খাই গাটো স্থিৰ কৰি লৈ সি মাখি এটা ধৰি খালে। তাৰ পিছত জেঠীৰ
পোৱালিটো গৈ বেৰৰ ওপৰত উঠিল। এই ঘটনা দেখি পুস্কৰে মনতে
নিশ্চয় কৰিলে যে এই মা হীনা এমহীয়া শিশুৰ প্ৰতিপাল কৰিবলৈ নিশ্চয়
এজন আছে; নতুবা কোনে এই জেঠীৰ পোৱালিটক এতিয়াই ইমান
প্ৰতিপাল কৰি ৰাখিলে। সেইজনেই সকলোৰে প্ৰতিপালনৰ গৰাকি
ৰক্ষাকৰ্ত্তা ঈশ্বৰ। ঈশ্বৰৰ বাহিৰে আনৰ যতন চেষ্টা মিছা।” ইয়াকে
ভাবি তেও ধন বস্তু সকলো আনি, শিশুটিৰ চাৰিউফালে থৈ সংসাৰ-সুখত
বিৰক্ত হৈ তীৰ্থ কৰিবলৈ তেতিয়াই ওলাই গুচি গল। এনেদেখি লৰাটিৰ
পেহাক পেহীয়েকে লৰাটি লৈ তুলিতালি ডাঙৰ কৰিলে। পেহাক পেহীয়েকে
লক্ষীকান্তক ডাঙৰ দীঘল কৰি লেখা-পঢ়া শিকাই নানা শাস্ত্ৰত পাৰ্গত
কৰিলে। এইদৰে লক্ষীকান্ত ওঠৰ বছৰীয়া হল। তেওঁ এই কালতে মাধৱ
দেৱৰ ওচৰত ধৰ্মক ধৰি আহিল। বহুত তীৰ্থত ফুৰি ফুৰি ওঠৰ বছৰৰ মূৰত
পুস্কৰে নিজৰ গাওঁভুই চাবলৈ বুলি উভতি আহি অনুক্ৰমে মাধৱদেৱৰ
থান সুন্দৰী পাই মাধৱদেৱক দৰ্শন কৰিবৰ মানস কৰি তেওঁৰ ওচৰ পালত
মাধৱদেৱে তেওঁক “তুমি কোন” বুলি শুধিলত, তেওঁ “মই তীৰ্থযাত্ৰী”
বুলি গুৰুজনৰ আগত কলে। মাধৱদেৱে তেওঁক লক্ষ্মীকান্তৰ ঘৰত থাকি
বলৈ পঠিয়াই দিলে। লক্ষ্মীকান্তই বৰাগী আলহীজনক খাবলৈ দি সমাদৰ
কৰি ৰাখি, পিছদিনা তেওঁক “আপুনি কৰ বৰাগী, কৰপৰা আহিছে”,
বুলি সুধিলত তেওঁ কলে “মোৰ নাম পুস্কৰ; ঘৰ ধোপগুৰিত আছিল।
মোৰ ভাৰ্যাই এমহীয়া লৰা এটি প্ৰাণ ছাৰি গলত মোৰ মনত বৰ
বিৰকতি লাগি সৰ্ব্বস্বৰে সৈতে শিশুক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি তীৰ্থ
কৰিবলৈ গুচি গলো। মোৰ লৰাটিৰ নাম লক্ষ্মীকান্ত ৰাখিছিলো। মই
এই ওঠৰ বছৰ নানা তীৰ্থত ভ্ৰমন কৰি মোৰ জন্মভূমি চাবৰ মনেৰে আহি
দেখিলোঁ—আগেয়ে মোৰ ঘৰ বাৰী যত আছিল এতিয়া তাত অৰণ্য। লৰাটি
আৰু দ্ৰব্যবস্তু ঘৰবাৰী কলৈ গল একোৰে উৱাদিহ নাপাই গ্ৰামান্তৰলৈ আহি
মাধৱদেৱক দৰ্শন কৰিবলৈ তেওঁৰ ওচৰ পালোহি। তেওঁ তোমাৰ ঘৰতে
থাকিবলৈ পঠিয়াই দিলে।” এই বৃত্তান্ত শুনি লক্ষ্মীকান্তই কান্দি পুস্কৰৰ
ভৰিত দীঘল দি পৰি কলে “পিতা, তোমাৰে পুত্ৰ মই লক্ষ্মীকান্ত। পেহা-
পেহীৰ প্ৰতিপালত মই ইয়াতে আছোঁ।" এই কথা শুনি পূস্কৰ আতৈয়ে
আনন্দত আকুল হৈ পুতেকক আঁকোৱালি মাৰি ধৰি কান্দিবলে ধৰিলে।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ