কথা শুনি মাধৱদেৱে কলে “বাপ, সদায় আপোনাৰ ৰণ দেখিবলৈ পাই
আছোঁ, সেয়ে মোৰ পক্ষে যথেষ্ট; আন কথাত মোৰ প্ৰয়োজন কি?”
শঙ্কৰদেৱ পাটবাউসীত থকা কালত স্থান-স্থানান্তৰৰপৰা লোকসকলে তেওঁৰ ওচৰলৈ আহি তেওঁৰ প্ৰচাৰিত ধৰ্ম গ্ৰহণ কৰিছিল। তেলীকৃষ্ণ, শিৱানন্দ, বুঢ়া গোপাল, হৰিদাস আতৈ আদি ভকতসকলে আহি প্ৰাৰ্থনা কৰি শঙ্কৰদেৱৰ ওচৰত ধৰ্ম্মক ধৰিলেহি। সকলোৰে ভক্তি পৰীক্ষা কৰিহে তেওঁলোকক শঙ্কৰদেৱে শৰণ দিছিল। কৰ্ণনুৰ , হৰিদেৱ আৰু দামোদৰদেৱকে আদি কৰি দ্বিজসকলে সদায় শঙ্কৰদেৱৰ ওচৰলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কৰেহি। নাৰায়ণ আতা, জয়ন্তীয়াৰ মৰাই, চান্দসাই, কোৰোলা বাঢ়ৈ আৰু হাটী বাটীৰ ভিতৰত যত সেৱক আছে সকলো আহি শঙ্কৰদেৱক বেঢ়ি বহি তেওঁৰ মুখৰপৰ হৰি-কথা শুনি দিনৌ পৰম আনন্দত নিমগন হৈ থাকে। এদিন চাৰিজন চিলাৰ পণ্ডিত ব্ৰাহ্মণ আহি শৰদেৱৰ ওচৰত উপস্থিত হল। শঙ্কৰদেৱে তেওঁলোকক সমাদৰ কৰি বহুৱালে। তেওঁলোকে শঙ্কৰদেৱৰে সৈতে নানা শাস্ত্ৰালাপ কৰি এবাৰ কথাৰ চলতে শাস্ত্ৰৰ মত উদ্ধৃত কৰি উলিয়ালে যে পৰব্ৰহ্ম নিৰাকাৰ; তেওঁৰ কোনো ৰূপ হব নোৱাৰে। শঙ্কৰদেৱে কলে যে “পৰব্ৰক্ষ্ম নিৰাকাৰ হয়, কিন্তু জীৱৰ তৰণ হেতু ব্ৰহ্মই অকাৰ ধৰি প্ৰকাশ হয়। দুষ্টৰ দমন, আৰু সাধুজনক ৰক্ষাৰ নিমিত্তে ব্ৰহ্ম সাকাৰ হৈ অৱতাৰ হয়, যাৰ যশ নাম কীৰ্ত্তন কৰি লোকসকলে ভৱবন্ধন নাশ কৰি বৈকুণ্ঠ পায় গৈ। পৰব্ৰহ্মই গোলোক বৈকুণ্ঠ আদি সকলো স্থানতে বিৰাত আদি নানা ৰূপ ধৰি আছে। আকাৰ বিহীন চিন্তা কৰিবৰ উপায় নাই দেখি পৰব্ৰক্ষ্মই আকাৰ ধাৰণ কৰে।” এইদৰে গীতা ভাগৱত আদি নানা শাস্ত্ৰৰ মত উদ্ধাৰ কৰি ব্ৰাহ্মণ পণ্ডিত কেইজনক বুজাই কোৱাত তেওঁলোকে নুবুজি, খালি কুট তৰ্ক কৰা দেখি শঙ্কৰদেৱৰ ওচৰতে বহি থকা তেওঁৰ মুছলমান বৈষ্ণৱ ভক্ত চান্দসাইয়ে বিনয় কৰি ব্ৰাহ্মণ কেইজনক কলে “মই অতি হীন জাতি, যাক ম্লেচ্ছৰ মধ্যত গণ্য কৰা হয়। মই জনা নজনাকৈ এটি কথা শুধিব খুজিছো, অনুগ্ৰহ কৰি আপোনাসকলে তাৰ উত্তৰ দিব নে?” চান্দসাইৰ কথা শুনি ব্ৰাহ্মণ কেইজনে খঙত উফৰি চিিটকি কলে “তই অস্পৃশ্য যৱন, তোৰ কথা কোনে শুনে?” কিন্তু চান্দসায়ে তেওঁলোকৰ ভৰকলৈ কাণ নকৰি ৰাৰে বাৰে মাথোন প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে তেওঁলোকে যেন দয়া কৰি