পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

বুজিছোঁও, তথাপি এওঁলোকৰ আৰু কি সম্বল আছে চাব খুজিছোঁ।” এনে সময়তে ৰজাৰ মলীয়া এটাই এথৈলা জালুক আনি ৰজাৰ আগত দিলেহি। ৰজাই সকলো ব্ৰাহ্মণক সেই জালুক ভগাই দিয়ালে, আৰু আৰু শঙ্কৰদেৱকো দিয়ালে। পোৱা মাত্ৰকে বাহ্মণসকলে জালুক দুটা চাইটাকৈ মুখত দি চোবাবলৈ ধৰিলে; কিন্তু শঙ্কৰদেৱে নকৰা দেখি বাহ্মণসকলে সেইটো ৰজাক দেখুৱাই দি কলে “চাওক মহাৰাজ, ৰাজদত্ত দ্ৰব্য আমি পোৱা মাত্ৰকতে ৰজাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি ভোজন কৰিলোঁ; কিন্তু শঙ্কৰে ৰাজ আজ্ঞা উলঘন কৰি অৱজ্ঞা কৰি নাখালে।” এইকথা শুনি শঙ্কৰদেৱে মাত লগালে, “মহাৰাজ, এওঁলোকে কোৱা কথা ঠিক নহয়। এই জালুকৰ বিষয়ে যি কথা আছে, মই মহাৰাজৰ ওচৰত নিবেদন কৰোঁ : —জালুক পকিলে লোকে পাৰি আনি চৰুত সিজাই, চোতালত মেলি দিয়ে। আদ-শুকান হলে তাক ভৰিৰে লৰাই মেলি দিয়ে। তাৰ পিছত ভালকৈ শুকালে তাক বাঢ়নীৰে সাৰি আনি আঠু আৰু ভৰি লগাই তুলি থৈ দিয়ে। এনে স্থলত সেই বস্তুটো সংস্কাৰ নকৰাকৈ ঈশ্বৰক অৰ্পণ কৰিম কেনেকৈ? আৰু ঈশ্বক অৰ্পণ নকৰি তাক খাম কেনেকৈ? ঈশ্বৰক অৰ্পণ নকৰি যি দ্ৰব্য ভক্ষণ কৰা যায় তাক পুৰীষ সদৃশ বুলি শাস্ত্ৰত কয়। এই কথা হয় নে নহয়, মহাৰাজে ব্ৰাহ্মণ- সকলক শোধক।” ৰজাই শঙ্কৰৰ এই কথা সত্য নে অসত্য ব্ৰাহ্মণসকলক শুধিলত, তেওঁলোেক মৌন হৈ ৰলত, অনন্ত কললিকে আদি কৰি ৰাজ- সভাৰ ব্ৰাহ্মণসকলে বিনয় কৰি ৰজাক কলে যে শঙ্কৰদেৱে কোৱা কথাৰ এক ঘনিষ্ঠা মানো মিছা নহয়। এইকথা শুনি দেশান্তৰৰ বিপ্ৰসকলে আৰু মহা লাজ পাই উত্তৰ নিদি অধোমুখ হৈ ৰল।

 এইদৰে দিনৌ ৰাজসভাত শঙ্কৰদেৱৰে সৈতে ৰাহ্মণসকলে বাদ কৰি কৰি হাৰে। এদিন ৰজা সভাত বহি থাকোতে এজনে হৰিণৰ মাংস আনি ৰজাক ভেটিলে। ৰজাই সেই মাংস সভাসদ ব্ৰাহ্মণ আৰু আন আন সকলোকে বিলাই দি সভা ভঙ্গ কৰি কলে, “কাইলৈ তোমালোক আকৌ আহিবাহঁক।” শঙ্কৰকো ৰজাই পহুৰ মঙহ অলপমান দিলে। সেই দিনা আৰু পিছদিনাও পহুৰ মঙহ খাই ব্ৰাক্ষ্মণসকলে লৰালৰিকৈ ৰাজ সভাত উপস্থিত হল; কিন্তু শঙ্কৰদেৱ আহোঁতে অলপ বিলম্ব হলত, সেই ফেৰা চেলু পায়েই ব্ৰাক্ষ্মণ-