পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সকলক গোটাই আনি আপোনাৰ ওচৰ পোৱাই দিম আপুনি বহি সেই সকলক ধৰ্ম্ম দি ধৰ্ম্ম প্ৰচাৰ কৰিব।” নাৰায়ণ ঠাকুৰৰ এই কথা শুনি মাধৱদেৱে সন্তোষ পাই, সেয়ে হওক বুলি কৈ, মাধৱ মৰলক মাতি আনি ভালকৈ নামঘৰ মণিকূট হাটীবাটী আদি কৰিবলৈ আদেশ কৰিলে। মৰলে গুৰুৰ আদেশ শিৰত লৈ, সেৱকসকলক জান দি, মনোৰমকৈ সেইবোৰ প্ৰস্তুত কৰি গুৰুক জনালত, মাধৱদেৱে শুভ ক্ষণ শুভ তিথিত তাত প্ৰবেশ কৰিলে। ভাগৱত শাস্ত্ৰ আনি নাম-ঘৰত তেওঁ স্থাপনা কৰিলে; ভকত সকলে কীৰ্ত্তনঘৰত বহি নাম গাবলৈ শাৰী নিৰুৰ্পণ কবিলে আৰু নিজে নাম লগোৱা হল।

 ইয়াৰ পিছত এদিন নাৰায়ণ আতা বামনাগ্ৰামত উপস্থিত হলত, গাৱৰ সকলো লোকে একত্ৰ হৈ তেওঁক সন্মান কৰি গুৱা পাণ আনি দিলে। ঠাকুৰ আতাই তেওঁলোকক কলে “আমি অভকতৰ দ্ৰব্য গ্ৰহণ কৰিব নোৱাৰোঁ।” এই কথা শুনি লোকসকলে প্ৰশ্ন কৰি মাধৱদেৱৰ প্ৰচাৰিত ধৰ্মৰ কথা শুনি ঠাকুৰ আতাক কলে “আপুনি আমাক এতিয়াই শৰণ দি ভকতীয়া কৰক।” ঠাকুৰ আতাই তেওঁলোকক কলে যে “গুৰুজন মাধৱদেৱে হে শৰণ দিব পাৰে। এতেকে তোমালোক সুন্দৰীদিয়ালৈ যাব লাগিব। শঙ্কৰ মাধৱ দুয়ো ঈশ্বৰৰ অৱতাৰ; গুৰু শিষ্য ভাৱে দুয়ো জীৱৰ কল্যাণৰ নিমিত্তে ধৰ্ম প্ৰকাশ কৰিছে। শঙ্কৰদেৱে তেওঁৰ প্ৰিয় শিষ্য অভেদ আত্মা মাধৱদেৱত ধৰ্ম্মক স্থাপি বৈকুণ্ঠ প্ৰয়াণ কৰিলে। মই মাধৱদেৱৰ মাথোন ভক্ত এজন। এতেকে তোমালোক সুন্দৰীলৈ যোৱা, তাত মই গুৰুজনৰ হতুৱাই তোমালোক শৰণ দিয়াম।” এই কথাত লোকসকলে আনন্দ প্ৰকাশ কৰিলত, ঠাকুৰ আতাই তেওঁলোকক নীতি সদাচাৰৰ বিষয়ে উপদেশ দিলে। পিছদিনা সেই লোকসকলে সুন্দৰীদিয়ালৈ আহি মাধৱদেৱৰ ওচৰত হৰণ ললে।

 হৰিবল্লভ নামে, বাৰীৰ লৰা এজনে ঠাকুৰ আতাৰ লগত আহি মাধৱ- দেৱৰ ওচৰত ধৰ্ম্মক ধৰিলে। এইদৰে ঠাকুৰ আতাই গাৱেঁ গাৱেঁ গৈ লোকসকলক ধৰ্মৰ কথা কৈ লৈ আহি মাধৱদেৱৰ ওচৰত শৰণ লোৱাবলৈ ধৰিলে। তাঁতীকুচিৰপৰা অনেক লোকক এই দৰে আনি ঠাকুৰ আতাই শৰণ লগোৱালে। জনাৰ্দ্দন কায়স্থ নামে এজন মুখীয়াল লোকক নাৰায়ণ