পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সুন্দৰীদিয়াৰ সুন্দৰীসকলে মাধৱদেৱ তালৈ অহা শুনি এদিন কাছিপাৰি তেওঁৰ ওচৰত উপস্থিত হলহি। মাধৱদেৱে অধোমুখে সুন্দৰীসকলক কলে “তোমালোকে এনে লাস-বেশ কৰি ইয়ালৈ কিয় আহিলা? এনে বেশেৰে স্বামীৰ পাশলৈ হে যাব লাগে। কোন তিৰুতাই এনে বেশেৰে পুত্ৰৰ ওচৰলৈ আহে?” এই কথা শুনি সুন্দৰীসকলে বৰ লাজ পাই, এজনীয়ে আনজনীৰ গাৰ আৰত মুখ লুকাই, লাহে লাহে দুই এক কৰি তাৰপৰা গুচি গল। পিছদিনা তেওঁলোকে বৰবিলত গা ধুবলৈ যাওঁতে মাধৱদেৱৰ ভনীয়েক উৰ্ব্বশীক লগ পাই কলে “কালি আমি গুৰু মাধৱদেৱক দৰ্শন কৰিবৰ অভিলাষ কৰি তেওঁৰ কাষলৈ গৈছিলো, কিন্তু তেওঁ আমাক এইদৰে কলত আমি লাজ পাই গুচি আহিলেহঁক।” উৰ্ব্বশীয়ে কলে “দদা বৰ অৰসিক। তেওঁৰ ওচৰলৈ তোমালোকে এনে লাসেবেশে কাছিপাৰি নো গৈছিলা কিয়? যদি তেওঁক দৰ্শন কৰিবৰ অভিলাষ কৰিছা, তেন্তে সাত্ত্বিক বেশেৰে ভক্তি কৰি মালা গাথি লৈ শুদ্ধমনেৰে তেওঁৰ ওচৰলৈ যাবাহঁক; সেইদৰে গলে দদাৰ দৰ্শন পাবা। মইও আজি দদাক এই কথা কম; তোমালোক কাইলৈ সেইদৰে যাবা।” ভনীয়েকে মাধৱদেৱক সুন্দৰীসকলৰ এই কথা জনালত, মাধৱদেৱে “বাৰু আহক” বুলি আদেশ কৰিলে। পিছদিনা গুৱা পাণ কিছু কটাই মাধৱদেৱে প্ৰস্তুত কৰি থলে। এশজনী সুন্দৰীয়ে এশধাৰি তুলসীৰ মালা গাথি লৈ শুচি-সঞ্জমন হৈ মাধৱদেৱৰ ওচৰত উপস্থিত হৈ তেওঁক সেৱা কৰিলত, মাধৱদেৱে ঠগি আগবঢ়াই দি সুন্দৰীসকলৰ মালা তাতে থোৱালে। সুন্দৰী- সকলে ভক্তিভাৱে কাতুৰ্ব্বাদ কৰি মাধৱদেৱত শৰণ মাগিলত, তেওঁ দুধাৰি মালা নিজৰ মুৰত পৰিধান কৰি, বাকী তেওঁলোকক একোধাৰিকৈ দি ভক্তিধৰ্মৰ উপদেশ দিলে। সুন্দৰীসকল কৃতকৃত্য হৈ স্বস্থানলৈ গতি কৰিলে আৰু সেইদিনাৰ পৰা তেওঁলোক হৰিনাম শ্ৰৱণ কীৰ্তন আৰু হৰিত ভকতি কৰি শুদ্ধচিত্ত হল।

 সুন্দৰীদিয়াত থাকি মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু অনেক লোকে তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম গ্ৰহণ কৰিলে।

 আগেয়েও যেনেকৈ সদায় ঠাকুৰ আতা মাধৱদেৱৰ ওচৰলৈ আহি আছিল, এতিয়াও সেইদৰেই তেওঁ সুন্দৰীদিয়ালৈ মাধৱদেৱৰ ওচৰলৈ