পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সকলে ৰজাৰ আগত লগালে যে “মহাৰাজ, শঙ্কৰৰ অহঙ্কাৰ চাওক; মহাৰাজে সকলোকে সোনকালে সভালৈ আহিবলৈ কলে, কিন্তু শঙ্কৰ এতিয়াও নাহিল; আজি তেওঁৰ আলম-বিলম বাঢ়িল হে।” ঠিক এনে সময়তে শঙ্কৰদেৱ ৰাজসভাত ওলালহি। তেওঁৰ কিয় বিলম্ব হল, এইকথা ৰজাই শৰদেৱক শুধিলত, শঙ্কৰদেৱে কলে “মহাৰাজ, কালি মোক মহাৰাজে যি বস্তু দিছিল, সেই বস্তু ভোজন কৰি সাৱধানে সদাচাৰ কৰি অহাৰ নিমিত্তেহে পলম হল।” ব্ৰাহ্মণসকলে কলে “আমি জানো কিবা নোখোৱাকৈ আহিলোঁ?" শঙ্কৰে এই কথা শুনি কলে “মহাৰাজ এওঁলোকৰ মুখ ধুবলৈ এতিয়াই এওঁলোকক একোৰ্চৰু পানী আৰু দাতখৰিকা দিয়াওক। এওঁলোকে দাত খৰিকাই এতিয়াই চৰুত মুখ ধোৱকচোন, এওঁলোকৰ কেনে সদাচাৰ চোৱাই যাওক।” এইকথা শুনি ৰজাই তেতিয়াই চৰু আৰু খৰিকা অনাই ব্ৰাহ্মণসকলক দিয়ালে; শঙ্কৰকো সেইদৰে দিয়ালে। ব্ৰাহ্মণসকলে ৰজাৰ আজ্ঞা মতে খৰিকা লৈ মুখ ধুই কুলকুলীয়াই মুখৰ পানী পেলালত সেই পানী টুকি দেখা গল যে তাত থোপাথোপে পহৰ মঙহ পৰিছে; আৰু শঙ্কৰদেৱৰ মুখধোৱা পানী নিৰ্ম্মল। এনে দেখি মহাৰাজ নৰনাৰায়ণে মহা ক্ৰোধ কৰি ব্ৰাহ্মণ সকলক কলে “তোমালোক মহা অনাচাৰী। অথচ তোমালোকে শঙ্কৰক অনাচাৰী বুলি কোৱা? মই নিঃসন্দেহে বুজিলো-শঙ্কৰৰ মত শুদ্ধ। তেওঁক তোমালোকে মিছাতে নিন্দা কৰিছিলা।”

 এইদৰে ব্ৰাহ্মণসকলে শঙ্কৰদেৱেৰে সৈতে নৰনাৰায়ণ ৰজাৰ সভাত তিনি মাহ বাদ কৰি শঙ্কৰদেৱৰ হাতত তেওঁলোক সমুলি পৰাস্ত হল। তেওঁলোকে যি তৰ্ককে তোলে, শঙ্কৰদেৱে তাক তন্ন তনুকৈ যুক্তিৰে সংহাৰ কৰে। নৰনাৰায়ণ ৰজাও শাস্ত্ৰজ্ঞ, আৰু সংস্কৃতত পণ্ডিত আছিল। তেওঁ এদিন আঠোটা শ্লোক ৰচনা কৰি আনি ব্ৰাহ্মণসকলক তাৰ অৰ্থ কৰি দিবলৈ কলত, ব্ৰাহ্মণসকলে তাৰ কোনো অৰ্থ কৰিব নোৱাৰিলত, তেওঁ শঙ্কৰদেৱক তাৰ অৰ্থ কৰিবলৈ কলে। শৰদেৱে প্ৰত্যেকটো শ্লোক চাৰি প্ৰকাৰ অৰ্থ কৰি লেখি ৰজাক দিলত, ৰজাই পৰম সন্তোষ পাই শঙ্কৰ দেৱক ধন্য ধন্য কৰি শলাগি কলে, ‘শঙ্কৰ পণ্ডিতৰ অগ্ৰগণী,যাৰ দুজন শ্ৰেষ্ঠ ভকতৰ প্ৰভাৱ দেখি তেওঁলোকক ভোটেও নিনি এৰি থৈ গল।” ৰজাই এই বুলি সভাত শঙ্কৰদেৱৰ প্ৰশংসা কৰি, সোণ আৰু বাথৰ