এয়োবিংশ অধ্যায়
শঙ্কৰদেৱৰ বৈকুণ্ঠ-প্ৰয়াণ
শঙ্কৰদেৱে বেহাৰ পাই চিলাৰায়ৰ ঘাটত নাও লগালতে, চিলাৰায়ে মহা আনন্দ লভি আগবাঢ়ি আহি শঙ্কৰদেৱক তুলি লৈ গৈ, শঙ্কৰদেৱ আগৰ বাৰ আহি থকা সেই ফুলনিবাৰীৰ ঘৰতে থাকিবলৈ দিলে। চিলা- ৰায়ৰ ভুবনেশ্বৰীকে আদি কৰি এশ ৰাণীয়ে গাইপতি একোসাজ কাপোৰ, টকা, আৰু একোধাৰ ফুলৰ মালা হাতত লৈ শঙ্কৰদেৱৰ ওচৰলৈ আহি আগত থৈ বহি তেওঁক সেৱা কৰিলত, শঙ্কৰদেৱে তেওঁলোকক সমাদৰ কৰি, তেওঁলোকে তেওঁক দিয়া এশধাৰি মাল লৈ আকৌ সেই মালাকে তেওঁলোকক একোধাৰ কৰি দি গলত, গাইপতি একোধাৰকৈ তেওঁলোকে পোৱাৰ পিছত দুধাৰি মালা বাঢ়িল। সেই দুধাৰি মালা শঙ্কৰদেৱে নিজে পিন্ধিলে। এই এশ ৰাণীয়ে শঙ্কৰদেৱৰ ওচৰত ধৰ্ম প্ৰাৰ্থনা কৰি ধৰ্মক ধৰিলে। চিলাৰায়ে নৰনাৰায়ণৰ আগত শঙ্কৰদেৱ আহিছে বুলি কলত, ৰজাই শুনি অনন্দ কৰি কলে “আমাৰ ভাগ্যৰ নিমিত্তে হে শঙ্কৰদেৱ আকৌ আহিছে। শুনা ননু, তুমি তেওঁক ভালকৈ সত্ৰ এখন কৰি দিয়া, আৰু মোৰ পাশলৈ যেন তেও সততে আহি থাকে।" এই কথা শুনি শুক্লধ্বজে সন্ধৰা কাজীৰ কলাবাৰীৰ কলাগছবোৰ কটাই সেই ঠাইতে হাটী বাটী নামৰ মণিকট আদি সজাই দিয়াই শঙ্কৰদেৱক ৰাখিলে। ৰজাই দূত পঠিয়াই শঙ্কৰদেৱক সভালৈ মতাই নি সমাদৰ কৰিলে। ৰজাৰ সভাৰ ভট্টাচাৰ্য পণ্ডিতসকলে শঙ্কৰদেৱৰে সৈতে বাদ কৰিবলৈ ৰজাৰ অনুমতি খুজিলত, ৰজাই তেওঁ লোকক কলে “ইয়াৰ পূৰ্বে অনেক পণ্ডিত ব্ৰাহ্মণে মিলি শঙ্কৰেৰে সৈতে বাদ কৰি হাৰি লাজ পাই গুচি গৈছিল, তথাপি এতিয়া তোমালোকে বাদ কৰিব খুজিছা। তেওঁৰে সৈতে বাদ কৰিবলৈ গলে, নিশ্চয় হাৰি লাজহে পাবা।” এই বুলি ৰজাই অনুমতি নিদিলে। ইয়াৰ পিছত ভট্টাচাৰ্যসকলে