (office) বোলে। এজন সেনাপতি নিযুক্ত কৰিলে, তেওঁৰ নাম দিলে দলপতি। এইদৰে ৰাজকাৰ্য্যৰ আন আন লাগতিয়াল বাবখিনিও তেওঁবিলাকৰ ভিতৰতে ভাগ বঁটাই এই চৌদ্ধ ঘৰ মানুহে অতি মিলাপ্ৰীতিৰে দেশ চলাই কাল যাপন কৰিবলৈ ধৰিলে। ** চণ্ডীবৰৰ দিনৰপৰা শ্ৰীশঙ্কৰদেৱৰ দিনলৈকে এই পাঁচ পুৰুষৰ ভিতৰত ভূঞাৰ সংখ্যা অলেখ হল। তেওঁবিলাকে ব্ৰহ্মপুত্ৰৰ দুই পাৰে পুবলৈ