পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সেইদিনা মাধৱদেৱ শঙ্কৰদেৱৰে সৈতে তাতে থাকি, পিছদিনা প্ৰভাততে উঠি স্নান নাম-প্ৰসঙ্গ ভোজন গুৰুৰ তাতে কৰি আঁতাই গণককুচিলৈ আহিবলৈ বিদায় ললত, শঙ্কৰদেৱে কলে “শুনা বঢ়াৰ পো, আগত বৰ্ষত, এই মাহ এই দিনত, মোৰ নিমিত্তে পাঁচ সাত খোজ কাঢ়ি আগ বাঢ়ি আহি মোৰ মনৰ কামনা সফল কৰিবা। এতিয়া নিজৰ ঠাইলৈ যোৱা।" মাধৱদেৱে বিষাদিত মনেৰে আহি অনুক্ৰমে গণককুচি পালেহি। তেওঁ পাটবাউসীলৈ গৈ গুৰুপত্নীৰ আগত শঙ্কৰদেৱৰ বয়-বাতৰি সকলোবোৰ কলত গুৰুপত্নীয়ে মনত অনেক সান্ত্বনা পালে।

 ইয়াৰ পিছত মাধৱদেৱে সময়ে সময়ে অনেক গীত ভটিমা নাট আদি শাস্ত্ৰ ৰচনা কৰি ঠায়ে ঠায়ে সেইবোৰ থাপিলে।