পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

মানুহবোেৰ চাৰিউফালে পলাই পিয়ালি দিলে। পৰ্ব্বতটোৰ ওপৰত যে সেই ব্ৰাহ্মণজন আছিল সেই কথা সকলোৱে পাহৰিলে। বিপ্ৰজনে তাতে তিতি জলাকলা হৈ চিয়ঁৰি আছিল, কিন্তু বৰষুণৰ শবদত কোনেও সেই চিয়ঁৰ শুনা নাছিল। বৰষুণ পাতলিলত হঠাৎ সেই বামুণলৈ মাধৱদেৱৰ মনত পৰি পৰ্বতটোত জখলা এটা লগাই বামুণজনক নমাই আনি সেকাই পোটকাই সুস্থ কৰোৱালে।

 দামোদৰ নামে এজন বৰ শান্ত চৰিত্ৰৰ বৈষ্ণৱ ভকত আছিল;তেওঁ কৃষ্ণ কথা শ্ৰৱণ কৰিলে প্ৰেমত পুলকিত হৈ তেওঁৰ গাৰ নোমবিলাক থিয় হৈ পৰে, সেইদেখি তেওঁক সকলোৱে ভোবোৰা দামোদৰ বুলি মাতে। প্ৰসঙ্গৰ অন্তত পাঠ পঢ়া তেওঁ শুনি আহিলে মাধৱদেৱে তেওঁক শোধে “দামোদৰ, আজি কি পুথিৰ পাঠ শুনিলা?” দামোদৰে উত্তৰ দিয়ে “একাদশৰ”, তেহেলৈ সেই দিনা দশমৰে পাঠ পঢ়া হওক বা ৰামায়ণেৰে পাঠ পঢ়া হওক। দামোদৰে দিনৌ একাদশৰ পাঠ শুনা বুলি কোৱা দেখি ভকতসকলে হঁহাত মাধৱদেৱে কলে “দামোদৰৰ মন কৃষ্ণকথাত আলোড়িত হৈ মজি থাকে; সেইদেখি যি পুথিয়েই পঢ়া হওক তাৰ তেওঁ ভু নলৈ, মাত্ৰ কৃষ্ণকথাৰ ৰস হে পান কৰি থাকে, আৰু তাৰে হে ভু পায়।” ভোবোৰা দামোদৰৰ ভোজনৰ নিমিত্তেও একো যত্ন নাই; তেওঁ তেওঁৰ আগদুৱাৰত থকা পুৰৈ গছৰ পাত চাৰিটা আনি পাটত দি তাৰ ৰস চেপি তাৰেই দিনৌ ভাত খায়; আৰু লোকে “দামোদৰ, আজি তুমি কিহেৰে ভাত খালা” বুলি শুধিলে তেওঁ কয় “পঞ্চামৃতেৰে ভোজন কৰা হল।”

 কণী বুঢ়া নামে বুঢ়া এটা আছিল, সি মাধৱদেৱৰ নামকে নুশুনে,তেওঁৰ ওচৰলৈকো নাহে, ঈশ্বৰ কৃষ্ণৰ নাম শুনিবলৈকো ভাল নাপায়। চৰিত্ৰত আছে এদিন মাধৱদেৱে ভৱানীপুৰীয়া গোপাল আতাৰ ঠাইৰপৰা নাৱেৰে উভতি আহোঁতে দূৰত নাও এখন দেখি ভকতসকলক সেই নাৱৰ কাষলৈ তেওঁৰ নাওখন বেগাই লৈ যাবলৈ আদেশ দিলে। মাধৱদেৱৰ নাও ওচৰ চাপিলত দেখা গল, সেই নাৱৰ নাৱৰীয়া কেইটা হঠাৎ নাইকিয়া হল। মাধৱদেৱে ভকতসকল সেই নাওখনত কি আছে উঠি চাবলৈ কলত, ভকতসকলে দেখিলে যে নাৱৰ পিৰিত এডাল এঁৱা সূতাৰে বন্ধা