মাধৱদেৱে প্ৰতিদিন গণকুচিৰপৰা আহি গুৰুপত্নী আৰু ঠাকু-
সকলৰ বুজ লৈ থাকে। শঙ্কৰদেৱৰ সাম্বৎসাৰিক শ্ৰাদ্ধ মহাসমাবদাহেৰে
সৈতে সমাপিত হোৱাৰ পিছত ৰমানন্দ ঠাকুৰ বসন্ত ৰোগত আক্ৰান্ত হল।
মাকলীৰ-পো ৰাম আতৈৰো বসন্ত ওলাল। মাধৱদেৱে দিনে ৰাতিয়ে
পাটবাউসীলৈ আহি ঠাকুৰৰ শুশ্ৰুষা কৰিবলৈ ধৰিলে। মাকলীৰ-পো
ৰামকো ঠাকুৰৰ ভৰি-পথানতে নি ৰখা হল। এদিন ৰাতি মাকলীৰ-পো
ৰামে ঠাকুৰক প্ৰাৰ্থনা কৰি কলে “মোকো লগতে নিব।” ঠাকুৰে কলে
“ভাল, মোৰ লগতে চলিবা।” মাধৱদেৱ ওচৰতে শুই আছিল, তেওঁ এই
কথা শুনি বুজিলে যে ৰমানন্দ ঠাকুৰ আৰু নাথাকে। পিছদিনা ৰাতিপুৱা
ৰমানন্দ ঠাকুৰ আৰু তাৰ ক্ষন্তেকৰ পিছতে মাকলীৰ-পো ৰামৰ মৃত্যু হল।
বাক। নাযাইবো বুলিয়া তেহোঁ পঠাইলা আমাক॥ পুছিলওঁ কি কাৰণে নযাইবন্ত এবে। তেহোঁ বোলা তোমাৰ ঘৰক যাওঁ যেবে॥ তেবে আনো বুলিবেক যাইবা আমাক। সবাৰো ঘৰক মোৰ লাগিবে যাইবাক॥ এতেকে নাযাইবো বাপু ঘৰক যায়োক। এহি বুলি প্ৰবোধিয়া পঠাইলন্ত মোক॥ শুনিয়া মাধৱদেৱে বুলিলন্ত হাসি। আনৰে তোমাৰ ঘৰ সম ভৈল আসি॥ নামাতিলে আসিবাক লাগে আপোনাৰ। মাতিলে নাসন্ত ভাল বুজিলন্ত সাৰ॥ আৰ আন বেলা পুনু নামাতিবা তাঙ্ক। এহি বুলি হৰিচৰণক দিলা হাক॥”—দৈত্যাৰি।
“আৰ এক দিন, ভৈল কথা যেন, কহে শুনিয়োক তাক। দামোদৰ গুৰুক মাধৱদেৱে আনি বুলিলন্ত বাক॥ আমি যাক দুৰ কৰোঁ তাক কেনে, দিয়া ঠাই দামোদৰ। তেহেঁ বোলা মই কাহাক খেদিম, কেহোঁ নোহে মোৰ পৰ॥ মাধৱে বোলন্ত সত্ৰ কৰি আছা, আচাৰ্য স্বৰূপ হুই। বিধৰ্ম্ম দেখিয়া শিক্ষা নেদিবাক, তোমাৰ দুষণ নুই॥তেহে বুলিলন্ত যি যত কৰে কৰে সিতো আপোনাক। তাৰ দোষচয় আমাৰ লাগয় কিবা হেতু দেখিবাক॥ তোমাক শঙ্কৰদেৱে থাপিছন্ত, তুমি সে পাৰা দেখিবে॥ দোষগুণ যত, তুমিসি শকত ৰাখিবে জানা খেদিবে॥ আমাক শঙ্কৰদেৱে থপা নাই, এতেকে জানা আমাৰ। ৰাখিবে খেদিবে, দোষক দেখিবে নাহিকয় অধিকাৰ। আতে শতধনু ৰাজা কথা তুলি মাধৱদেৱে কহিল। পুৰাণৰ কথা বুলি দামোদৰ গুৰু তাক নামানিল॥ মাধৱে বোলন্ত শ্ৰীধৰ স্বামীয়ো পুৰাণৰ উক্তি তুলি। টীকা কৰিলন্ত এঁহে নামানন্ত পুৰাণৰ কথা বুলি॥ দামোদৰ গুৰু বুলিলন্ত টীকা কৰন্তো শ্ৰীধৰস্বামী। শ্ৰীভাগৱত বিনে পুৰাণৰ কথাক নামানো আমি॥ অনন্তৰে দেৱ মাধৱে বোলন্ত ৰত্নাকৰ গ্ৰণ্ঠথান। পুৰাণৰ শ্লোক তুলি কৰিলন্ত শঙ্কৰদেৱে নিৰ্মাণ ॥ তুমি বোল ইতো পুৰাণৰ কথা, আৰে আক কি কৰিবা। কহিও সত্বৰ গ্ৰন্থ ৰত্নাকৰ মানিবা কি নামানিবা॥ শুনি দামোদৰ গুৰু বুলিলন্ত চতুৰ্ভুজ ৰূপে যেবে। আসি ভগৱন্ত আপুনি কহন্ত নামানিবোঁ আমি তেবে॥ শুনিয়া মাধৱে সজ সজ বুলি আৰ কিছু নুবুলিলা। চিৰা খুৱাই ভুণি ফোটা জোৰ দিয়া প্ৰবোধি বিদায় দিলা॥ বোলন্ত তোমাৰ আমাৰ জানিবা পৰিছেদ এহিমানে। পূৰ্ব্বে এহেঁ এত খানিকো কথাক পুছিলা আমাৰ খানে।অ'ৰে চতুৰ্ভুজ ৰূপৰো কথাক নামানো এহেঁ বুলিলে॥” দৈত্যাৰি।