পৰি কান্দিবলৈ ধৰিলে। মাধৱদেৱে তেওঁক তুলি কলে “শ্ৰীৰাম, তুমি
একো সঙ্কোচ নকৰিবা। ভকতৰ অৱশেষ ভুঞ্জিব পায়; বৰং নুভুঞ্জিলে
পাপ হয়।” তেওঁ এই বুলি শ্ৰীৰামক প্ৰবোধ দি গুচি আহিল। ভাটিবেলা
সেই আমৰ গুটিটিকে মাধৱদেৱে ভকতসকলেৰে সৈতে বৰ-বাৰীলৈ গৈ
নিজ হাতে ৰুই থৈ আহিলগৈ। সেইজোপাই বৰপেটা সত্ৰত থকা
ওপৰত কোৱা মিঠা আম। গণককুচিত মাধৱদেৱে স্বহস্তে ৰাঙ্গল ফুল
এজুপি ৰুইছিল। একঠা মাটি জুৰি সেই ফুলজুপি আজিলৈকে আছে।
বৰপেটাতে মাধৱদেৱে জুমুৰা আৰু দধিমথন নাট ৰচনা কৰি সেই দুই ভাৱনা প্ৰথমতে কৰে। শ্ৰীকৃষ্ণৰ আন আন বাল্যলীলা খেলা অনেক গীতও তাতে তেওঁ ৰচনা কৰে।
কেশৱচৰণ বা ভাটকুচি আতা।-কেশৱচৰণ আতাৰ ঘৰ উত্তৰ পাৰত ভাটকুচি নামে ঠাইত। তেওঁৰ পিতৃৰ নাম টেপাই; কুল কায়স্থ। কেশৱ- চৰণ সৰুৰেপৰা ধৰ্মপ্ৰৱণ আৰু শুদ্ধ চৰিত্ৰৰ আছিল। গৃহস্থীধৰ্ম্মত তেওঁৰ সৰুৰেপৰা অনাশক্ত ভাব। তেওঁৰ অনিচ্ছাতে পিতৃ-মাতৃয়ে তেওঁক বিবাহ কৰাই দিলে। কিছুকালৰ মুৰত তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হলত, তেওঁ সংসাৰ অনিত্য ভাবি অলপো বিচলিত নহল। পিতৃমাতৃৰ শ্ৰাদ্ধ-বিধি নিয়মমতে কৰি তেওঁ বিষয় সুখত আৰু বিমুখ হৈ পৰিল। ঈশ্বৰৰ চৰণ সেৱা কাৰ্যত তেওঁ তেওঁৰ ভাৰ্য্যাক জঞ্জাল হে বুলি ভাবিবলৈ ধৰিলে। এসময়ত কেশৱচৰণে এখন ধানৰ নাৱত উঠি আহি তেওঁলোকৰ গাঁৱৰ কাষ পালত, গৰখীয়া লৰাৰ মুখৰ পৰা শুনিলে যে তেওঁৰ অবৰ্তমানতে ভাৰ্য্যা মৃত্যু হল। এই কথা শুনি তেওঁ ততালিকে জাঁপ মাৰি পানীত পৰি গা ধুই আঁতাই শুকান কাপোৰ পিন্ধি ঘৰৰ ফালে গল, আৰু ভাবিলে, ঈশ্বৰে অনুগ্ৰহ কৰি তেওঁৰ জঞ্জাল গুচালে। ইয়াৰ পিছত কিছুদিন থাকি কেশৰচৰণে মাধৱদেৱৰ কথা শুনি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিবলৈ মনতে নিশ্চয় কৰি, কেনেকৈ মাধৱদেৱৰ ওচৰলৈ যাওঁ ভাবি আছিল। চণ্ডীবৰ কটকী নামে এজনে ভটীয়াই যাবলৈ ওলোৱা শুনি কেশৱচৰণেও তেওঁৰ লগত যাবলৈ ওলাল। কটকীৰ নাও বৰবিষ্ণু আতাৰ ঘাট পালত কেশৱচৰণে নাও এৰি উঠি গৈ বৰবিষ্ণু আতাৰ ওচৰত উপস্থিত হলগৈ। বৰবিষ্ণু আতাৰ আগত তেওঁ নিজৰ অভিপ্ৰায় ব্যক্ত কৰিলত, বৰবিষ্ণু আতাৰ মুখে