উলিয়াই লয়, আৰু গোটা বাঁহ হাতেৰে মোহাৰি তাক খৰি কৰি লৈ তাৰ জুই ধৰে।” শঙ্কৰদেৱৰ বুধি মতে ৰজাই মালক সেইদৰে সিধা দিয়াই কোৱালত, মালহঁতে ভাবিলে “এই দেশৰ মাল আমাতকৈ বহুত বৰ; ইহঁতৰ লগত যুজিলে আমি হাৰি মৰিব লাগিব। এতেকে বলহঁক এতিয়াই পলাই যাওঁহঁক, নতুবা ৰজাই নেৰে, ইহঁতৰে সৈতে আমাক যুজাব।” এই বুলি সিহঁত তেতিয়াই লৰালৰিকৈ পলাই গুচি গল। ৰজাই এনে হোৱা শুনি শঙ্কৰদেৱৰ বুদ্ধিৰ প্ৰশংসা কৰিবলৈ ধৰিলে।
এইদৰে শঙ্কৰদেৱ বেহাৰত থকা ডেৰ বছৰ হল। মাধৱদেৱ গণক কুচিত। এদিন মাধৱদেৱে ভাবিলে যে বাণ্ডুকাত তেওঁৰ ককায়েকৰ ঘৰত বুঢ়ী-দশম পুথিখন ৰল; আৰু তেওঁৰ ককায়েক আৰু বৌৱেকহঁতও আশৰণীয়া হৈ আছে; এতেকে তেওঁ এবাৰ বাণ্ডুকালৈ যোৱা উচিত। আৰু যাওঁতে বাটত শঙ্কৰদেৱৰে সৈতে দেখা কৰিও যাব পাৰিব। ইয়াকে ভাবি তেওঁ বাণ্ডুকালৈ যাবলৈ মনোগত কৰি যাত্ৰা কৰিলে। কিছুমান দিনৰ মূৰত তেওঁ শঙ্কৰদেৱৰ আগত উপস্থিত হলত, তেওঁক দেখি শঙ্কৰদেৱৰ আনন্দৰ পাৰ নোহোৱা হল। মাধৱদেৱে শঙ্কৰদেৱৰ পাৱত পৰি প্ৰণাম কৰিলত, শঙ্কৰদেৱে কুশল বাৰ্তা শুধি, তেওঁ কিয় আহিল সোধাত, মাধৱ- দেৱে বাণ্ডুকালৈ যাবলৈ আহিলোঁ বুলি কৈ মনৰ অভিপ্ৰায় ব্যক্ত কৰিলে। শঙ্কৰদেৱে কলে “বাৰু আহিছ৷ যেতিয়া যোৱা, কিন্তু কাৰ্য্য সিদ্ধি নহব। বঢ়াৰ পো, এটি কাম কৰিবা, বাটত মোৰ সেৱক শিৱানন্দৰ লস্কৰৰ ঘৰ পাবা, তেওঁৰ ঘৰত অলপ বহি তেওঁক দেখা দি যাবা।” মাধৱদেৱে “ভাল" বুলি কৈ, গৈ অনুক্ৰমে শিৱানন্দ লঙ্কৰৰ ঘৰ পালেগৈ। শিৱানন্দই মাধৱক সমাদৰ কৰি আগবঢ়াই আনি প্ৰণাম কৰি বহুৱালে। কিছুমান বেলিৰ মূৰত যেতিয়া মাধৱদেৱ যাবলৈ উঠিল, শিৱানন্দই তেওঁক কলে—“তোমাক প্ৰৱত্তিবলৈ কিছু দ্ৰব্য বস্তু দিম, তুমি উভতি যাবৰ সময়ত মোৰ ঘৰত সোমাই লৈ যাবা।” শিৱানন্দৰ এই কথা শুনি মাধৱদেৱে মনত বৰ বিষাদ পালে। তেওঁ ভাবিলে ‘ই মোক লোভী বুলি ভাবিলে। হৰি হৰি। এনে মানুহৰ ঘৰলৈকে গুৰুজনে মোক আহিবলৈ কৈছিল।” এইদৰে মনত দুখ কৰি তেওঁ গুচি গল। এইদৰে গৈ তেওঁ কিছুদিনৰ মুৰত বাণ্ডুকা পালেগৈ। তাত তেওঁ কিছুদিন থাকিও তেওঁৰ কাৰ্য সিজি কৰিব