মাধৱদেৱৰ গুণ যশ আৰু সৰহকৈ শুনি তেওঁ মাধৱদেৱৰ পাশলৈ তেওঁক
লৈ যাবলৈ বৰবিষ্ণু আতাক ধৰিলে। বৰবিষ্ণু আতাই কেশৱচৰণক পিছদিনা
লগত লৈ মাধৱদেৱৰ ওচৰ পালেগৈ। সেইদিনা মহাপুৰুষ শঙ্কৰদেৱৰ
তিথি। কীৰ্তন ঘৰত মাধৱদেৱ বহি আছে, এনেতে কেশৱচৰণ আতাৰে
সৈতে বৰবিষ্ণু আতা গৈ তাতে উপস্থিত হল, আৰু কেশৱচৰণে ঠগি এখনি
আগবঢ়াই গুৰুজনৰ আগত থৈ প্ৰণাম কৰিলে। মাধৱদেৱে “এওঁ কোন”
বুলি বৰবিষ্ণু, আতাক শুধিলত বৰবিষ্ণুৱে তেওঁৰ বিষয়ে সকলো বৃত্তান্ত
কলত, মাধৱদেৱে তেওঁক থাকিবলৈ বহাঘৰ দিয়াই ৰাখি, পিছত শৰণ
লগালে। কেৱচৰণে ধৰ্ম্মক ধৰি মহা ৰংমনেৰে গুৰুজনক সেৱা-শুশ্ৰুষা
কৰি থাকিবলৈ ধৰিলে। কেশৱচৰণ আতাক ভাটকুচি আতাও বোলে।
বৰপেটা সত্ৰৰ কীৰ্ত্তন-ঘৰত প্ৰসঙ্গৰ সময়ত দিনৌ এটি সৰ্পই এচুকত থাকি কীৰ্ত্তন শুনেহি দেখি এদিন মাধৱদেৱে ভকতৰ হতুৱাই তালৈ এটি আধাৰি পকাই দিয়ালে। সাপটোৱে তেতিয়াৰপৰা সেই আধাৰি- টোতে পকাই বহি প্ৰসঙ্গ শুনি থাকি প্ৰসঙ্গৰ অন্ত পৰিলে গুচি যায়। এদিন বালকদাস আৰু চতুৰ্ভুজ এই দুজন ভক্তই প্ৰসঙ্গলৈ থানলৈ আহোঁতে দেখিলে যে তেওঁলোকৰ পিছে পিছে সাপ এটা লৰি আহিছে। তেওঁলোকক সাপটোৱে খুটিবলৈহে সেইদৰে আহিছে বুলি তেওঁলোকে ভাবি চপৰা দলি এটা সাপটোৰ মূৰত মাৰি তাক মাৰি পেলালে। সেইদিনা প্ৰসঙ্গত সাপটি মাধৱদেৱে নেদেখি, প্ৰসঙ্গৰ অন্তত ভক্তসকলক শুধিলে “আজি কিয় সৰ্পভক্তটি প্ৰসঙ্গত উপস্থিত নাই?” এই কথা শুনি বালকদাসে গুৰুজনৰ আগত সেই বৃত্তান্ত কৈ, অজ্ঞানত অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে ভকত পঠিয়াই দি, মৰা সাপটো অনাই নিৰ্মালি বস্ত্ৰ দি পেতাই থোৱালে।
বৰক্ষেত্ৰি বিলাতৰ লোকসকলে মাধৱদেৱক তেওঁলোকৰ তালৈ গৈ তেওঁলোকক ধৰ্ম্মোপদেশ দিবলৈ বৰকৈ প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে তালৈ গৈ অনেক লোকক ধৰ্ম্মক ধৰালে। এদিন তাতে বিদ্যাধৰ নামে গণক এজনে মাধৱদেৱৰ ওচৰলৈ আহি প্ৰকাশিত ধৰ্ম্মৰ বিপক্ষে কিছুমান কথা কলত, মাধৱদেৱে খং কৰি সেইজনক কলে ‘নৰনৰায়ণ ৰজাৰ সভাত হেজাৰ হেজাৰ বিদগ্ধ পণ্ডিত বাহ্মণে শঙ্কৰদেৱৰ ধৰ্ম্মমত খণ্ডন কৰিব নোৱাৰি