এবেলি তেওঁৰ কথাটি শুনে? চান্দচায়ে নেৰানেপেৰাকৈ লগা দেখি
ব্ৰাহ্মণ কেইজনে অত্যন্ত তুচ্ছভাৱে তেওঁক কলে, “বাৰু কি শুধিব খুজিছ
শোধ।” চান্দসায়ে বিনয় কৰি কলে “মোৰ তিনটা ভ্ৰম হৈছে—প্ৰথমতে,
কৰপৰা বেদ হল? দ্বিতীয়তে, কৰপৰা ব্ৰহ্ম হল? তৃতীয়তে জগৎপাৱনী
গঙ্গা কৰপৰা হল? এই তিনটি কথা জানিব খুজিছোঁ, কৃপা কৰি মোক
কওক? পণ্ডিতসকলে উত্তৰ দিলে “শুন যৱন, তেন্তে কওঁ,বেদ বিষ্ণুৰ
মুখৰপৰা ওলাল। ব্ৰহ্মাৰ জনম বিষ্ণুৰ নাভি-কমলৰপৰা; আৰু বিষ্ণু-
পদৰপৰা গঙ্গাৰ উৎপত্তি হল।” চান্দসায়ে আকৌ শুধিলে “এই তিনি
ঠাইত বাজে ঈশ্বৰৰ আৰু আন অঙ্গ প্ৰত্যঙ্গ আছে নে নাই? যদি ঈশ্বৰৰ
এই তিনি অঙ্গৰপৰা এই তিনি বস্তু বাজ হল, তেন্তে ঈশ্বৰ কেনেকৈ
নিৰাকাৰ হল?” চান্দসায়ে এইদৰে তেওঁলোকক ঠেকত পেলালত তেওঁ-
লোকে মাতিব নোৱাৰা হৈ লাজ পাই সেমেনাসেমেনি কৰি লাহে লাহে
তাৰপৰ উঠি গুচি গল।
এদিন শঙ্কৰদেৱে একাদশীত উপবাস কৰি গোটেই দিন থকাত তেওঁৰ মুখ শুকাই থকা দেখি পত্নীয়ে বলোৰাম আলধৰাক পঠিয়াই দিলে স্বামীক কবলৈ, যেন ৰাতি তেখেতে অলপ আহাৰ কৰে। শঙ্কৰদেৱে এইকথা শুনি অলপ খংকৈ বলোৰামক দুৰ হ বুলি কলত, বলোৰাম ঘৰৰ বাজত পানীপোতাতে ৰাতি জাৰত কঁপি কঁপি আছিল। ৰাতি শঙ্কৰদেৱে স্বপ্ন দেখি উঠি, বলোৰামক সেই দৰে জাৰত কঁপি বহি থকা দেখি, ধন্য মোৰ ভক্ত বুলি প্ৰশংসা কৰি সাদৰ কৰি ঘৰৰ ভিতৰলৈ পঠিয়াই দিলে।
শঙ্কৰদেৱৰ বাক্যত মাধৱদেৱে শাস্ত্ৰ কৰিবলৈ মন কৰি এদিন “ৰাজসয়” গ্ৰন্থখন লেখিবৰ নিমিত্তে পাত মহী আদি যুগুত কৰি বহিছে, এনেতে শঙ্কৰদেৱৰ খুৰাকৰ পুতেক ৰতিকান্তই দেখি উপহাস কৰি কলে “দদায়ো শাস্ত্ৰ কৰে, তুমিও কৰিবা। লোকে এইটো কথা শুনিলে কি বুলিব।” এনেকৈ কোৱা শুনি মাধৱদেৱে শাস্ত্ৰ নেলেখি সামৰি থলে। শঙ্কৰদেৱে এই কথা পিছত শুনি মনত বিষাদ পালে। এদিন সকলো সেৱকেৰে সৈতে শঙ্কৰ মাধৱ দুইজন বহি থাকোতে শঙ্কৰদেৱে মাধৱক সম্বোধন কৰি কলে “বঢ়াৰ পো, তোমাৰ আমাৰ ভিতৰত একো ভিন্পৰ নাই। এই কথা নাজানি মন্দমতি সকলে আন প্ৰকাৰ কল্পনা কৰে। আজিৰপৰা যত শাস্ত্ৰ কৰিব লাগিৰ সকলোকে তুমিহে ৰচনা কৰিবা, এই কথা মই