পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


মাছবোৰে বনে বনে বামলৈ উঠি আহি পক্ষীসকলৰ আগত পৰি প্ৰাণ হেৰুৱায়।” মাধৱদেৱে হাঁহি তেওঁক কলে শ্ৰীৰাম, তুমি মিছাতে আজি প্ৰসঙ্গ খতি কৰিলা। উজানৰ মাছক নুজোৱাকৈ কোনে ৰাখিব পাৰে?”

 এদিন শ্ৰীৰামে জাৰকালি বৰ-বিলত গা ধুবলৈ গৈ দেখিলে যে পাৰতে এটি লৰাৰে সৈতে এজনী তিৰুতামানুহ উদং গাৰে জাৰত থক্ থক্ কৰে কপিব লাগিছে। তেনে দেখি শ্ৰীৰামে তেতিয়াই নিজৰ গাৰ পৰ্হি কাপোৰ- খন সেই মানুহজনীক দি স্নান কৰি গুচি আহিল। শ্ৰীৰামৰ সেই কাপোৰ- খনিয়েই মাথোন জাৰত সম্বল আছিল; তেওঁৰ গাত লবলৈ ঘৰত আৰু একো কাপোৰ নাছিল। শ্ৰীৰামে জাৰত গাত কাপোৰ নোহোৱাকৈ ফুৰা দেখি মাধৱদেৱে তাৰ কাৰণ তেওঁক শুধিলত তেওঁ কলে “বাপ, জীৱৰ দুখ দেখি সহিব নোৱাৰি পৰ্হি কাপোৰখন দিলো।”

 শ্ৰীৰাম আতাই ৰাতি টোপনিতো অনৰ্গল ৰাম নাম উচ্চাৰণ কৰি থাকে দেখি ওচৰৰ বহাৰ ভকতে ভাবে তেওঁ ওৰে ৰাতি সাৰে থাকিহে সেই দৰে নাম লয়। এদিন এই কথা, মাধৱদেৱক ভকতসকলে কলত, তেওঁ কলে যে “নহয়, শ্ৰীৰামে টোপনিতে নাম লয়।” সেৱকসকলক তাৰ প্ৰমাণ দেখুৱাবলৈ এদিন শ্ৰীৰাম খাইবৈ শোৱাৰ পিছত, মাধৱদেৱে হৰি- বল্লভক লগত লৈ শ্ৰীৰামৰ বহালৈ গৈ দেখিলে যে শ্ৰীৰাম নিদ্ৰাত মগ্ন; অথচ শ্ৰীৰামৰ মুখত ৰাম নাম ওলাই আছে। তেওঁ শ্ৰীৰাম শ্ৰীৰাম বুলি মাতিলে, কিন্তু শ্ৰীৰামৰ চেতন নাই। তেওঁ শ্ৰীৰামক নজগাই তাৰপৰা গুচি আহিল। পিছদিনা যেতিয়া শ্ৰীৰাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ শ্ৰীৰামক কলে “কালি ৰাতি আমি তোমাৰ বহালৈ গৈছিলোঁ, তুমি টোপনিতো নাম লৈ আছিলাঁ। ভকতসকলৰ কথাত আমি তোমাক পৰীক্ষা কৰিছিলোঁ।” এই বুলি মাধৱদেৱে শ্ৰীৰামক দুখন তামোল দিলে। শ্ৰীৰামে গুৰুজনৰ পাৱত পৰি কলে “বাপ, আপুনি যোৱা কথা অধমে নাজানিলোঁ। এই অধম টোপনিত মগ্ন আছিল দেখি আপুনি অধমৰ বহাত ভৰিৰ ধুলা পেলাওঁতে আপোনাক অধমে সেৱা কৰিবলৈ নেপালে। এতেকে বাপ, দাসৰ দোষ ক্ষমা কৰক।”

 শ্ৰীৰাম আতাৰ মহা মস্কিল; -তেওঁ শৌচাচাৰ কৰোঁতেও তেওঁৰ মুখৰপৰা সৰ্ সৰ্ কৰে ৰাম নাম ওলাই থাকে। সেই দেখি তেওঁ নিজৰ