ৰজাই বাহ্মণসকলক শুধিলে, “এতিয়া তোমালোকে কোৱাচোন, শঙ্কৰে কেনেকৈ কি বিষম কৰিলে?” এই কথা শুনি চিলাৰ ব্ৰাহ্মণসকলে কলে “মহাৰাজ, শঙ্কৰে কালী প্ৰতিমা ভাঙ্গিলে, তাক আনি আমি মহা- ৰাজক ইয়াৰ আগেয়ে দেখুৱাইছোঁ।” শঙ্কৰদেৱে উত্তৰ দিলে “মহাৰাজ, এওঁলোকে পাটবাউসীত মোৰে সৈতে শাস্ত্ৰৰ তৰ্ক কৰিবলৈ গৈছিল, শাস্ত্ৰৰ অৰ্থ কৰিব নোৱাৰি লাজ পাই মোৰ ওচৰৰপৰা আহি, পূজাৰ পিছত উটাই দিয়া কালীমূৰ্ত্তি এখনৰ চোহোঙ্গা এটা পানীৰপৰা তুলি আনি মহাৰাজক দেখুৱাইছিল। প্ৰবৃত্তি মাৰ্গৰ আৰু নিবৃত্তি মাৰ্গৰ এই দুই প্ৰকাৰ শাস্ত্ৰ আছে, দুই বিধেই বেদৰ অন্তৰ্গত। কিন্তু নিবৃত্তি মাৰ্গ বেদৰ ৰহস্য। সদায় মন সংযত কৰি নিবৃত্তি মাৰ্গত চলাটো মানুহৰ উচিত; কিন্তু প্ৰবৃত্তি মাৰ্গত চলাসকলক আৰু তেওঁলোকে পূজা অৰ্চ্ছনা কৰা দেৱতাসকলক নিবৃত্তি মাৰ্গত চলোঁতাসকলে কেতিয়াও নিন্দাও নকৰিব বন্দনাও নকৰিব, কেৱল কৃষ্ণকেহে অৰ্চ্ছনা আৰু ভক্তি কৰিব; কৃষ্ণ প্ৰসাদত লোক সংসাৰ- সাগৰ তৰিব। গীতা ভাগৱত যৰ পৰা মই মোৰ ধৰ্ম্মৰ বীজ গ্ৰহণ কৰিছোঁ, সেই গীতা ভাগৱতেও ইয়াকেহে কয়; এইয়ে মোৰ দ্বাৰাই প্ৰচাৰিত ধৰ্ম্মমত, এয়ে তাৰ শিক্ষা। এইকথা নাজানি ব্ৰাহ্মণসকলে মিছাতে মোৰে সৈতে দন্দবাদ কৰিছে, আৰু নানা মিছা কথা কৈ মোৰ গাত কলঙ্ক আৰোপ কৰিবলৈ চেষ্টা কৰিছে। এই ব্ৰাহ্মণসকলে ভালকৈ শাস্ত্ৰৰ তত্ত্ব নাজানে, শাস্ত্ৰৰ শ্লোকৰ, বাক্যৰ অৰ্থ বা শব্দৰ প্ৰকৃত অৰ্থ পৰ্য্যন্ত এওঁ লোকৰ জনা নাই, অথচ এওঁলোকে পৰৰ বিপক্ষে এনেবিলাক নিন্দা প্ৰচাৰ কৰি ফুৰে। বাৰু মহাৰাজ, মই এওঁলোকক শোধোঁচোন, এওঁলোকে কওক-“দ্বিজবন্ধু’ কাক বোলে?”
ব্ৰাহ্মণসকলে উত্তৰ দিলে “বিধৱাৰ পুত্ৰক দ্বিজবন্ধু বোলে।” এই উত্তৰ শুনি শঙ্কৰদেৱে নৰনাৰায়ণ ৰজাক সম্বোধন কৰি কলে “মহাৰাজ, শুনক এতিয়া; এওঁলোকে নিজক পণ্ডিত বোলাই ফুৰে, অথচ শাস্ত্ৰৰ সামান্য শব্দ এটাৰে মানে নাজানে। মহাৰাজ, দ্বিজবন্ধু মানে অধম দ্বিজ। যিসকলে কন্যা বিক্ৰি কৰে, নিজৰ নিত্যকৰ্ম নাচৰে, তেওঁলোককে দ্বিজবন্ধু অৰ্থাৎ দ্বিজ বোলে। বাৰু আকৌ এওঁলোকক শোধোঁ,-নখ, কেশ, আৰু দন্ত শুচি নে অশুচি!” ব্ৰাহ্মণসকলে উত্তৰ দিলে, সেই এটাইবোৰ অশুচি। শঙ্কৰদেৱে কলে, “সেইবোৰও শুচি।” এই কথা শুনি ব্ৰাক্ষ্মণ