জেঠি এটাই চট্ ফট কৰি আছে। গুৰুজনে জেঠিটো মেলি দি গুচি
আহিবলৈ কলত, ভকতসকলে তাকে কৰি নিজৰ নাৱলৈ আহিলত, দেখা
গল যে সেই নাওখন ঠিতাতে নাইকিয়া হল। ইফালে ঠিক সেই সময়তে
তাৰ ঘৰত কণী বুঢ়াৰ মৃত্যু হৈছিল। বুঢ়াক তাৰ জ্ঞাতিসকলে বান্ধি চাটি
কান্ধতকৈ আনি চিতাত তুলিলত বুঢ়াই হঠাৎ গা-মুৰি দি উঠি কলে, “মোক
নুপুৰিবি, সুন্দৰীৰ মাধৱৰ ওচৰলৈ নে।” জ্ঞাতিসকলে আচৰিত মানি
তাক লৈ আহি ঘৰ পোৱালত, সি লৰালৰিকৈ গা ধুই ন কাপোৰ পিন্ধি
টকা বস্ত্ৰ লৈ গৈ মাধৱদেৱৰ ওচৰ পাই, তেওঁক সেৱা কৰি সকলো কথা
কৈ প্ৰাৰ্থনা কৰি ধৰ্ম্মক ধৰিলে।
এটা বুঢ়া আছিল, সি এদিন মাধৱদেৱৰ ওচৰলৈ গলত মাধৱদেৱে তাক শুধিলে “বুঢ়া তুমি ধৰ্ম্মক নধৰা কিয়?” বুঢ়াই কলে “তুমি যদি কেৰিমেৰি কথাষাৰৰ মানে মই এতিয়া কি ভাবিছোঁ কৈ দিব পাৰা তেন্তে মই ধৰ্ম্মক ধৰিম।” এই কথা শুনি মাধৱদেৱে কলে “বুঢ়া তুমি যেতিয়া ৰাতিপুৱা উঠি, শুই থকা গৰুহাল তুলি লৈ হাল বাবলৈ যোৱা, তেতিয়া গৰুহলে খোজকাঢ়ি যাওঁতে বাটত কেৰিমেৰিকৈ মূত্ৰ ত্যাগ কৰি যায়, সেইটোকে তুমি ভাবিছা।” এই উত্তৰ সঁচা হোৱা দেখি বুঢ়াই আচৰিত হৈ তেতিয়াই মাধৱদেৱক সেৱা কৰি প্ৰাৰ্থনা কৰি ধৰ্মক ধৰিলে। সেই দিনাৰপৰা সেই বুঢ়াৰ নাম হল কেৰিমেৰি বুঢ়া।
আৰু এটা বুঢ়াক এদিন মাধৱদেৱে পাই, সি কিয় ভকতীয়া নহয় শুধিলত সি মাধৱদেৱক পৰীক্ষা কৰিবলৈ কলে “বাৰু ভুমুকাভুমুকি কথা- ষাৰৰ মানে মই কি ভাবিছোঁ তুমি যদি কব পাৰা তেন্তে মই এতিয়াই তোমাৰ ওচৰত ধৰ্ম্মক ধৰিম।” এই কথা শুনি মাধৱদেৱে কলে, তই মাহ-কটালিৰ খাৰ পুৰি পাচিত থৈ দিছিলি; জুইৰে থকা সেই খাৰে তোৰ পাচিটো ঠায়ে ঠায়ে পুৰি ভোমোলা কৰিলে; সেইটো কথাই তোৰ মনত ওলাইছে, আৰু তাকে মোক শুধিছ।” এই উত্তৰ সঁচা হোৱা দেখি বুঢ়াই তেতিয়াই দীঘল হৈ মাধৱদেৱৰ চৰণত পৰি ধৰ্ম প্ৰাৰ্থনা কৰিলত তাক তেওঁ ধৰ্মক দিলে। এই দিনাৰপৰা সেই বুঢ়াৰ নাম হল ভুমুকাভুমুকি বুঢ়া।