পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

শঙ্কৰদেৱে আসন গ্ৰহণ কৰি কলে যে পণ্ডিত ব্ৰাহ্মণসকলে প্ৰথমতে তোটয় ভটিমাৰ অৰ্থ কওক। ব্ৰাহ্মণসকেল তাৰ অৰ্থ ভাবি মৌন হৈ থকা দেখি ৰজাই শঙ্কৰদেৱক অৰ্থ ব্যাখ্যা কৰিবলৈ কৈ ব্ৰাহ্মণ সকলক সম্বোধন কৰি কলে “ভাল, ভাল, তোমালোকে প্ৰথমতে হটিলা।” শঙ্কৰদেৱে ৰাজ আজ্ঞা পালন কৰি তাৰ চাৰি প্ৰকাৰ অৰ্থ কৰি শুনালত, ৰজাই পৰম প্ৰীতি লভি শঙ্কৰদেৱক প্ৰশংসা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত ৰজাই শঙ্কৰদেৱক কলে “শুনা শঙ্কৰ, বাহ্মণসকলে তোমাৰ বিৰুদ্ধে মোৰ ওচৰত গোচৰ দি কৈছে যে তুমি হেনো তুলসী নোলোৱা, গীতা শাস্ত্ৰ নামানা, পূজা হোম যাগ-যজ্ঞ সকলোকে বিসৰ্জন কৰিছা, দেৱতাৰ প্ৰতিমা ভাঙিছা; এইবোৰ সঁচা নে মিছা, মোক ভালকৈ কোৱা?” শঙ্কৰদেৱে কৰযোৰ কৰি উত্তৰ দিলে—“মহাৰাজ, এইবোৰ কথা সত্য নহয়। মই হৰিৰ ভক্ত, তুলসী নহলে হৰিৰ পূজাই নহয়; মোৰ মূৰত তুলসীৰ মালা আছে দেখক।” এই বুলি তেওঁ মুৰৰ চুলিৰ ভিতৰৰপৰা তুলসীৰ মালা উলিয়াই ৰজাক দেখৱালে; আৰু কলে -“মই গীতাৰপৰা আনি কৃষ্ণত একশৰণ ধৰ্ম্ম প্ৰচাৰ কৰিছোঁ গীতা আৰু ভাগৱত শাস্ত্ৰই আমাৰ ধৰ্ম্মৰ শাহ; ভাগ- ৱতৰপৰা ন বিধ ভক্তি আনি প্ৰকাশ কৰিছোঁ, সেই ভক্তিৰ ভিতৰতে পূজা আছে; কিন্তু বিষ্ণুৰ বাহিৰে আৰে দেৱী দেৱ মোৰ পূজ্য নহয়; সাত্ত্বত তন্ত্ৰ, পঞ্চৰাত্ৰ তন্ত্ৰ, আৰু বেদ বেদাঙ্গৰো মত সংগ্ৰহ কৰি মোৰ প্ৰচাৰিত ধৰ্ম্মৰ অন্তৰ্গত কৰিছোঁ; এনে স্থলত মই কেনেকৈ অনাচাৰী হলো কব নোৱাৰো।” এই উত্তৰ শুনি ব্ৰাহ্মণসকলৰ মুখ কলা পৰি গৈ তেওঁলোকে অসংলগ্ন কথাৰে ৰজাক বুজাবলৈ চেষ্টা কৰা দেখি ৰজাই কলে “বাৰু আজিলৈ সভা বিসৰ্জন কৰিলোঁ, কাইলৈ এইবোৰ বিষয়ে ভালকৈ মীমাংসা কৰা যাব।” এই বুলি ৰজাই সভা ভঙ্গ কৰি ভিতৰলৈ গল, আৰু আন আন সকলো ঘৰাঘৰি গল। শঙ্কৰদেৱ সেইদিনা তেওঁৰ থকা ঠাইলৈ গলত, চিলাৰায় আৰু ৰাণী ভুবনেশ্বৰীয়ে তেওঁৰ জয় বাৰ্তা শুনি পৰম সন্তোষ পালে।

 পিছদিনা প্ৰভাততে শঙ্কৰদেৱে স্নান-দান কৰি ৰজাৰ ঘৰলৈ যাবলৈ প্ৰস্তুত হলত চিলাৰায়ে তেওঁৰ লগত মানুহ-দুনুহ দি মহা আড়ম্বৰ কৰি তেওঁক পঠিয়াই দিলে। শঙ্কৰদেৱ ৰাজভাত প্ৰবেশ কৰিলত ৰজাই তেওঁক আসন গ্ৰহণ কৰিবলৈ কলে। শঙ্কৰদেৱ আগদিনাৰ ঠাইতে বহিল।