পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


শুনি মাধৱদেৱে গোপাল আতাক শৰণ দিলে, আৰু গোপালে ধৰ্মক ধৰি গুৰুজনৰ লগতে থাকি গুৰুসেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। চাউল সিজোৱা হলে, প্ৰথমতে মাধৱদেৱে গোপাল আতাৰ পাতত বাঢ়ি দিয়ে দেখি নাৰায়ণ ঠাকুৰে গোপাল আতাক এদিন মনে মনে কলে যে তেওঁ পৃথকে অন্ন ভোজন কৰিবলৈ লওক, কাৰণ তেওঁৰ পাতত আগেয়ে অন্ন বাঢ়ি দি তাৰ পিছত হে গুৰুজনে নিজৰ পাতত অন্ন লয়;তাৰ দ্বাৰাই তেওঁৰ গাত অলপ দোষ পৰে। এই কথা শুনি গোপাল আতাই সুকীয়াকৈ সুন্দৰকৈ ঘৰ সজাই লৈ ধৰ্ম্ম আচৰণ আৰু গুৰুক সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। গোপাল আতাই কোৱা কথাষাৰ গুৰুজনৰ মনেৰে সৈতে মিলি যায় দেখি মাধৱদেৱে তেওঁৰ নাম “কথাৰ-সাগৰ” দিলে।

 ইয়াৰ পিছত অচ্যুত গুৰুৱে মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰি গুৰুৰ সঙ্গত থাকিবৰ ইচ্ছা কৰিলত, মাধৱদেৱে গোলাপ আতাক কলে “গোপাল, তুমি গুৰু-দক্ষিণা দিয়া।” গোপাল আতাই শুধিলে “বাপ, কওক কি দিম?” গুৰুৱে কলে “তোমাৰ সুন্দৰ বহাখনি এওঁক এৰি দিয়া।” এই কথা শুনি গোপাল আতাই আনন্দ মনেৰে নিজৰ ঘৰটি অচ্যুত গুৰুক এৰি দিলে আৰু তাৰ পিছত আকৌ এটি সুন্দৰ নতুন ঘৰ প্ৰস্তুত কৰি লৈ থাকিল। ইয়াৰ কিছুদিনৰ পিছত যদুমণি আতৈয়ে মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰিলত, মাধৱদেৱে গোপাল আতাক তেওঁৰ দ্বিতীয়বাৰ সজা বহাখনি যদুমণিক দিবলৈ কলত গোপাল আতাই সেইখনো সন্তোষ মনেৰে তেতিয়াই যদুমণিক এৰি দিলে। গোপাল আতাৰ এনে স্বাৰ্থত্যাগ দেখি মাধৱদেৱে মহা তুষ্ট হৈ তেওঁক কলে “গোপাল, তুমি এতিয়া নিজৰ গৃহলৈ যোৱা, তাত তোমাৰ পৰিবাৰ আছে। তুমি পৰম নিৰ্ম্মল ভক্তি আচৰণ কৰি থাকিবা; আৰু এইখন শাস্ত্ৰ দিছোঁ ইয়াক থাপনা কৰি থৈ লোককো ধৰ্ম্মক ধৰাবা।” এই আজ্ঞা শুনি ভৱানীপুৰীয়া গোপাল আতা স্বগৃহলৈ উভতি গল।

 হৰিহৰ আতাৰ ঘৰ উজনিৰ নাজিৰাত। তেওঁ ককায়েকৰ নাম বৰহৰি। তেওঁলোক দৈবজ্ঞ, জ্যোতিষ শাস্ত্ৰত পৰম পণ্ডিত। বৰহৰিয়ে জ্যোতিষৰ গণনা কৰি ভূত ভবিষ্যত কোৱাত ৰব পাৰ্গতালি লভিছিল। এদিন আসামৰ ৰজাই ৰাজসভাত বৰহৰিক শুধিলে “বাৰু মোৰ মনটো