কণ্ঠভুষণে থৈ, তেওঁৰ চৰণ দুটিত ধৰি সেৱা কৰি ৰল। শঙ্কৰদেৱে তেওঁক
“উঠা, উঠা”, বুলি হাতেৰে তুলি ধৰিলত কণ্ঠভূষণে কলে, “যদি মোক
ক্ষমা কৰিছো বোলে, তেহে মই আপোনাৰ চৰণৰপৰা হাত এৰিম।”
এই কথা শুনি শঙ্কৰদেৱে ক্ষমা কৰিলোঁ বুলিলত, কণ্ঠভূষণে আনন্দিত
মনেৰে আসন গ্ৰহণ কৰিলে। কণ্ঠভুষণে সকলো কথা শঙ্কৰদেৱৰ আগত
বৰ্ণনা কৰিলত, শঙ্কৰদেৱে শাস্ত্ৰখন আদ্যোপান্ত চাই, মাধৱদেৱক কলে
“শাস্ত্ৰখন যেন এটি দিব্য পুৰুষ; তাৰ সকলো অঙ্গ প্ৰত্যঙ্গাদি আছে;
কিন্তু মাথাগোট নাই। যদি একশৰণ ইয়াত থাকিলহেঁতেন তেনেহলে
জগতত এই গ্ৰন্থৰ সমান কোনো গ্ৰন্থ নাই হলহেতেন।” এই কথা শুনি
মাধৱদেৱে শঙ্কৰদেৱৰ হাতৰভৰা পুথিখন নি ভালকৈ চাই কলে
“বাপ, সমস্তৰে শেষত শৰণৰ বিবৰন আছে।” এই বলি তাক শঙ্কৰদেৱক
দেখুৱালত, শঙ্কৰদেৱে মহা আনন্দ লাভ কৰি পুথিখন শিৰত লৈ কলে
“কি মহা দিব্য গ্ৰন্থ। জগতত এই গ্ৰন্থৰ তুলনা নাই। মই যদি অগেয়ে
এই গ্ৰন্থখন পালোহেঁতেন তেনেহলে ইমান পৰিশ্ৰম কৰি “ৰত্নাকৰ” নামৰ
শাস্ত্ৰখন নকৰিলোহেঁতেন।” এই কথা কৈ শঙ্কৰদেৱে ৰত্নাৱলীৰ পদ কৰিবৰ
নিমিত্তে পাত মহী প্ৰস্তুত কৰিবলৈ আদেশ দিলে। ইয়াৰ পিছত এদিন
শঙ্কৰদেৱে ৰত্নাৱলীৰ পদ কৰিবলৈ বহি দুটি মাত্ৰ পদ কৰিছে, এনেতে
তেওঁ ভক্তি-প্ৰেমত অভিভুত হৈ পৰিল, তেওঁৰ হাতৰ পৰা কাপ খহি
পৰিল। এনে হোৱা দেখি তেওঁ মাধৱদেৱক কলে “বঢ়াৰ পো, আমাৰ
পৰা এই পুথিৰ পদ নহয়। তুমি গ্ৰন্থখনি লৈ পদ কৰাগৈ।” গুৰুৰ আজ্ঞা
শুনি মাধৱদেৱে প্ৰণাম কৰি, পুথিখন লৈ গৈ নানা ছন্দে বন্ধে তাৰ পদ
ৰচনা কৰিলে।
⸻