বোলা ঠাইত বসতি কৰিলে; আৰু সামন্ত লক্ষ্মীপুৰতে (আজিকালি যাক লখী্ পুৰ বোলে) থাকিল। সামন্তৰ পিছত তেওঁৰ পুত্ৰসকলে তাতে ৰাজত্ব কৰি আছিল, আৰু মধ্য-অসমত ৰাজত্ব কৰি থকা কছাৰী ৰজাই আৰু সদিয়াৰ ছুটিয়া ৰজাই তেওঁলোকৰ স্বাধীনতাত হাত দিব নোৱাৰিছিল। কিন্তু পিছত আহোম ৰজাৰ হাতত তেওঁলোকে হাৰি ৰাজ্য হেৰুৱায়। ৰাজধৰ নামে সান্তনুৰ সন্তান এজনে নগাঁৱৰ বৰদোৱাত বসতি কৰে। এই ৰাজধৰেই আমাৰ শঙ্কৰদেৱৰ পিতৃ কুসুমবৰৰ ককাক।
গুৰুচৰিত্ৰ পুথিবিলাকত বাৰভূয়াঁৰ উৎপত্তিৰ বিষয়ে আন প্ৰকাৰে লিখা আছে। গুৰুচৰিত্ৰ পুথিত লিখা মতে হে শঙ্কৰদেৱৰ পথাৱলম্বী সত্ৰবিলাকে কব। এতেকে আমি গুৰুচৰিত্ৰ পুথিত লিখা বিবৰণ হে ঠিক বুলি গ্ৰহণ কৰিলো।
শঙ্কৰদেৱৰ আদি পুৰুষৰ নাম প্ৰেমপুৰ্ণানন্দ গিৰি। তেওঁ অত্ৰি গোত্ৰ সম্ভূত আছিল। চৰিত্ৰ-পুথিত আছে, তেওঁৰ সন্তান নথকা গতিকে কৃষ্ণক উপাসনা কৰি তেওঁ এটি সন্তান লাভ কৰিলে। সেইদেখি সেই সন্তানৰ নামকৰণ কৰা হল কৃষ্ণগিৰি। কৃষ্ণগিৰিৰ পুতেকৰ নাম সুবৰ্ণগিৰি। সুবৰ্ণ গিৰিৰ পুতেকৰ নাম গন্ধৰ্ব্ব গিৰি। গন্ধৰ্ব্ব গিৰিৰ পুতেকৰ নাম ৰাম গিৰি। ৰাম গিৰিৰ পুতেকৰ নাম হেম গিৰি। তেওঁৰ পুতেকৰ নাম হৰিবৰ গিৰি। হৰিবৰ গিৰিয়ে গিৰিযে বহু যত্ন কৰি পুত্ৰলাভ কৰিবৰ অৰ্থে পৰম পুৰুষ ভগৱন্ত কৃষ্ণদেৱক আৰাধনা কৰিছিল; তেওঁৰ দুৰ্ভাগ্যবশতঃ পুত্ৰসন্তান জাত নহৈ কন্যা এটি হল। সেই কন্যাৰ নামকৰণ হল কৃষ্ণকান্তি। কৃষ্ণকান্তি ডাঙৰ হৈ ঘৰতে আছে; ভুয়াঁসকলে তেওঁৰ বিবাহৰ প্ৰস্তাৱ কৰি পঠিয়ালে, কিন্তু কন্যাই কাকো বিবাহ কৰিবলৈ সন্মত নহল। এনেতে অলৌকিক ঘটনা এটি ঘটা বুলি পুথিত লিখা আছে—স্বপ্নত সদাশিৱৰ ঔৰষত কৃষ্ণকান্তি গৰ্ভৱতী হল। এই কথা প্ৰকাশ পালত সকলোৱে কুকথা ৰটনা কৰিবলৈ ধৰিলে। সেইদেখি সদাশিৱই সকলোকে স্বপ্নাদেশ কৰিলে যে তেওঁলোকে কুকথা ৰটনা নকৰিব; কাৰণ তেওঁৰ সন্তানহে কৃষ্ণকান্তিয়ে গৰ্ভত ধাৰণ কৰিছে। পূৰ্ণকালত সেই সন্তান ভূমিস্থ হলত তেওঁৰ নাম লণ্ডাবৰ ৰখা হল। লণ্ডাবৰে এদিন গৰু ৰখি থাকোঁতে তেওঁৰ লগৰীয়া লৰাবিলাকে তেওঁৰ বাপেক নাই বুলি হাঁহিলত, তেওঁ বৰ দুখ কৰি নামাতি বহি আছিল। এনেতে