পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

 গোবিন্দ নামে তাঁতী এজনে এদিন গুৰুজনক সেৱা কৰি ওচৰতে বহিলত, তেওঁ ভোজন কৰিছেনে নাই, গুৰুজনে তেওঁক শুধিলে। তেওঁ উত্তৰ দিলে ‘ঘৰত ধান চাউল নাই, কি ভোজন কৰিম? খেতি কৰোঁহে কৰোঁ তথাপি মোৰ খাবলৈ নাটে।" এই উত্তৰ শুনি মাধৱদেৱে তেওঁক কলে “তুমি অধৰম কৰা, সেই দেখি এনে হয়। কাপোৰ ববলৈ তোমাক সুতা দিলে তুমি তাৰে সুতা ৰাখি থোৱা; সেই পাপত তোমাৰ ঘৰত লক্ষ্মী নাথাকে। আজিৰপৰা কিঞ্চিৎমানো সূতা নাৰাখিবা, দেখিবা তোমাৰ ঘৰত লক্ষ্মীশ্ৰীয়ে বাহ লব।” গোবিন্দে সেইদিনাৰপৰা গুৰুৰ বাক্যমতে চলি দেখিলে যে তেওঁৰ ঘৰত ধনধান্য উপচি পৰিছে।

 বৰপেটা থানত মাধৱদেৱৰ এটি সুন্দৰ ৰঙ্গিয়াল ঘৰ কৰিবৰ মন হল। গুৰুৰ এই ইচছাৰ কথা জনাই চাৰিউফালৰ সেৱক সকলক জান দিয়া হলত, সকলোৱে বেত, বাঁহ, শাল কাঠ, পাট, ৰুৱা, খুটা, চতি, ফুকাম আদি প্ৰস্তুত কৰিলে; সূতাৰ, চিত্ৰকাৰ সকলক অনা হল; ঠাই পৰিষ্কাৰ কৰি ভেটি বন্ধোৱা হল, হেঙ্গুল, হৰিতাল আদিৰ ৰহণ, সোণ ৰূপৰ ৰহণ আদি প্ৰস্তুত কৰাই চতি মাৰলি ফুকাম আদিত বিচিত্ৰ কৰি লগোৱা হল। ঘৰৰ চতি এটি লগোৱাৰ বিষয়ে এটি অলৌকিক ঘটনাৰ কথা আছে, এটি চতি চাছি-কাটি ঠিক কৰা হলত জুখি দেখা গল যে সি এবেগত চুটি হয়। মাধৱদেৱক এই কথা জনোৱা হলত, তেওঁ নিজেও জুখি চাই দেখিলে যে চতিটো ঠিক আদহাত চটি। এনে হোৱা দেখি তেওঁ অলপ পৰ ভাবি, চটিটো অকলৈ ওপৰলৈ তুলি খুটাৰ কাণৰ কাষলৈ নিলত দেখা গল, যে চতিটো বৰং এহাত বাঢ়িল হে, সেইদেখি তাৰ সেই বঢ়া- ডোখৰ কৰতেৰে কাটিব লগীয়া হল। যদুমণি নামে এজন বলী ভকত ওচৰতে আছিল, তেওঁক চটিটো কান্ধ পাতি ধৰিবলৈ মাধৱদেৱে কলত, যদুমণিয়ে কান্ধ পাতি ধৰিলে। চটিটো ইমান গধুৰ যে চল্লিশজন লোকেহে তাক লৰাবচৰাব পাৰে। যদুমণিৰ তেনে বল দেখি মাধৱদেৱে তেওৰ নাম ভীমসেন দিলে। সেই ঘৰৰ চালত নিজেই মাধৱদেৱে প্ৰথমতে পঞ্চমুখী গাঠি এটা দিলে, আৰু নাৰায়ণ ঠাকুৰ আতাই চৰাই-নখীয়া গাঠি এটা দিলে। তাৰ পিছত সেৱকসকলে সেইদৰেই সুন্দৰকৈ গাঠি দি চাল বান্ধি- বলৈ লাগিল। বাঢ়ৈয়ে চতিত লতাফুল কাটিলত, মাধৱদেৱে বাঢ়ৈক