পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পণ্ডিতেৰে সৈতে বাদ কৰিব পৰা উপযুক্ত পণ্ডিত নেদেখি মনৰ বেজাৰত মৌন হৈ থকাত বঙ্গদেশীয় পণ্ডিতজনে ৰজাক অহঙ্কাৰেৰে সৈতে কটু কথা শুনালে। এই কথা পোতাশালত থকা চণ্ডীবৰে শুনি তেওঁ পণ্ডিতেৰে সৈতে বাদ কৰি পণ্ডিতক জিনিব পাৰিব বুলি ৰজালৈ জনাই পঠিয়ালত,


চৰিত্ৰ লেখকসকলে চণ্ডীবৰক বন্দীশালত থোৱাৰ কাৰণ দুটা নিৰ্দেশ কৰিছে। প্ৰথম,- চণ্ডীবৰ লেঙ্গামাগুড়িত থাকি বৰ প্ৰতাপশালী হৈ পৰিল; তেওঁ ৰজাৰ আজ্ঞাকো লঙ্ঘন কৰি নিজৰ মতে শাসন কৰিছিল, নিয়মমতে কৰ নপঠাইছিল আৰু ৰজাৰ দূতক বন্দী কৰি থৈছিল। এইবিলাক কাৰণত খঙ্গ উঠি ৰজাই ফৌজ পঠাই চন্দীবৰক ধৰাই নি বন্দী শালত থোৱায়। আন কাৰণ,-যেতিয়া চণ্ডীবৰ কমতাৰ ৰাজ্যলৈ আহে সেই সময়ত ধৰ্মনাৰায়ণ ৰজাই এৰি নিদিছিল। চণ্ডীবৰে প্ৰতি বছৰে এবাৰ গৌড় ৰাজ্যলৈ যাব বুলি অঙ্গীকাৰ কৰি কমতা ৰাজ্যলৈ আহে। সেই অঙ্গীকাৰ মতে চণ্ডীবৰ গৌড় ৰাজ্যলৈ প্ৰতি বছৰে এবাৰ গৈছিল। তাতে কমতাৰ ৰজাই চণ্ডীবৰক মনে মনে গৌড় ৰাজ্যলৈ যোৱা দেখি তেওঁৰ ৰাজ্য গৌড়ৰ ৰজাক দিয়াৰ চক্ৰান্ত পতাৰ সন্দেহ কৰি চণ্ডীবৰক বন্দী কৰি থয়। বন্দীশালত চণ্ডীবৰ এবছৰ থাকে। নবদ্বীপৰপৰা এজন পণ্ডিত বাদ কৰিবৰ নিমিত্তে কমতাপুৰলৈ আহে। সেই পণ্ডিতক চণ্ডীবৰে শাস্ত্ৰৰ তৰ্কত হৰুৱায়। ইয়াতে ৰজাই সন্তুষ্ট হৈ চণ্ডীবৰক মুক্তি দিয়ে; আৰু দেবীদাস নাম দি বহুমূল্যৰ পুৰস্কাৰ দি ঘৰলৈ পঠায়। কিছুদিনৰ পাচত লণ্ডাদেৱ গিৰিৰ মৃত্যু হয় আৰু ৰাজধৰ নামে চণ্ডীবৰৰ এটা পুত্ৰ জন্মে। লেঙ্গামা-গুড়িত কিছুদিন আহি বাস কৰে। ৰাজধৰৰ চাৰিজন পুত্ৰ হয় - সূৰ্যবৰ, জয়ন্ত, মাধৱ আৰু হলায়ুধ। সূৰ্যবৰৰ এটা পুত্ৰ জন্মে, নাম কসুম। এওঁৱেই মহাপুৰুষ শঙ্কৰদেৱৰ পিতৃদেৱ।”

(দ্বিতীয় ভাগ জোনাকী শক ১৮১১-১৮১২)

 (৩) “শঙ্কৰৰ ওপৰে চতুৰ্থ পুৰুষৰ নাম লণ্ডাদেৱ। তেৰ শতিকাত চাহাবুদ্দিন গৰীয়ে যেতিয়া দিল্লী আক্ৰমণ কৰে, তেতিয়া কনৌজ নগৰত চণ্ডীবৰ নামেৰে এজন ভূঞাঁ বা গিৰী আছিল। আগৰ কালত যাৰে ভূমী আছিল তাকে ভূঞাঁ বুলিছিল। পাচত ভুঞা মানে গিৰী অৰ্থ হল। দিল্লী জয় কৰি চাহাবুদ্দিনে কনৌজ আক্ৰমণ কৰে আৰু তেওঁ হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰোৰ ভাজি-ছিঙ্গি হিন্দুধৰ্মাৱলম্বীবিলাকক বহুত মানসিক আৰু শাৰীৰিক কষ্ট দিছিল। তেওঁৰ ভয়ত চণ্ডীবৰ আৰু তেওঁৰ লগত বহুত ব্ৰাহ্মণ কায়স্থ মানুহ হাবিলৈ পলাল। যেতিয়া যৱনে খেদি নি তেওঁবিলাকক ধৰো ধৰো হল, তেতিয়া তেওঁবিলাকে ধন-সোণ এটা পুখুৰীত পেলাই নিজৰ দেহা আৰু আত্মাক মাথোন ৰক্ষা কৰিবলৈ বুলি কাঠনিত সোমাল। যৱনে তেওঁবিলাকৰ পিচ এৰিলত চণ্ডীবৰ আৰু লগতে জনচেৰেক হাবিৰপৰা ওলাই আহিল। ওলাই আহি সেই পুখুৰীত পেলোৱা এখন তামৰ ফলি বিছাৰিছিলে। এই তামৰ ফলিত তেওঁবিলাকৰ পূৰ্ব পুৰুসকলৰ নাম আৰু কোন ৰজাই কাক কিমান মৰ্য্যদা দিছিল এইবিলাক লিখা আছিল। সেইগুণে চণ্ডীবৰে এই কলিখন বিচাৰি আকৌ যৱনৰ হাতত পৰাৰ ভয় থকা স্বত্বেও আহিছিল।

 “বহুত বেলি বিচৰাৰ পাচত তেওঁ দেখিলে এটা কাছই সেই ফলিখন মুখেৰে কামুৰি নি পাৰত তুলি থৈছে গৈ। তেতিয়াৰপৰা হেনো চণ্ডীবৰৰ বংশই কাছ নাখাইছিল । বোধ হয় এইখনেই ধাতুতাম্ৰাক্ষৰ বুলি পাচত প্ৰখ্যাত হৈছিল। চণ্ডীবৰৰ আৰু তেওঁৰ লগৰীয়া