পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


আতৈৰে সৈতে একেলগে ভোজন নকৰা দেখি হাজাৰাই সকলো বৃত্তান্ত শুনি তেৱো গৈ মাধৱদেৱক প্ৰাৰ্থনা কৰি শৰণ ললেগৈ। ইয়াৰ পিছত ৰজাঘৰৰপৰা বিষ্ণু আহিলত তেওঁৰে সৈতে ভ্ৰাতৃসকলে একে লগে বহি নোখোৱা দেখি তেওঁ আচৰিত মানি ভ্ৰাতৃসকলক তাৰ কাৰণ শুধি জানিব পাৰি তেৱোঁ পিছদিনা মাধৱদেৱৰ ওচৰলৈ গৈ ভক্তিভাৱে শৰণ প্ৰাৰ্থী হল। নাৱেৰে তেওঁ সুন্দৰীলৈ আহোঁতে, খোৰানদীৰ পাৰত ভাত পানী ৰান্ধি খাওঁতে শ্ৰীৰাম আতাও তাতে উপস্থিত হলগৈ। বিষ্ণুৱে ভাত খাই উঠি নৈত মুখ ধোৱা দেখি শ্ৰীৰামে তেওঁক অনাচাৰ কৰিছে বুলি কলত, বিষ্ণুৱে শ্ৰীৰামক কৰপৰা আহিল বুলি শুধি জানিব পাৰি, তেওঁকে৷ মাধৱদেৱৰ ওচৰলৈ লৈ যাবলৈ কলত শ্ৰীৰামে বিষ্ণুক লগত লৈ গৈ গুৰুজনৰ ওচৰত উপস্থিত কৰি দিলে। বিষ্ণুৰ প্ৰাৰ্থনা আৰু নাৰায়ণ ঠাকুৰৰ অনু ৰোধত মাধৱদেৱে বিষ্ণুক শৰণ লগাই ধৰ্ম্মক দিলে।

 বৰবিষ্ণু আতাই মাজে মাজে গুৰুজনৰ খবৰাখবৰ লবলৈ আহি থাকে। তেওঁৰ পুতেক যদুমণিয়েও বাপেকৰ লগত এবাৰ আহি গুৰক সেৱা কৰিলে। বৰবিষ্ণু আতাই পুতেকক মাধৱদেৱৰ পৰিচৰ্য্যা কৰি থাকিবলৈ নিযুক্ত কৰি থৈ গল। প্ৰতি মাহে বৰবিষ্ণুৱে একোবাৰকৈ মাধৱদেৱৰ ওচৰলৈ আহি গুৰুসেৱা কৰি যায়হি। এদিন তেওঁ আহোতে বাটত ৰাতি হলত, গোহালি ভঙ্গা নামেৰে বুঢ়া এজনৰ ঘৰত ৰলত, বুঢ়াই তেওঁক আদৰ কৰি ৰাখিলে। অলপমান বেলিৰ পিছতে বৰবিষ্ণু আতাই বুঢ়াক গুৰুজন মাধৱদেৱৰ বাতৰি শুধিলত বুঢ়াই “কিছুদিন গুৰুৰ ওচৰলৈ যোৱা নাই, কব নোৱাৰোঁ।” বুলি কলত, আতাই মহা খেদ কৰি, “গুৰুৰ বাতৰি কব নোৱাৰা লোকৰ ঘৰত নাথাকে৷” বুলি জোৰ এটা লগাই লৈ তেতিয়াই তাৰপৰা গুচি আহিল। ৰাতি অনেক হোৱাৰ পিছততেওঁ ওলোৱাহি দেখি তেওঁৰ মুখে ঘটনাটোৰ কথা শুনি মাধৱদেৱে সন্তোষ পাই তেওঁক খুৱাইবুৱাই ৰাখিলে।

 এদিন মাধৱদেৱে শ্ৰীৰামক কলে “কথা-সুখত বহিবৰ মোৰ মন হৈছে, বৰৰিলৰ পাৰত ঠাই প্ৰস্তুত কৰা।” গুৰুৰ আজ্ঞাত শ্ৰীৰামে স্থান প্ৰস্তুত কৰিলত সেৱকসকলেৰে সৈতে তেওঁ তাত বহি সাত দিন সাত ৰাতি কৃষ্ণ কথা বশৰাশি প্ৰকাশ কৰি আছিল। সকলো সেৱকে অমৃতৰ ধাৰৰ নিচিনা গুৰুৰ মুখৰ বচন শুনি পৰম প্ৰেমত মজি ৰৈছিল।