সকলো ভকতে ভিক্ষা কৰিবলৈ যায়। শ্ৰীৰাম অতাও যায়। এদিন
নাৰায়ণ ঠাকুৰে আহি শ্ৰীৰাম আতাক সত্ৰত নেদেখি, তেওঁ কলৈ গল
বুলি শুধি, ভিক্ষা কৰিবলৈ যোৱা শুনি, তেতিয়াই নিজৰ ঘৰলৈ গৈ ভোজনৰ
দ্ৰব্যবস্তু এটা খৰাহিত ভৰাই আনি সাদৰ কৰি শ্ৰীৰাম আতাক দিলেহি।
সেই দিনৰপৰা সকলো সেৱকে দিনৌ শ্ৰীৰামক ভোজনৰ দ্ৰব্য দিবলৈ
ধৰিলে, আৰু শ্ৰীৰামে ভিক্ষা কৰিবলৈ যাবৰ প্ৰয়োজন নোহোৱা হল।
মাধৱদেৱে নিজ হাতে বৰপেটাৰ বাৰীত এটি আমৰ গুটি পচাইছিল; সেই শুটিৰপৰা আমগছ গজি কালক্ৰমত প্ৰকাণ্ড আমগছ এজুপি হৈছিল। সেই গছজোপা প্ৰায় চাৰি শ বছৰ জীয়াই থাকি শেহত বুঢ়া হৈ মৰিল। সেই গছৰ শুকান একোডুখৰি সৰু সৰু টুকুৰা আজিলৈকে বৰপেটা সত্ৰৰ বিশিষ্ট সাধু ভকত সকলে “সেবাইত” বস্তু কৰি ৰাখিছে। এই আমৰ বিষয়ে চৰিত্ৰত এটি অলৌকিক ঘটনাৰ বিবৰণ আছে।-এদিন ককিলৰ গুৰু নামে ভক্ত ব্ৰাক্ষ্মণ এজনে বৰপেটাৰ থানলৈ আহোঁতে বাটতে তেওঁক কোনোবাই মতা যেন শুনি তেওঁ ইফালে-সিফাললৈ চাই কাকো নেদেখি যাবলৈ ধৰিলে। তেওঁ দুখোজগান গৈয়েই আকৌ তেওঁক কোনোবাই মতা শুনি চাই দেখিলে যে এট বুঢ়া বান্দৰে হাবিৰ মাজৰ গছৰ মূঢ়া এটাৰ ওপৰত বহি হাততে পকা আম এটি লৈ আছে। ব্ৰাহ্মণ আচৰিত মানি থমকি ৰলত, বান্দৰটিয়ে তেওঁক কলে “শুনা ককিলৰ গুৰু, তুমি এই আমটি লৈ যোৱাঁ, শ্ৰীৰাম আতাক দি মোৰ প্ৰণাম জনাবা।” বান্দৰ টোৱে আমটি ব্ৰাহ্মণৰ হাতত দি আঁতৰি গুচি গলত, ব্ৰাহ্মণে পৰম বিস্ময় মানি আমটি লৈ আহি সেই কথা কৈ শ্ৰীৰাম আতাক দিলেহি। সেই দিনা ৰাতিপুৱা মাধৱদেৱে শ্ৰীৰাম আতাক কৈছিল “শ্ৰীৰাম, আজি তুমি এটি বস্তু পাবা, আমাক নিদিয়াকৈ অকলৈ নাখাবা।” সেই কথা শ্ৰীৰাম আতাই পাহৰি, প্ৰসঙ্গৰ অন্তত তেওঁৰ বহালৈ গৈ সেই আমটিৰ আদখিনি ভোজন কৰি বাকী আদখিনি কৰণিত থৈ দি, ভাত-পানী ৰান্ধি খাই আঁতাইছে, এনেতে মাধৱদেৱে তেওঁৰ বহাত উপস্থিত হৈ, কৰণিৰ ওচৰত থকা পানীৰে ভৰা লাওটি বেৰত আউজাই থৈ, সেই আমটিৰ এছকল মুখত দি গুটিটিৰে সৈতে বাকীখিনি কৰণিত আকৌ থৈ দিলে। এই কাৰ্য্য শ্ৰীৰামে হঠাৎ হোৱা দেখি “সৰ্বনাশ হল, মই খাই অৱশেষ কৰি থোৱা আম মোৰ গুৰুজনে ভোজন কৰিলে। মই তল গলো।” এই বুলি উঠি মাধৱদেৱৰ চৰণত