পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


জিভাখন হাতেৰে ধৰি থাকে। এই কাৰ্য্য দেখা ভকতে গুৰুজনক সেইকথা কলত, গুৰুজনে শ্ৰীৰামক শুধিলে, হয় নে নহয়? শ্ৰীৰামে অৱনত মস্তকে কলে “বাপ, অশুচি সময়ত মুখৰ নাম নিবাৰণ কৰিবৰ নিমিত্তে দাসে তেনে কৰা হয়।” মাধৱদেৱে কলে “শ্ৰীৰাম, তুমি তেনে কৰিব নালাগে; তেতিয়া মুখত নাম আহিলেও কোনো দোষৰ কথা নহয়। সকলো সময়তে যাৰ মুখত ৰাম নাম আহে তাৰ পৰম ভাগ্য, সি মুক্ত পুৰুষ; এতেকে কেতিয়াও ৰাম নাম নিবাৰণ নকৰিবা; সি তোমাৰ মুখত আহি থাকক।”(১)

 চতুৰ্ভুজ আতৈয়ে মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰি নিতৌ গুৰুৰ ওচৰলৈ সেৱা কৰিবলৈ যায় দেখি তেওঁৰ গাৱঁৰে বালকদাস নামে এজনে, চতুৰ্ভুজ দিনৌ কলৈ যায় বুলি তেওঁক শুধিলে। চতুৰ্ভুজে সকলো কথা ভাঙি কলত বালকদাসেও চতুৰ্ভুজেৰে সৈতে আহি মাধৱদেৱত শৰণ ললেহি। চৰিত্ৰত আছে আছে, এদিন তেওঁলোক দুয়ো গুৰুৰ ওচৰলৈ আহোঁতে কৰীয়াত একৰীয়া দৈ গাখীৰ লৈ আহিছিল। বাটতে কৰবাৰপৰা লৰা এটি ওলাই কৰী- য়াৰ পৰা ঘোকা মাৰি এঘোকা দৈ লৈ খাই গুচি গ'ল। তেওঁলোকে এনে হোৱা দেখি, সেই দৈ গুৰুলৈ উচ্ছিষ্ট হোৱা ভাবি খেদ কৰি গুৰুজনৰ বাট- চৰাতে দৈৰ কৰীয়াটো থৈ গুৰুৰ পাৱত পৰি সেৱা কৰিলত, মাধৱদেৱে তেওঁলোকক শুধিলে “দৈ আনি কত থৈ আহিলা?” এই কথা শুনি তেওঁলোকে আচৰিত মানি, ঘটনাটোৰ কথা কলত, মাধৱদেৱে হাঁহি সেই কঁৰীয়াটো অনাই পৰম সমাদৰেৰে গ্ৰহণ কৰিলে।

 গোমোৰাৰ গোবিন্দ নামে সেৱক এজনে “মই মাধৱৰ শিষ্য” বুলি বখানি গৰ্ব্ব কৰি ফুৰি। এদিন তেওঁ কিছুমান দ্ৰব্য নাৱত ভৰাই লৈ


(১)* এদিন মাধৱদেৱে শ্ৰীৰাম আতাক “তুমি ভাত খাই উঠি ইয়াৰে মুখ ধুবা,” বুলি এটা লোটা দিলে। শ্ৰীৰামে লোটাটো লৈ গৈ বহাত সোমাই কান্দি আছিল। মাধৱ- দেৱে শ্ৰীৰামে কি কৰিছে চাবলৈ ভকত এজনক পঠিয়াই দিলত, ভকতজনে বাৰৰ জলঙাই দি চাই শ্ৰীৰামে কান্দি থকা দেখি গুৰুজনক কলত, গুৰুজনে শ্ৰীৰামক মতাই আনি কাৰণ শুধিলত শ্ৰীৰামে কলে “বাপ, আগেয়ে নিশ্চিন্ত হৈ গুৰুসেৱা কৰিব পাৰিছিলোঁ, এতিয়া আপুনি দিয়া লোটাটো নেহেৰোৱাকৈ ৰাখিবই লাগিব, এই চিন্তা জঞ্জালে পালে; এতেকে আপোনাৰ সেৱাত বিধিনি ঘটিব।” এই কথা শুনি মাধৱদেৱে হাঁহি কলে “শ্ৰীৰাম, তুমি লোটাটো কাৰবাৰক দি নিশ্চিন্ত হোৱা।” তেতিয়াই শ্ৰীৰামে লোটাটো ভকত এজনক দি আনন্দিত হৈ গুৰু সেৱা কৰিলেহি।