একবিংশ অধ্যায়
অনন্ত কললিৰ “উচিছষ্ট ভোজন”
শঙ্কৰদেৱ উজনিত থাকোঁতে তেওঁৰ কাঠৰ মুৰ্ত্তি মদনগোপাল সজা কোৰোলা বাঢ়ৈৰ নাম আমি আগেয়ে শুনি আহিছোঁ। শঙ্কৰদেৱৰ লগত ভক্ত কোৰোলা বাঢ়ৈ ভটীয়াই পাটবাউসী থানত আছিলহি। যাদৱেন্দ্ৰ পুৰি নামে বৈষ্ণৱ সন্ন্যাসী এজন আহি কোৰোলা বাঢ়ৈৰ ঘৰতে আছিলহি। তেৱোঁ শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মত আস্থাবান হৈ শঙ্কৰদেৱে কৰা সকলো শাস্ত্ৰ পঢ়ি তাত অভিজ্ঞ হৈছিল। এদিন একাদশীত বাঢ়ৈয়ে উপবাস কৰি আছিল। সন্ন্যাসীয়ে দেখি বাঢ়ৈক উপবাস কৰি থাকিবলৈ হাক দি কলে, “কলিযুগত ব্ৰত উপবাস সকলো মিছা। তুমি ভালকৈ ভোজন কৰি হৰিনাম লোৱা, নামেহে তোমাক তাৰিব, ব্ৰত উপবাসে নহয়। ভকতৰ কল্পতৰু শ্ৰীমন্ত শঙ্কৰ গুৰুৱে “একাদশ” শান্ত্ৰত লেখিছে “নাপাই- বেক মোক একাদশী উপবাসে।” ই কথা শুনি বাঢ়ৈয়ে মাছ আনি আনমনেৰে ৰান্ধিবাঢ়ি খাবলৈ ইচছা কৰোতেই শঙ্কৰদেৱে শুনি, বাঢ়ৈক খং কৰি কলে “তুমি একাদশীৰ দিনা এনে কাম কৰি ধৰ্মক উপলঙঘা কৰিছা কিয়?”
বাঢ়ৈয়ে উত্তৰ দিলে “বাপ, আপুনি একাদশ পুথিত লেখিছে, “একাদশী উপবাসে, আৰ যোগ ধ্যান ন্যাসে, নাপাইবে আমাক কোনো জনে ” এই বাক্য মনত মানি, একাদশীক তুচ্ছ ভাৰি ভোজনৰ ইচ্ছা কৰিছিলোঁ। যদি অজ্ঞানীৰ দোষ হৈছে, দাস বুলি ক্ষমা কৰক।” বাঢ়ৈৰ এই উত্তৰ শুনি তেওঁ বাঢ়ৈৰ প্ৰতি সদয় হৈ, ৰমানন্দ ঠাকুৰক কলে “বোপা ৰমানন্দ, একাদশ পুথিখন আনা, পদফাকি এতিয়াই কাটি খওঁ।” মাধৱদেৱ ওচৰতে আছিল, তেওঁ গুৰুজনৰ এই কথা শুনি, প্ৰাৰ্থনা কৰি গুৰুক কলে ‘বাপ, এইটো কৰা যুগুত নহয়; যি যেনেকৈ তাৰ অৰ্থ বুজে বুজক, আমাৰ