সপ্তবিংশ অধ্যায়
সুন্দৰী পৰিত্যাগ আৰু বৰপেটা গমন
ইমান দিন মাধৱদেৱ সুন্দৰীদিয়া থানত থকাৰ পিছত এটা ঘটনা ঘাটিল যাৰ বাবে তেওঁ মনত বৰ বিষাদ পাই সুন্দৰী এৰিবলৈ সঙ্কল্প কৰিলে।
মাধৱ মৰলত এটা ভায়েক আছিল তাৰ নাম গোপাল। এদিন গোপালে খেতি কৰিবলৈ মাটি চহাই থাকোঁতে মাধৱদেৱৰ দুজন সেৱক সেইপিনে পথাৰৰ মাজেদিয়েই আহিছিল দেখি গোপালে খং কৰি তেওঁলোকক মাৰিবলৈ খেদি গৈ তেওঁলোকৰ ভিতৰত লখাই গুৰুৰ কান্ধত ডলি-মাৰিডাল লগাই তেওঁক পকাই ঘূৰাই টানি লৈ ফুৰাইছিল। তেওঁলোকে আহি এই অপমান আৰু বেজাৰৰ কথা গুৰুজনক জনালত গুৰুজনে শুনি ইমান বেজাৰ পালে যে তেওঁ সেই দিনা ভোজনকে নকৰিলে। তেওঁ কলে “মই সৰ্ব্বস্ব পেলাই ভক্তক আনিলোঁ, এতিয়া ভক্তৰ এনে দুৰ্গতি মই দেখিব লগীয়া হল। মই ভৱানীপুৰৰ গোপালৰ ঠাইলৈ গুচি যাম।” এই কথা মাধৱদেৱে কোৱা বুঢ়া আতাই শুনি তাঁতীকুচি অৰ্থাৎ বৰপেটাৰপৰা আহি গুৰুজনক তেওঁৰ ঠাইলৈ যাবলৈ কাকুতি মিনতি কৰি প্ৰাৰ্থনা কৰি, গুৰুজনৰ বই- বস্তু সোপাকে গোটাই ভাৰ এখনি বান্ধি তাক উলিয়াই নিজে লৈ গৈ পদুলিত থৈ আহি গুৰুজনৰ পদত পৰি সেৱা কৰিলে। ঠিক এনে সময়তে মাধৱদেৱক লৈ যাবলৈ গোপাল আতা ভৱানীপুৰৰপৰা পালেহি। গোপাল আতাই লৈ যাবলৈ আহিছে বুলি গুৰুজনক প্ৰাৰ্থনা কৰি কলত, গুৰুজনে গোপালকে কলে “গোপাল, মই তোমাৰ তালৈ যাব নোৱাৰিম। মথুৰাদাসে মোৰ সৰ্ব্বস্ব ভাৰ বান্ধি উলিয়াই লৈ গল; মই তাঁতীকুচিলৈহে যাব লাগিব।” এই বুলি গোপাল আতাক বুজাই কৈ, সেৱকসকলেৰে সৈতে মাধৱদেৱ বৰপেটালৈ গুচি গল। বৰপেটালৈ যাত্ৰা কৰি যাওঁতে মাধৱদেৱে সেৱক- সকলেৰে সৈতে এই দুটি গীত গাই গৈছিল-