পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

ধৰিলে। এই বাতৰি বৰবিষ্ণু আতাই আহি মাধৱদেৱক জনালত, মাধৱদেৱ সেৱকসকলেৰে সৈতে তালৈ গল। মাধৱদেৱে যাত্ৰাৰ নিমিত্তে চো-খা আদি প্ৰস্তুত কৰাই, ভাৱৰীয়াসকলক নিজৰ নিজৰ ভাও বিভাগি দি, নৃসিংহৰ ভাও নিজলৈ ৰাখিলে। মহাসমাৰোহেৰে ভাৱনা হল। চাৰিউ- ফালৰ লোক ভাৱনা চাবলৈ ভাগি পৰিলহি। ভাৱনাৰ ৰভাঘৰত এহেজাৰ চাকি, ভোটা মটা লগালে, গায়ন বায়নে বৰধেমালি বজালে, অগ্নিগৰ লগাই সূত্ৰধাৰীয়ে নানা সূত্ৰ আৰু শ্লোক মাতি নানা ভাৱ কৰি প্ৰবেশ কৰিলে। তাৰ পিছত হিৰণ্যকশিপুক নখেৰে বিদাৰি দুই আস্ত্ৰ আনি নৃসিংহই মস্তকত ললত, লোকসকল ভয় খাই উঠি পলাব খোজা দেখি, নাৰায়ণ ঠাকুৰে তেওঁলোকক বুজাই আশ্বাস বাক্যৰে স্বস্থ কৰি ৰাখিলে। প্ৰহলাদ আহি নৰসিংহক স্তুতি কৰিবলৈ ধৰিলত, নৰসিংহই ভয়ানক ভাৱ পৰিত্যাগ কৰি বাৎসল্য ভাৱ প্ৰকাশ কৰি বহিল। এইদৰে যাত্ৰা শেষ কৰিলত, মাধৱদেৱৰ প্ৰভাৱ তেতিয়া ভালকৈ সকলো লোকে জানি তেওঁক মানি ভক্তিভাৱ প্ৰকাশ কৰিলে। ইয়াৰ পিছত সেই ঠাইৰ সকলোবোৰ লোকে মাধৱদেৱৰ ওচৰত পৰম ভক্তিভাৱে ধৰ্ম্মক ধৰিলে। তাত কিছুদিন থাকি মাধৱদেৱে কলহী নৈয়েদি নাৱেৰে আহি চামবিয়া, আৰু তাৰ পিছত হাবামদেৱ পাই কিছুদিনৰ পিছত বৰপেটা পালেহি।

 এদিন মাধৱদেৱৰ সেৱক মাধৱ মৰলে আহি গুৰুজনক কলে যে “মই অনেক উপাৰ্জন কৰোঁ, তথাপি মোৰ খাবলৈ নাটতি পৰে।” মাধৱদেৱে মৰলক কলে “তুমি অনাচাৰ অধৰ্ম্ম আচৰণ কৰা, সেইদেখি তোমাৰ খাবলৈ নাটে। শেহ ৰাতি তোমাৰ ভাৰ্য্যাই ভাত ৰান্ধে, ৰাতিপুৱাই তাকে সকলোৱে খোৱাহঁক; বেলি তিনিপৰীয়ালৈকে হাল নেমেলি গৰুক কষ্ট দিয়া; তোমালোকৰ শুচি-সঞ্জমন নাই; ভকতক তোমালোকে দান নকৰা; আপুনি খেতিৰ ভাত আৰ্জি মাথোন আপুনি খোৱা; এইবোৰ হয় নে নহয় ভাবি চোৱাঁ আজিৰপৰা তেনে নকৰিবা, দেখিবা তোমাৰ নাটনি নহয়।” ঘৰৰ ভিতৰৰ এইবোৰ সঁচা কথা গুৰুজনে কেনেকৈ জানিলে ইয়াকে ভাবি আচৰিত মানি, মাধৱ মৰলে সেইদিনাৰপৰা মনতে থিৰ কৰিলে যে তেওঁ আৰু তেনেকুৱা আচৰণ নকৰে। গুৰুৰ কথামতে চলি মাধৱ মৰলে দেখিলে যে পিছৰ বছৰত তেওঁৰ ধনধান্য অপৰ্যাপ্ত হল।