১৭২
জাখলি, ভলুকাটি, ভোজমালা নামৰ ঠায়েদি আহি অনুক্ৰমে মালচা নামে ঠাই পালেহি। মালচাত চন্দ্ৰাভূয়াঁ নামে এজন আছিল, তেওঁৰ ঘৰতে বৰবিষ্ণু আলহী ৰলহি। চন্দ্ৰাভাই আলহীজনক শোধ-পোছ কৰি খুৱাই বুৱাই ৰাখিলে। পুৱাই বৰবিষ্ণুৱে উঠি হাতত কোৰ এখন লৈ চন্দ্ৰাভূয়াঁৰ ঘৰৰ চোতাল পদূলি নৈৰ ঘাটলৈকে চুৰুকি পবিষ্কাৰ কৰি পেলোৱা দেখি চন্দাভূয়াই ই বৰ সন্তোষ পালে। ভূয়াই তেওঁক আদৰ-সাদৰ কৰি ভাল ঘৰ এটি থাকিবলৈ দি ৰাখিলে, আৰু ভূয়াঁৰ খেতি-কৃষি কৰা ঠাইত তেওঁ সদায় উপস্থিত হৈ ভূয়াঁক সহায় কৰিবলৈ ধৰা দেখি ভূয়াই তেওঁৰ ব্যৱহাৰত বৰ আনন্দ পালে। ইয়াৰ পিছত চন্দ্ৰাভূয়াঁই তেওঁৰ কন্যাৰ্টী বৰবিষ্ণু আতালৈ বিয়া দি বৰবিষ্ণুৰ জোৱাঁই কৰিলে আৰ আতাইও শৰেকৰ ঘবত আনন্দ- মনেৰে থাকি শহুৰেকৰ সকলো কাৰ্যতে পৰম সহায়ক হৈ পৰিল। তেওঁ বেঙেনা, ধান, মাহ, সৰিয়হ ইত্যাদি খেতি কৰি সেই শহ্য বিকি অনেক টকা উপাৰ্জন কৰিলে। তাৰ পিছত তেওঁ ভাল ঠাই এখন লৈ তাত ভালকৈ ঘৰ বাৰী সাজি তালৈ গল; তেওঁৰ গোপাল, যদুমণি আদি কৰি পুত্ৰসকল জন্ম হল। এবাৰ পানী বাঢ়ি তেওঁৰ পথাৰৰ ধানবোৰ নষ্ট হলত তেওঁৰ খেতি কৰিবলৈ কঠিয়া নাইকিয়া হল দেখি, চিলাব ধানৰ কঠিয়া বিচাৰি তেওঁ উত্তৰ পাৰলৈ আহি ঠাকুৰ আতা নাৰায়ণৰ ঘৰ পালেহি। সেই সময়ত ঠাকুৰ আতা ঘৰত নাছিল; তেওঁৰ ভাৰ্য্যাই আলহীক শোধ- পোছ কৰি ভোজন আয়োজন কৰি দিলত বৰবিষ্ণু আতাই সন্তোষ মনেৰে ভোজন কৰিলে। বৰবিষ্ণু আতাই বহি এখন পুথি পঢ়ি আছিল, এনেতে ঠাকুৰ আতাই ঘৰ পাই তেওঁক দেখি শুধিলে, তেওঁ কি পুথি পঢ়িছে বুলি। বৰবিষ্ণুৱে কলে কি পুথি মই ভালকৈ নাজানো।” এই উত্তৰ শুনি ঠাকুৰ আতাই তেওঁক কলে “তুমি যি চাউলৰ ভাত খোৱা কি ধানৰ সেই চাউল তাকে নাজানা :” এইকথা, শুনি বৰবিষ্ণুৱে ঠাকুৰ আতাক প্ৰণাম কৰি শুধিলে “ইয়াৰ কি নাম আৰু কোনে এই পুথি কৰিছে মোক কওক।” ঠাকুৰ আতাই কলে “এই পুথিৰ নাম ভকতিপ্ৰদীপ; জগৎ-গুৰুৱে এই পুথি ৰচনা কৰিলে। শঙ্কৰমাধৱ দুয়ো একে বায়ণ; তেওঁলোক জীৱৰ তৰণৰ নিমিত্তে গুৰু শিষ্য ভাৱে অৱতাৰ হৈছেহি। শঙ্কৰদেৱে মাধৱদেৱত সম্পূৰ্ণ শকতি থাপি স্বধামলৈ গতি কৰিলে। এতিয়া মাধৱদেৱ সুন্দৰীত ধৰ্ম্ম প্ৰকাশ কৰি আছে।