এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ
ইয়াৰ পিছদিনা ৰতিকান্তই গণককুচিলৈ আহি মাধৱদেৱক প্ৰণাম
কৰি, আগৰ তেওঁৰ সেই উপহাস বচনৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কলে
“শুনা আতা, শঙ্কৰ দদা পৰ্ব্বত সদৃশ আছিল; তেওঁৰ আৰত তুমি
আছিল৷; যেনেকৈ এটা পৰ্ব্বতৰ আৰত আন এটা পৰ্ব্বত থাকিলে আৰৰ
পৰ্ব্বতটো চকুত নপৰে, সেইদৰে দদা থাকোঁতে তুমি চকুত নপৰিছিলা।
সেইদেখি তোমাক তেতিয়া ভালকৈ নেদেখি তুমি শাস্ত্ৰ কৰিব খোজাত
উপহাস কৰিছিলোঁ। এতিয়া তুমি মোৰ দোষ ক্ষমা কৰি, শাস্ত্ৰ কৰি,
লোকৰ অজ্ঞান অন্ধকাৰ দুৰ কৰা।” এই কথা শুনি মাধৱদেৱে সন্তোষ
পালে, আৰু তাৰ পিছৰপৰা “ৰাজসূয়" আদি গ্ৰন্থ ৰচনা কৰিবলৈ ধৰিলে।
মাধৱদেৱে নিতৌ গণককুচিৰপৰা গৈ গুৰুপত্নী আৰু গুৰু পুত্ৰসকলৰ ভু-বতৰা লৈ থাকে, আৰু তেওঁলোকৰ সকলো অভাৱ মোচন কৰিবলৈ চেষ্টা কৰে।
⸻