পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পকি চায়ো নেদেখিলে। উভতি আহি তেওঁ শঙ্কৰদেৱক কলে “বৃষটো বিচাৰি নাপালোঁ; কিবা মায়া হৈ গল নে কি?" শঙ্কৰদেৱে কলে ই আন একো মায়া নহয়; এওঁ ধৰ্ম; তোমাৰ ঘৰত সদায় আছিল। তোমাৰ ভাৰ্য্যা প্ৰকৃতিৰ অংশ; তেওঁ সম্প্ৰতি হৰিত শৰণ লৈছে। এনে- জনা তিৰুতাক তুমি আজি প্ৰহাৰ কৰিছিলা; সেই পাপ কাৰ্য্য দেখি ধৰ্ম্ম তোমাৰ ঘৰৰপৰা আঁতৰি আহিল। এতিয়াই তুমি লালৰিকৈ ঘৰলৈ উভতি যোৱাঁ গৈ তোমাৰ ভাৰ্য্যাক সন্তুষ্ট কৰাঁ; তেনেহলে অৱশ্যে ধৰ্ম আকৌ তোমাৰ ঘৰত প্ৰবেশ কৰিব।” এই কথা শুনি কন্দলিয়ে মহা বিস্ময় মানি, শঙ্কৰদেৱক প্ৰণাম কৰি কলে “হে গুৰু, আপোনাৰ মহিমা কোনে জানিব পাৰে। মোৰ দোষ আপুনি ক্ষমা কৰক। মই এতিয়াই ঘৰলৈ গৈ আপোনাৰ আজ্ঞা পালন কৰোঁ গৈ।” এই বুলি অনন্ত কন্দলিয়ে ঘৰলৈ আহি তেওঁৰ গৃহিণীক তুষ্ট কৰি, এইটো গুৰৰ পৰম কৃপা বুলি মানি কৃতাৰ্থ হল।