কলে “তুমি যেনেকৈ লতা কাটিলা, সেইদৰে মই ঘোষা এটি ৰচনা কৰোঁ।”
এই বুলি তেওঁ লতা-বছা ঘোষা কৰি গালত শুনি সকলো আনন্দিত হল।
এই ৰঙ্গিয়াল ঘৰ প্ৰস্তুত হলত, তাঁতীকুচিৰ সেৱকসকলে মাধৱদেৱৰ আগত
চাৰি কুৰি ৰূপ থৈ প্ৰাৰ্থনা কৰিলে যে ৰামযাত্ৰা ভাৱনা এটি কৰিব লাগে।
তেওঁ সেৱকসকলৰ মনৰ কামনা পুৰণ কৰি মহা সমৰোহ কৰি শ্ৰীৰামৰ
চৰিত্ৰ সঙ্কলন কৰি সেই ভাৱনা সমাপন কৰিলে।
এদিন মাধৱদেৱ বৰপেটা থানত বহি আছে, এনেতে এজনে তেওঁক সংবাদ দিলে যে ভাস্কৰ গুৰু তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে যি ভাস্কৰে কঠত বহি অকলৈ এটি ডাঙৰ পকা কঠাল খাইছিল। এই ভাস্কৰ ব্ৰাহ্মণেই শঙ্কৰদেৱৰে সৈতে বাদ কৰি পৰাস্ত হৈ নকৈ ভালকৈ শাস্ত্ৰ পঢ়িবলৈ বিদেশলৈ গৈছিল, আৰু এওঁৰেপৰা ভৱানন্দই (পিছত নাৰায়ণ দাস বা বা ঠাকুৰ আতা) শঙ্কৰদেৱৰ বাতৰি পাই আহি তেওঁৰ ওচৰত শৰণ লয়। মাধৱদেৱে ভাস্কৰক তেওঁৰ ওচৰলৈ আনিবলৈ কলত, তেওঁ আহি বহি সকলো বৃত্তান্ত কৈ মাধৱদেৱক কলে “মই এতিয়া সুন্দৰকৈ বুজিলো যে শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম অতি শ্ৰেষ্ঠতব, এতেকে আপোনাসকলৰ ভক্তিধৰ্ম্ম সাৰোগত কৰি মানিলো; যাতে ভৱসংসাৰ পাৰ হব পাৰোঁ মোৰ প্ৰতি আপুনি কৃপা কৰিব লাগে।” এই বুলি তেওঁ বাৰে বাৰে শঙ্কৰৰ ধৰ্ম্ম শ্ৰেষ্ঠ বুলি কৈ নিজৰ গৃহলৈ প্ৰত্যাগমন কৰিলে।
ৰূপাবৰ লস্কৰ, নৰসিংহ, বলাই, নাইডবিয়াৰ গোপাল, আৰু কানাই ব্ৰাহ্মণে মাধৱদেৱৰ পাশলৈ আহি ধৰ্ম্মক ধৰি শৰণ লাগে। এদিন ৰূপাবৰ লস্কৰে হাতত ঢাল তলোৰাল লৈ মাধৱদেৱৰ ওচৰত উপস্থিত হৈ সেৱা কৰিলত, মাধৱদেৱে তেওঁক শুধিলে “ৰূপাবৰ, তুমি তৰুৱালত কেইবাৰ ধাৰ দিয়া?” ৰূপাবৰে কলে দিনৌ এবাৰকৈ দিওঁ।” গুৰুজনে কলে “লস্কৰ, তোমাৰ তলোৱাতকৈ অমাৰ খাণ্ডা চোকা আৰু গুৰতৰ; এই খাণ্ডাই ভৱ-সংসাৰক ছেদি ছাৰখাৰ কৰে; কিন্তু দিনে তিনিবাৰলৈ তাত ধাৰ দিব লাগে?" এনেতে ওচৰত থকা ভকতসকলে গুৰুজনক শুধিলে “বাপ, এই ঢালখনেৰে কি কৰে?” গুৰুজনে লস্কৰক কলে “ৰূপাবৰ, তোমাৰ ঢালৰ শক্তি এওঁলোকক দেখুৱাচোন।” এই আজ্ঞা শুনি লস্কৰে বাৰুৰে চাট মাৰি একে জাপেই বৰ ঘৰ এটা পাৰ হৈ গলত,