কৰিলে। সেই দিনা গধুলি গুৰুজনে ভোজন কৰি তাতে থাকিল।
পিছদিনা ৰাতিপুৱা তেওঁ আহিবলৈ ধৰাত পুৱাৰ সাজো তাতে মাধৱদেৱে
ভোজন কৰি যাবলৈ নাৰায়ণ ঠাকুৰে প্ৰাৰ্থনা কৰাত মাধৱদেৱে স্নানকাৰ্য্য
কৰি চাউল বহালে। সেই চাউল এজনী বুঢ়ীয়ে আগ দিনা ঠাকুৰ আতাৰ
ভাৰ্য্যাক দিছিল। ঠাকুৰ আতাৰ ভাৰ্যাই খৰিকাৰে সেই চাউল বাহি
গুৰুজনৰ ভোজনৰ নিমিত্তে দিছিল। কিন্তু চাউল বহোৱাৰ পিছত মাধৱ-
দেৱে দেখিলে, তাত সৰু শামুক এটা আছে। তেতিয়াই তেওঁ সেই পাক
এৰি স্নান কৰিলত, ঠাকুৰ আতাই ভাৰ্য্যা ওপৰত ক্ৰোধ কৰিলে। তেওঁক
ক্ৰোধ কৰা দেখি মাধৱদেৱে ক্ৰোধ নকৰিবলৈ কৈ কলে “বুঢ়ী এজনীয়ে
ভকতি কৰি পৰমানন্দৰ মাৱক এই চাউল দিছিল; পৰমানন্দৰ মাৱে
বুঢ়ীৰ কাতৰ প্ৰাৰ্থনাত দয়াপৰবশ হৈ এই চাউল মোক ভোজন কৰিবলৈ
দিছিল; কিন্তু সেই চাউল ভোজন কৰিব লগীয়া নোহোৱা বাবে এনে
হ’ল; এতেকে তুমি তেওঁৰ ওপৰত খং নকৰিবা। এই কথা হয় নে নহয়
তুমি পৰমানন্দৰ মাকক শোধাঁ। তুমি খেদ নকৰিবা আকৌ আমি চাউল
সিজাই ভোজন কৰিম।” ইয়াৰ পিছত নাৰায়ণ ঠাকুৰে তদন্ত কৰি জানিলে
কথা সঁচা। আকৌ মাধৱদেৱে নতুনকৈ চাউল সিজাই ভোজন কৰি
আনন্দমনেৰে সখিয়েকৰ সৈতে সুন্দৰীৰ থানলৈ আহিল।
যদুমণি নামে মাধৱদেৱৰ এজন সেৱক ব্ৰাহ্মণ আছিল; তেওঁ প্ৰত্যহ সুন্দৰীথানৰ প্ৰসঙ্গত পাঠ পঢ়ে। কাৰ্যবশতঃ তেওঁ উজান ৰাজ্যলৈ গলত, প্ৰসঙ্গতে পাঠ পঢ়িবলৈ পাঠক নাইকিয়া হল। প্ৰসঙ্গত পাঠ পঢ়িবলৈ পাঠক নাই বুলি ভকতসকলে মাধৱদেৱক জনালত শ্ৰীৰাম আতাই “আমি পাঠক আনি দিম”এই বুলি কৈ তেওঁ পাঠক বহা ঠাইত কঠ এখনি পাৰি ৰামচৰণ ঠাকুৰক তাত বহুৱাই দিলে। সেই দিনাৰপৰা ৰামচৰণে প্ৰসঙ্গত পাঠ পঢ়িবলৈ ধৰিলে। এদিন মাধৱদেৱে ৰামচৰণক বলে “বাপু ৰামচৰণ, তোৰ আখৰ ভাল , এতেকে তই বলিছলন পুথিখনি মোক নকল কৰি দে” এই আজ্ঞা শুনি ৰামচৰণে বলিছলন পুথিখন মোমায়েকক লেখি দিলত মোময়েকে আখৰ দেখি শলাগিবলৈ ধৰিলে। মাধৱদেৱৰ ভাগিন বুলি সকলোৱে ৰাচৰণক আদৰ কৰি টকা শিকা দি সেৱা কৰে। লৰা ৰাম- চৰণ বৰ উৎসাহপ্ৰিয় আছিল। জাৰ কালি ভকত সকলে হাবিৰপৰা খৰি লুৰি আনোতে বাটত ৰামচৰণে খৰিৰ বোজাত ধৰি তেওঁলোকে টানি লৈ