বিদুষা মন মণ্ডন কম্বু গলং,
গল শোভিত কৌস্তভ ভীম বলং,
বলভদ্ৰ সহোদৰ সভ্য বপুং,
বপু নিৰ্দ্দিত বিশ্ব মুৰাৰি বিপুং,
ৰিপু যূথপ যূথপ দপহৰং,
হৰমৌলী নিঘৃষ্ট পদাম্বুপৰং,
পৰলোক সহায় সহস্ৰ মুখং,
মুখৰালিকুলাবুল মাল্য সুখং,
সুখ মোক্ষদ দক্ষ বমা ৰমণং,
মনসোপবিময সহস্ৰ ফণং,
ফণতোসি নতোস্মি নতোস্মি হৰিং,
হৰিবৈৰী কৃতাসন ভোগ্য হৰিং,
হৰি কিঙ্কৰ শঙ্কৰ ঈশপদে
পদমিচ্ছন গাযতিচামৃতদে॥”
ইয়াৰ পিছত শঙ্কৰদেৱে আৰু এটি ভটিমা গলে,--
“জয় জয় মল্ল নৃপতি ৰসবান।
যাকেৰি গুণগণ নাহিকে সমান॥” ইত্যাদি।
এইটো গোৱাৰ পিছত তেওঁ ৰজাক আশীৰ্বাদ কৰিলে। ৰজাই শঙ্কৰদেৱৰ পাণ্ডিত্য, আৰু ধীৰ গম্ভীৰ মনোমুগ্ধকাৰী সুন্দৰ প্ৰশস্ত মূৰ্তি দেখি মোহ গৈ, শঙ্কৰদেৱক সেই তোটয আৱ ভটিমাৰ অৰ্থ ব্যাখ্যা কৰি কবলৈ কলে, আৰু তেওঁক বহিবলৈ শীঘ্ৰে কম্বল দিবলৈ বাৰে বাৰে আদেশ কৰিলে। ৰজাই পুনঃ পুনঃ “কম্বল আন, কম্বল আন” কৰিছে, আৰু ৰজাৰ দুতে খপ জপৰ লগাই লৰি কম্বল বিচাৰি ফুৰিছে। শঙ্কৰদেৱৰ লগত তেওঁৰ কম্বল “কমলি ধৰা পৰমানন্দ আতৈয়ে” লৈ গৈছিল; কিন্তু পৰমানন্দই সেই কম্বল লৈ ব্ৰাক্ষ্মণসকলৰ পিছফালে কঁপি-জপি আছে। ইফালে কম্বল অনাত বেলি হোৱা দেখি ৰজাই প্ৰচণ্ড বাণীৰে “কম্বল আন” “কম্বল আন” লগাই দিছে। ৰাজ সভাত এই দৃশ্য। বাহ্মণসকলে এনে বিসদৃশ ঘটা দেখি ৰজাঘৰীয়া কম্বললৈ বাট নাচাই লৰালৰিকৈ কমলি-ধৰা পৰমানন্দৰ হাতৰ কম্বলখনকে আনি হতাহতি কৰি দিলত গৰমলিযে লৰালৰিকৈ তাকে পাৰি দিলে। ৰজাৰ আদেশমতে শঙ্কৰদেৱ সেই কম্বলতে বহিল।