ইয়াৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক কলে “বঢ়াৰ পাে, আমাৰ নিমিত্তে
তুমি আজি চাউল সিজোৱা।।” এই কথা শুনি মাধৱে প্ৰাৰ্থনা কৰি কলে
“বাপ, সেইটি আজ্ঞা নকৰিব। আপােনাৰ অনেক পৰিয়াল আছে, ইয়াৰ
পিছত সেই সকলােৱে আমাক ৰান্ধিবলৈ কৈ কব, যে শঙ্কৰদেৱে তােমাৰ
হাতে ভােজন কৰি গৈছে, এতিয়া তুমি কিয় আমাক ভােজ ৰান্ধি নিদিবা।
এতেকে বাপ, ৰমানন্দ ঠাকুৰেই চাউল সিজাওক, আমাৰ প্ৰতি সেই আজ্ঞা
নকৰিব, আপােনাৰ চৰণত এই প্রার্থনা কৰিলোঁ।।” এই কথা শুনি শঙ্কৰ-
দেৱে হাঁহি কলে “বাৰু সেয়ে হওক আৰু তােমাৰ ভােজনও আমাৰ লগতে
হওক।” পিছত ৰমানন্দ ঠাকুৰে অন্ন ব্যঞ্জন ৰান্ধি প্রস্তুত কৰিলত, শঙ্কৰ-
দেৱে তেওঁক আদেশ কৰিলে যে “মোৰে সৈতে বঢ়াৰ পােৰ অন্ন ব্যঞ্জন
একেত্রে দিবা। সেই আজ্ঞামতে কাৰ্য্য হলত, শঙ্কৰদেৱে মাধৱদেৱৰে
সৈতে একেলগে ভােজন কৰি, একে ঠাইতে বহি তাম্বুল ভােজন কৰিলে,
আৰু ৰাতি একেলগে শয়ন কৰিলে।
এইদৰে শঙ্কৰদেৱে তাল, মালা, শক্তি, ভক্তি, বল, বীর্য্য পৰাক্ৰম সকলােকে মাধৱদেৱক সমর্পণ কৰি পিছদিনা পুৱাই উঠি শুচি-সঞ্জমন হৈ স্নান-দান নাম-প্রসঙ্গ আৰু ভােজনাদি কৰি অঁতালত, নাৰায়ণ ঠাকুৰে আহি যত যি থব লাগে সেইদৰে সকলো বস্তু নাৱত ভৰাই দিলে। সকলাে সেৱক হৰিধ্বনি কৰি গুৰুৰ পিছে পিছে আহিল, আৰু গুৰুজনে নৌকাত প্রবেশ কৰিলে। মাধৱদেৱে গুৰুৰ চৰণত পৰি প্ৰণাম কৰি কলে ‘বাপ, আমাকো আপুনি যেন আপােনাৰ পুত্ৰসকলৰ ভিতৰৰ এজন বুলি মানিব।” এই কথা শুনি শঙ্কৰদেৱে প্ৰেমাকুল হৈ ক ল “শুনা বঢ়াৰ পাে, ভাৰ্য্যা পুত্ৰ ধন জন সকলো অনিত্য, সকলােকে কালে হৰণ কৰি নিয়ে। অনিত্যৰ সমান তুমি কিয় হবা। তুমি আমাৰ প্ৰাণ বান্ধৱ বুলি জানিবা।” এই বলি তেওঁ মাধৱ দেৱক আলিঙ্গন কৰি, তেওঁৰ মূৰ শুঙি, প্রেমাকুল হৈ তেওঁক বিদায় দি নাও মেলি দিলে। শঙ্কৰদেৱে নাৱৰ পানী-কুন্ধিৰ চৰনত থিয় দি চকুৰে ৰিণিকি ৰিণিকি দেখালৈকে সেৱকসকলৰ ফালে দৃষ্টি কৰি ৰল আৰু মাধৱকে আদি কৰি সেৱকসকলেও সেইদৰে তেওঁৰ ফালে চাই থাকি, তেওঁৰ নাও আৰু নেদেখা হলত হে বিষাদিত মনেৰে আপােনাৰ ঠাইলৈ উলটিল।