কুমাৰ গাৱত চৰ্দ্দৰি কৰিবলৈ ধৰিলে। এই সময়তে তেওঁৰে সৈতে নাৰায়ণ ঠাকুৰ আতাৰ আলাপ পৰিচয় হয়; আৰু ঠাকুৰ আতাৰ বাক্যতে তেওঁ, আমি এই গ্ৰন্থৰ আগ ছোৱাত কৈ অহা, শঙ্কৰদেৱৰ নিমিত্তে, শঙ্কৰদেৱ কুমাৰকুচিত থাকোতে তাত পাটুকা (পাটকুৱা) এটি কৰাই দিয়ে, আৰু শঙ্কৰদেৱক সেৱা কৰি আহে। কিন্তু তেতিয়া তেওঁৰ ধৰ্ম্মক ধৰিবৰ ইচছা নহল। নাৰায়ণ ঠাকুৰৰ বিধান মতেই গোপাল আতাই কন্যা এটী বিবাহ কৰিলে। ইয়াৰ পিছত চৈতন্যপন্থী ৰামৰমীয়াৰ ধৰ্ম্ম ধৰিবৰ নিমিত্তে ৰামৰমীয়াসকলৰ লগত তেওঁ ঘুৰি ফুৰিছিল। তেওঁ ৰামৰমীয়াৰ লগত ফুৰোঁতে এদিন দেখিলে—শিষ্য এঘৰত ৰামৰমীয়াসকলক যি জলপানৰ দ্ৰব্য দিয়া হৈছিল, কাঠৰ চৰিয়া এটা আনি তাত সেই সকলোবোৰ ভৰাই ৰামৰমীয়াৰ গুৰুৱে ভৰিৰে খচকি সানি তাক সকলো শিষ্যক বাঁটি দিলে, আৰু শিষ্যসকলে ভক্তিৰে সৈতে তাকে খালে। এই কাৰ্য্য দেখি গোপাল আতাই ভাবিলে “এইটো কি বিসদৃশ কাম। এনেজন গুৰু নিশ্চয় শিষ্য কৰিবৰ যোগ্য নহয়। সুন্দৰীৰ মাধৱৰ সুনিৰ্মল ধৰ্ম্ম, সেই ধৰ্ম্মক ধৰি সকলো জীৱ কুশল হৈছে। এওঁকো তেওঁৰ ঠাইলৈ লৈ যাওঁ, মাধৱদেৱে যদি এওঁৰে সৈতে আলাপ কৰে তেন্তে মই এওঁক গুৰু লম; নহলে এওঁৰ সঙ্গ পৰিহাৰ কৰি মাধৱক গুৰু মানি তেওঁৰ প্ৰচাৰিত ধৰ্ম্মকে ধৰি থাকিম।” ইয়াকে মনতে থিৰ কৰি ভৱানীপুৰীয়া গোপাল আতাই তেওঁ গুৰু লব খোজা সেই চৈতন্যীয়া গুৰুজনক লগত লৈ মাধৱদেৱৰ ওচৰলৈ গল। দুবাৰ তিনিবাৰ সেইজনে মাধৱদেৱক মাতি মাধৱদেৱৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি ৰাগ কৰি তাৰপৰা উঠি গুচি গল। তেতিয়াই গোপাল আতা সেইজনৰ লগ এৰি তাতে ৰল। গোপাল আতাক দেখি মাধৱদেৱে শুধিলে “তুমি কিয় ৰলা?” গোপালে কলে “মই আপোনাৰ ওচৰত ধৰ্ম্মক ধৰিবৰ নিমিত্তে নিশ্চয় কৰি আহিছোঁ, কৃপা কৰি মোক শৰণ দিয়ক।” এই কথা শুনি মাধৱদেৱে তেওঁক মাধৱ মণ্ডলৰ ঘৰতে থাকিবলৈ আদেশ কৰিলত তেওঁ চাৰি দিন তাতে আছিল। চাৰি দিনৰ মূৰত গোপালক শৰণ দিবৰ নিমিত্তে ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি কলত, মাধৱদেৱে মাধৱ মণ্ডলক গোপাল আতাৰ কেনে স্বভাৱ, কেনে লক্ষণ, তেওঁ কেনে লোক, এই কথা শুধিলত, মণ্ডলে কলে “বাপ, কি কম, লোকটি বৰ সদাচাৰী; অতি আগ্ৰহ কৰি ভক্তিধৰ্ম বাঞ্ছা কৰি আছে।” এই কথা
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ