পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


এজন ছাতৰক পেৰা এটা আনিবলৈ কৈ কলে যে “পেৰাটো দেখিলেহে ঠিক বুজিব পাৰিম। পুৰ্ব্বে মোৰ গুৰু বিষ্ণপুৰী সন্ন্যাসীয়ে বাৰ স্কন্ধ ভাগৱতৰপৰা ভক্তিপৰ শ্লোকবোৰ সংগ্ৰহ কৰি ৰত্নাৱলী নাম দি পুথি এখন কৰি এটা পেৰাৰ ভিতৰত থৈ, তাৰ ওপৰত বাৰ স্কন্ধ ভাগৱত থৈ দি, পেৰাটো গজালি থৈ দিলে। সেই পেৰাটো গুৰুৱে আদৰ কৰি মোক দি কলে যে “ব কাৰ আদি স্থানত শ ” কাৰ আদি নামেৰে শদ্ৰ কুলত হৰিৰ অংশাৱতাৰ এজন যেতিয়াই জন্ম হব তেতিয়াই বাৰ স্কন্ধ ভাগৱতৰ তলত থোৱা এই ৰত্নাৱলী গ্ৰন্থখন বাৰ স্কন্ধ ভাগৱতৰ ওপৰলৈ আহিব। এতেকে তেতিয়া পেৰাটো খুলি তুমি এই কথা জানিব পাৰিবা। এজন ব্ৰাহ্মণ আহি সেইজনৰ কথা তোমাক কলে, তুমি সেই ব্ৰাক্ষ্মণজনৰ হাতত ৰত্নাৱলী গ্ৰন্থখন সেইজনলৈ পঠিয়াই দিবা। সেইজন পুৰুষক নমস্কাৰ কৰি মই দুটি শ্লোক ৰচনা কৰি ৰত্নাৱলী গ্ৰন্থৰ তলত থৈ, সেই শ্লোক দুটিও তুমি তেওঁলৈ পঠিয়াই দিবা।”—এইকথা এতিয়া মোৰ মনত পৰিছে। এতেকে শীঘ্ৰে ভাগৱত গ্ৰন্থ থকা সেই পেৰাটো আনা।” এই কথা শুনি ছাতৰজনে পেৰাটো আনিলত, তাক মেলি চালত দেখা গল যে ৰত্নাৱলী শাস্ত্ৰখন বাৰ স্কন্ধ ভাগৱতৰ ওপৰত উঠি আছে। এই কথা দেখি ব্ৰাহ্মানন্দই ধন্য ধন্য তেওঁৰ গুৰু বিষ্ণুপুৰী বুলি প্ৰশংসা, কৰি কলে, “ভাবিছিলো, কাশী বা বৃন্দাবনত এই অৱতাৰ হবহি। এতিয়া দেখিলোঁ নিৰোদক বনত পন্ম উপজিল।” এই বুলি ব্ৰহ্মানন্দই নিজে শঙ্কৰক বন্দনা কৰি আৰু দুটি শ্লোক ৰচনা কৰি, তেওঁৰ গুৰুৰ শ্লোক দুটি আৰু তেওঁৰ নিজৰ দুটি, এই চাৰিওটি শ্লোকেৰে সৈতে ৰত্নাৱলী শাস্ত্ৰখন কণ্ঠভুষণৰ হাতত দি কলে “শুনা কণ্ঠভুষণ, তুমি শঙ্কৰেৰে সৈতে বাদ কৰি জয় হবৰ আশা পৰিত্যাগ কৰা। মোৰ গুৰুৰ বচনৰ প্ৰমাণ এতিয়াই চকুৰ আগত দেখিলা। আৰু মোৰ এই চাৰিট শ্লোকেৰে সৈতে এই ৰত্নাৱলী শাস্ত্ৰখন তুমি লৈ এতি- য়াই যোৱাঁ। গৈ শৰদেৱক দি তেওঁক প্ৰণাম কৰি তোমাৰ দোষৰ বাৰে ক্ষমা প্ৰাৰ্থনা কৰিবা। যেতিয়া তেওঁ ক্ষমা কৰিলোঁ বুলিব, তেতিয়াহে তুমি উঠিবা।”  ব্ৰহ্মানৰ এই আজ্ঞা শুনি কণ্ঠভুষণে ৰাত্নাৱলী গ্ৰন্থখন লৈ কিছুদিনৰ মুৰত পাটবাউসী থান পালেহি। শৰঙ্কদেৱৰ আগত ঠগিত ৰত্নাৱলীখন