পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পতোৱা বহুমুলীয়া সুন্দৰ চোলা এটা তেওঁক বঁটা দি সন্মান কৰিলে। ৰজাই কলে “শুনা দেৱ শঙ্কৰ, এই দগলাটো তোমাক পুৰস্কাৰ দিলো, ই তোমাৰ হে যোগ্য, তুমি ইয়াক পিন্ধিবা।” শঙ্কৰে বিনয় কৰি কলে “মহাৰাজ, মই ইয়াৰ যোগ্য নহওঁ; তথাপি আপুনি যেতিয়া দিছে, ইয়াক মই কৃতজ্ঞ হৈ গ্ৰহণ কৰিলোঁ।” গধুলি হলত ৰজাই সভা বিসৰ্জন কৰিলে, সভাসদ আৰু ব্ৰাহ্মণসকল ঘৰাঘৰি গল, শঙ্কৰদেৱেও তেওঁৰ থকা ঠাইলৈ যাবলৈ বুলি খোজ ললে। তেওঁ বাটত যাওঁতে দলং এখন পাই, অনেক লোকৰ লগত সেই দলঙত যেতিয়া উঠিল, তেতিয়াই তেওঁ দেখিলে হঠাৎ দলংখন ভাগি কিছুমান মানুহ পানীত পৰিল; গোটাদেক মানুহ মৰিলও। এজন লোকে ঠিক সেই সময়তে হৰিধ্বনি কৰিলে। শঙ্কৰদেৱে হৰিনাম শুনি কলে, “মৃতকসকল তৰিল। এজন লোকে যদি হৰিনাম উচচাৰণ কৰে, সেই নাম শুনোতাসকলৰ নিস্তাৰ হয়। ৰজাই দলংখন ভালকৈ নৰখা বাবে সি ভাগি পৰি লোক মৰিল, আৰু সেইসকলৰ বধৰ ভাগী তেওঁ হল; এতেকে ৰজাৰ পাপ খণ্ডি পুণ্য ওপজক, এই নিমিত্তে ৰজাই মোক দিয়া চোলাটো সেই হৰিনাম উচ্চাৰণ কৰোতাজনক দিওঁ।” এই বুলি সেই সোণৰ গুণাৰ কাম কৰা আৰু বাখৰ পতোৱা চোলাটো শঙ্কৰদেৱে সেই লোকজনক দান কৰিলে।

 পিছদিনা শঙ্কৰদেৱে স্নান-দান আদি কৰি নিয়মিত সময়ত ৰাজ সভাত উপস্থিত হলত, বাহ্মণসকলে আগৰদৰে আকৌ তেওঁৰে সৈতে বাদ আৰম্ভ কৰিলে। তেওঁলোকে শাস্ত্ৰৰ যত কূট প্ৰশ্ন কৰে, শঙ্কৰদেৱে সকলোেবোৰৰ তন্ন তন্নকৈ উত্তৰ দিয়ে। কিন্তু শঙ্কৰদেৱে যিবোৰ প্ৰশ্ন কৰে তাৰ উত্তৰ তেওঁলোকে দিব নোৱাৰি আবল-তাবল বকি শেহত হুইমাৰি দি হাই কৰি উঠে। এনে দেখি নৰনাৰায়ণ ৰজাৰ বৰ খং উঠি তেওঁ ব্ৰাহ্মণসকলক কলে “শুনা শুনা দ্বিজগণ কেনে কৰা গৰ্ব্ব। শঙ্কৰক নপাৰিলা কেনে ভৈলা খৰ্ব্ব॥ পুৰ্ব্বহন্তে জানো শ্ৰীশঙ্কৰ বিজ্ঞবৰ। মিছাতে গোচৰ দিলা তোমাৰ বৰ্ব্বৰ॥ ব্ৰাহ্মণ নভৈলে দণ্ডৰেসে যোগ্য হোৱা। এতিক্ষণে সভাৰ উঠিয়া আবে যোৱাঁ॥” এই বুলি ৰজাই পাত্ৰক সম্বোধন কৰি কলে,-“শুনা পাত্ৰ, কুতৰ্কী ব্ৰাহ্মণসকলৰ হাতৰপৰা শাস্ত্ৰবোৰ এতিয়াই কাহি আনি সেইবোৰ খণ্ড খণ্ড কৰি কাটি নৈত পেলাই দিয়া।” ৰজাই এই প্ৰচণ্ড আদেশ শুনি পাত্ৰই তেতিয়াই বিপ্ৰসকলৰ হাতৰপৰা তেওঁলোকৰ